জোনাক

…..ৰুণজুন বৰুৱা…..

কথাবোৰটো এনে নাছিল।
শেষ বুলিয়েই সম্পৰ্ক এটা শেষ হৈ যায় জানোঁ!

ভালপোৱা আছে বাবেইটো সুধিছিল তাই,
“তোমাৰ আৰু কিমান দেৰি ঘৰলৈ উভতিবলৈ?”

কিন্তু !
নহব বুলি ভবাটোৱে দেখোন হৈ যায় ।

“এইবাৰ তোমাক এৰি নাযাওঁ ,বহুত চিন্তা কৰি তোমাৰ সৈতে relationship ত আহিছো, তোমাক ভালপোৱা হৈছোঁ মই নিজেই নজনাকৈ সেইবাবেইটো তোমাক ফোনত ব্যস্ত পালে খং উঠে মোৰ আজিকালি।”
“সঁচা?”
অষ্টমী পূজাৰ মন্ত্ৰোচ্চাৰণত মুখৰ হৈ থকা পৰিৱেশটোৰ মাজতে তাইৰ চকুত চকু ৰাখি প্ৰেমৰ মুক্ত প্ৰকাশ কৰা পলাশক অচিনাকী লাগিছিল তাইৰ।

অবিশ্বাস্য আছিল তাইৰ বাবে, তিনিবাৰকৈ সম্পৰ্কত বান্ধ খাইয়ো খুব কমদিনত অকাৰণত তাইক এৰি যোৱা লৰাটো, যাৰ বাবে তাই প্ৰেম কি নুবুজা দিনৰে পৰা ভালপোৱা পুহি ৰাখিছে, সি আকৌ তাইক ভালপাওঁ বুলি কৈছে।

তাৰ তিৰবিৰাই থকা চকুহালত প্ৰতাৰণা নাছিল। তাই চাই ৰব পৰা নাছিল তাৰ চকুত চকু থৈ। এসোপা লাজত মেকাপ বিহীন গাল দুখন ৰঙা যে পৰিছে তাই নিজেই অনুভৱ কৰিব পাৰিছিল ।

চকুহাল দেৱীৰ চৰণত থাপি মনৰ মাজতে আওৰাইছিল তাই, এইবাৰ তাক সম্পূৰ্ণকৈ মোৰ হ’ব দিয়া মা,মোৰ ইমান দিনৰ অপেক্ষা সঁচা কৰা মা।

ব’লা যাওঁ , ইয়াতেই দৰক লাগি ৰৈ থাকিবা নেকি…? তাইৰ হাতখনত ধৰি কৈ উঠে সি।

ইমান সহজ আচৰণ তাৰ, উফ যেন সিহঁত বহু আগৰে পৰাই আছে এটা সম্পৰ্কত।

তাৰ আচৰণ এজন পৰিপক্ক প্ৰেমিক দেখে তাই।
উফ, ই মানে এইবাৰ সচাই মোৰ প্ৰেমত পৰিল।কথাটো ভাবি যে এটা কঁপনি অনুভৱ কৰে তাই ।এই যেন বকুৰ মাজত হাজাৰ ঘোঁৰাৰ চেঁকুৰ।

“তোমাৰ অনুমতি নোহোৱাকৈ তোমাক মোৰ গার্লফ্রেণ্ড বুলি কালি লগৰ কেইটাৰ আগত কোৱা কাৰণে বেয়া পাইছিলা নেকি? “
কি যে সোধে এই লৰাটোৱে,
তাৰ নামৰ সৈতে নিজৰ নামটো সাঙোৰ খোৱাৰ হেঁপাহটো অতদিনৰ পুৰণি। তাই বাৰু কেনেকৈ বেয়া পাব পাৰে তাক।

“অমৃতাই মোক ভালপায়?”

“কি ফালটু কথা কওঁ বে?”

তাইৰ স্কুলৰ প্রিয় বান্ধৱীজনীয়ে তাক তাইৰ ভালপোৱা জনাওঁতে হু হোৱাই হাঁহি হাঁহি কৈছিল সি,
“মোক ভালপায় যদি হাত কাটি প্ৰমাণ দিবলৈ কবি তাইক।”

বেৰৰ ইপাৰৰ পৰা শুনি আছিল তাই কথাবোৰ। নতুনকৈ সজা প্ৰাইভেট স্কুলখনৰ ইকৰাৰ বেৰৰ সিপাৰে তাই যে ৰৈ আছিল জনা নাছিল পলাশ অথবা তাইৰ প্রিয় বান্ধৱী অম্লানিকাই। আঁতৰি আহিছিল অমৃতা। ভাবিছিল কথা শেষ হৈছিল ।কিন্তু তাৰ পিছত অম্লানিকাই সুধিছিল তাক,

“তাই যদি হাত কাটি প্ৰমাণ দিয়ে ,তই তাইক এক্সেপট কৰিবি নে পলাশ?”

“তাই মোৰ টাইপৰ নহয় , তাইক যে মই গার্ল ফ্রেণ্ড নবনাও আৰু, ধেই!এনেই জানিব মন গৈছে কিমান ভালপায় মোক , যাওঁ দে খেলিবলৈ দেৰি হৈ আছে।

নজনাৰ ভাও জুৰি সুধিছিল অমৃতাই অম্লানিকাক,

“কি কলে সি?”
“তাৰ গার্লফ্রেণ্ড আছে, গতিকে তই এইবোৰ ভাবি নাথাকিবি?তই ভাল লৰা পাবি চাবি!”

পলাশে কোৱা কথাবোৰ লুকুৱাই ৰাখিছিল অম্লালিকাই, প্রিয় বান্ধৱী জনীক কষ্ট দিব খোজা নাছিল বাবেই তাই।

বুৰ্বকটোৰ দৰে পিছদিনা বগা চূৰ্ণীৰ আঁৰত কটা হাতখন লুকুৱাই স্কুল আহিছিল তাই।প্ৰমাণ দিব তাই পলাশক, হাতখন কাটিলেই যদি অমৃতাৰ ভালপোৱাত তাৰ বিশ্বাস জন্মে, তেন্তে কিনো ডাঙৰ কথা সেইটো।

কুকুৰে নোখোৱাকৈ গালি দিছিল অম্লালিকাই তাইক। কি দৰকাৰ এইবোৰ কৰিবলৈ। কিন্তু অমৃতাৰ কাণত সোমোৱা নাছিল কোনো কথাই। কুতুৰি আছিল অম্লানিকাক যা না তাক মাতি আন, প্ৰাৰ্থনা আৰম্ভ হোৱাৰ আগতেই।

উপায়ন্তৰ হৈ লৈ আনিছিল পলাশক তাইৰ ওচৰলৈ অম্লালিকাই।

তাইৰ ক্ষিণ হাতখনৰ মণি বন্ধনৰ ওচৰতে ব্লেডৰ পৰশত ৰঙা পৰি মাজে মাজে তেতিয়াও তেজ ফুটি ওলাওঁ হৈ থকা ঠাই ডোখৰত দৃষ্টি গৈছিল তাৰ।

আবেগিক হোৱা নাছিল পলাশ। স্পষ্টকৈ কৈছিল,

” মই তোমাক ভাল নাপাওঁ অমৃতা, তোমাৰ কাৰণে মোৰ তেনেকুৱা একো অনুভৱ নাই, মই কালি ধেমালি কৰিহে কৈছিলো। নেক্সত টাইম এনেকুৱা নকৰিবা। “

চকুৰ পাহি তিয়াই বৈ অহা চকুপানীখিনি মোহাৰি থৈছিল তাই।
“প্ৰেম জোৰ কৰি আদায় কৰিব নোৱাৰি, একো নাই অম্লানিকা, মই তাক বেয়া নাপাওঁ।”

তাইহে বুজাইছিল অম্লালিকাক, আচলতে সেইয়া অমৃতাই নিজে নিজক দিয়া শান্তনা আছিল।

“তোৰ যদি ভালপোৱা সঁচা চাবি এদিন সি নিজে আহিব তোৰ ওচৰলৈ, ভগৱান আছে তই চিন্তা কৰি নাথাকিবি।”

অম্লানিকাৰ কথাত আশ্বস্ত হ’বলৈ চেষ্টা কৰিছিল তাই।

তাৰ পিছৰ পৰাই লুকাই চুৰকৈহে পলাশক চাইছিল তাই।অমৃতাৰ লাজ লাগিছিল তালৈ ভীষণ লাজ।

স্কুল বাগৰি কলেজীয়া হৈ উনিভাৰ্চিটি পোৱাৰ পিছতো অম্লানিকাৰ কথাষাৰ বুকুত বাজিছিল অমৃতাৰ।

“তোৰ যদি ভালপোৱা সঁচা, সি নিজেই আহিব এদিন তোৰ ওচৰলৈ। “

আহিছিল সি কিন্তু অহা বাটেৰে উভতিও গৈছিল সি। প্ৰতিটো কথাই ফোনত অম্লানিকাক কোৱা অমৃতাই গালি শুনিছিল তাইৰ পৰা। সি আহে তোৰ ওচৰলৈ, একো নোকোৱাকৈ গুচি যায় তোক এৰি, তেন্তে আকৌ কিয় আহিব দিয় তাক। তৃতীয়বাৰৰ বাবে পলাশে আধা বাটত তাইক এৰি যোৱা পিছত কথা দিছিল অম্লানিকাক তাই,

“বিশ্বাস কৰ না, আৰু মই তাক সুবিধা নিদিওঁ।যিমান যি কলেও মই তাৰ সৈতে আৰু ৰিলেচনত নাহো। i promised u…..”

কিন্তু? কিন্তু আৰু কি

পূজাৰ বন্ধত তাই ঘৰলৈ অহাৰ পোন্ধৰ বিশ দিনৰ আগত হঠাৎ এদিন তাইৰ ফোনত এটা বিশেষ মেছেজ,

“অমৃতা ঘৰ কেতিয়া আহিবা!”

বাধা কেনেকৈ দিয়ে তাই নিজকে ।পলাশে সুধিছে তাইক ,তাই কেতিয়া ঘৰলৈ যাব। ৰিপ্লাই নকৰাকৈ কেনেকৈ থকা যায়।

“পূজাত যাম পলাশ, সম্ভৱ ষষ্ঠী দিনা”

হোৱাটচাপৰ শুদ্ধ চিন দুডাল মুহূৰ্ততে নীলা হৈ পৰে। পলাশ typing……….
কথাবোৰ বাঢ়ি যায়।
শাৰদী দেৱী মৰ্ত্যলৈ নামে।
“বাছ ষ্টেণ্ডৰ পৰা মই তোমাক আনিব যাম , কিমান সময়ত পাবাহি?”

নিজৰে বিশ্বাস নহয় তাইৰ । তথাপিও তাই জনাই সময়তো।
বুকুত ৰুণজুন গতি অনুভৱৰ।

“তোৰ যদি ভালপোৱা সঁচা এদিন সি নিজেই আহিব তোৰ ওচৰলৈ। “

অমৃতবাণী ষাৰ আওৰাই তাই।
নিজকে গালি দিয়ে অমৃতাই।

“ইমান উন্মনা কিয় হৈছে তই, তিনিবাৰকৈ ঠগিলে ,লাজ নাই তোৰ। নিলজ্জ।।”
নাভাবো তাৰ কথা ,
“একদম নাভাবিবি দেই পলাশৰ কথা”

নিজৰ মনটোক সাৱধান কৰে অমৃতাই।

তথাপিও

বাছ ষ্টেণ্ডটো পাবলৈ অলপ দেৰি থাকোতেই পলাশৰ নম্বৰটো ডায়েল কৰে তাই।

ফোনটো বন্ধ তাৰ, কম্পিউটাৰৰ যান্ত্ৰিক মাতটোৱে টেপটেপাই উঠে।

বিৰাট খং উঠে নিজৰ ওপৰতে তাইৰ।
নিজকে চৰিয়াই দিবলৈ মন যায় অমৃতাৰ।

ইমান অবাধ্য মন তই।

মেছেজ এটাৰ সৈতে কঁপি উঠা মোবাইলটোৰ স্ক্ৰীনত অচিনাকী নম্বৰ এটাৰ পৰা পলাশৰ মেছেজ।

“মোৰ ফোনত চার্জ নাই বন্ধ কৰি থৈছোঁ, তুমি আহি পালে ইয়াত ফোন কৰিবা, মই বাছ ষ্টেণ্ডটোতে ৰৈ থাকিম। যাবলৈ ওলাইছোঁ।”

ৰিপ্লাই নকৰে অমৃতাই, নিজকে কয় তাই ফোনো নকৰো, চিধাই অটো এখনত উঠিম আৰু যাম গৈ।

কিন্তু তাইক অবাক কৰি পলাশ ৰৈ থাকে।

খৰধৰকৈ তাইৰ হাতৰ পৰা পিঠিৰ বেগটো আৰু ট্ৰলিটো লৈ লয় সি।

পিঠিত বেগটো আঁৰি লৈ তাইক হাতত ধৰি লৈ যায় সি।

“বাটত কষ্ট হৈছিল নেকি , গা বেয়া লাগিছে নেকি, বাছখনৰ দেৰি কিয় হ’ল,” নানান প্ৰশ্ন পলাশৰ।

তাই মাথোঁ মন্ত্ৰ মুগ্ধ হৈ চাই থাকে তাক।

খোকোজা নলগাকৈ এটা প্ৰেমিকৰ দৰে আচৰণ কৰে সি।

অমৃতাক আৰু আচৰিত কৰি তাইৰ ট্ৰলি বেগটো কোনোবা অচিনাকি লৰা দুজনলৈ আগুৱাই দি সি সিহঁতক উদ্দেশ্য কৰি কৈ উঠে।

“মোৰ গার্ল ফ্রেণ্ড”

“আৰু অমৃতা ইহঁত মোৰ ভাল বন্ধু সমীৰ আৰু চিন্ময়”

যন্ত্ৰবৎ হাঁহি এটা আঁৰি লৈ তাই প্ৰীতি সম্ভাষণ জনাই সিহঁতক।

“মই পলাশৰ গার্ল ফ্রেণ্ড নেকি?”

নিজকে সোধে তাই।

“ই চাগৈ নিচাত আছে। বাদ দে । তই এইবোৰ ভাবিব নালাগে ,এনেই কৈছে সি।”

নিজেই নিজক বুজাই অমৃতাই।

তাৰ বাইকৰ পিছ ফালে বহি তাৰ কান্ধত থোৱা হাতখনত হাত ৰাখে পলাশে।

তাৰ হাতৰ পৰশত অমৃতা ওলাই আহে পাৰহৈ যোৱা সময়খিনিত ভ্ৰমণ কৰি থকাৰ পৰা।

খুব কোমলকৈ মাতে সি।
“অমৃতা?”
“উম”
“তুমি একো নক’লা ?”
“কিনো কওঁ”

“এই যে মই কলোঁ, এইবাৰ তোমাক এৰি নাযাওঁ বুলি ভাবি তোমাৰ জীৱনলৈ আহিছোঁ,তুমি তাত একো reaction দিয়া নাই কিয়?”

“তোমাৰ বাবে মই সদায় অপেক্ষা কৰো পলাশ, তেনেস্থলত তুমি নিজে আহিম বুলি কলে মই তোমাক জানো বাধা দিব পাৰোঁ?”
তাইৰ হাতখন নিজৰ কান্ধৰ পৰা নমাই পেটত ধৰাই দিয়ে সি, আৰু তাইৰ হাতৰ ওপৰত হাতখন ৰাখি খুব গম্ভীৰ সুৰত কৈ যায় পলাশে,

” তোমাৰ লগত বহুত বেয়া কৰিছোঁ মই অমৃতা,সেইবাবে তোমাৰ কষ্ট হৈছে মোক বিশ্বাস কৰিবলৈ। কিন্তু এইবাৰ মই সঁচাই তোমাৰ প্ৰেমত পৰিছোঁ। বহুত দিনৰ পৰাই তোমাক লৈ অনুভৱ কৰা হৈছোঁ। মাথোঁ তোমাক কোৱা নাছিলোঁ।”

মৌন হৈ ৰয় অমৃতা। কি কব তাই, প্ৰেমৰ পৃষ্ঠাৰ লাইখোটা এই লৰাটো, তাক জানো অবিশ্বাস কৰা যায়। কিন্তু?

“তুমি যে আঁতৰি যোৱা তেতিয়া বহুত কষ্ট পাওঁ পলাশ। ভালপাওঁ তোমাক বহুত। আঁতৰি যাবা বুলি হে মই ভয় কৰো। তোমাক মোৰ জীৱনলৈ অহাত বাধা দিব নোৱাৰো কোনো কালে, পলাশ কেৱল তুমি কথা দিয়া আগৰ কেইবাৰৰ দৰে নহয় কথাবোৰ।”

কোনো পূৰ্ব পৰিকল্পনা নোহোৱাকৈ কৈ দিয়ে অমৃতাই হৃদয়ৰ কথাবোৰ।

তাইৰ হাতখনত চুমা এটা আঁকি দিয়ে সি।

তাৰ পিঠিত মূৰটো পেলাই অমৃতাই আকৌ এবাৰ আওৰাই তাইৰ প্রিয় প্ৰাৰ্থনাটো।

“তাক মোৰ হ’ব দিয়া প্ৰভু…..”
দুয়োটাৰ বুকুতে প্ৰেমে ৰুমঝুম নেপুৰ বজাই অম্লালিকাৰ কথাষাৰ সঁচা কৰে, অৱশেষত ।

“প্ৰত্যেকবাৰ পূজা আহিলে আমি এনিভাৰ্চেৰি পাতিম দেই পোৱালী”

ফোনৰ দুটি পাৰত ভালপোৱাৰ সুবাস বিয়পে। ভিডিও ক’লবোৰে দুৰত্ববোৰক উপহাস কৰি সম্পৰ্কটোক নিমজ গতি দিয়ে। পলাশৰ ব্যৱসায়িক ব্যস্ততা অমৃতাৰ ক্লাছৰ হেঁচা সকলোবোৰ মাজৰে প্ৰেমৰ নাওখন গৈ থাকে। টোপনিৰ ৰজা পলাশৰ টোপনিক লৈ কাজিয়াবোৰ লাগে, পলাশে অমৃতাৰ অভিমান ভাঙে।

অমৃতাৰ অপেক্ষাবোৰে পলাশৰ ৰঙেৰে হাঁহে।

মিঠা মিঠা অনুভৱবোৰ অম্লালিকাক জনাই তাই।

“সুখী হ’ তই। ভালকৈ থাকিলেই হ’ল তহঁত। “

শুভাশা দিয়ে অম্লানিকাই। প্রিয় বান্ধবীৰ অপেক্ষাৰ ৰংটো ৰঙীন বাবেই তাইয়ো সুখী হয়।

তথাপিও বিষাদ নামে সিহঁতৰ প্ৰেমৰ পথাৰত।
অবাঞ্চিত ভাবেই ।

তাই আব্দাৰবোৰ বিৰক্তিকৰ হৈ উঠে পলাশৰ আৰু তাৰ ব্যস্ততা অসহনীয় হৈ পৰে অমৃতাৰ।

“বাৰে বাৰে যে ফোন কৰা ,মই লগৰ বোৰৰ লগত থাকিলে কিয়?”
” তোমাৰ কিমান দেৰি হ’ব সুধিবলৈ হে কৰিছিলোঁ”
পলাশৰ উষ্মা ভৰা কথাষাৰত মাতটো কঁপি উঠে অমৃতাৰ।
ফোনটো ৰাখি থৈ কিতাপখন মেলি লয় অমৃতাই।

মনটোৰ উচপিচনিবোৰ কমাব নোৱাৰি আকৌ ফোনটো কৰে তাই।
নাই ফোনটো ৰিচিভ নকৰে পলাশে।
11.30 বাজি যায় ,ইমান দেৰি ফোন কৰা নাই সি। 10.30তাতে শুই যোৱা লৰাটোৱে ইমান দেৰি লগৰ বোৰৰ লগত আছে। মোক কিন্তু সদায় 10.30 তে শুবলৈ কৈ শুই যায় সি।। মোক মানে গুৰুত্ব নিদিয়ে ই।

অভিমান বাঢ়ি আহে।
আকৌ ফোন লগায় অমৃতাই।

এইবাৰ ৰিচিভ কৰিয়ে গৰজি উঠে সি

“মাথাত কথা নোসুমাই নেকি?, ফ্রেণ্ড লগত আছোঁ বুলি কলে।”
তায়ো উষ্মাৰে কৈ উঠে সদায় যে তোমাৰ ইমান জলদি টোপনি আহে আজি ক’ত গ’ল টোপনি তোমাৰ?

“আজি যে লগৰ কেইটাক ইমান দিন মূৰত লগ পাইছোঁ সেইটো গম পাইছা নে নাই?”

“তাৰ মানে মই মানে ordinary হৈ গলো তোমাৰ ওচৰত?”
“তোমাক কথা কৈ কি লাভ,তুমি সদায় নিজৰটোৱে বুজিবা।”

“তুমি মোক গুৰুত্ব নিদিয়া আজি কালি ,সেইটো মই কেনেকৈ সহ্য কৰো কোৱা?”

“তোমাৰ স্বভাৱৰ কাৰণে মোক লগৰ কেইটাই কথা শুনাই,মোৰেই অকল গার্ল ফ্রেণ্ড আছে নেকি বুলি, মই লাজ নাপাওঁ নেকি কোৱা?”

“অমৃতা তুমি তোমাৰ মতে মোক চলাব খোজা ।মই তেনেকুৱা লৰা নহয়। নোৱাৰিছোঁ আৰু মই এনেকৈ”
“মানে?”
“মই ভাবো আমি ব্ৰেক আপ কৰাই ভাল, তোমাৰ লগত মই এনেকৈ থাকি অশান্তি পাইছোঁ॥”

মৌন হৈ ৰৈ যায় অমৃতা।কি কয় এই লৰাটোৱে। সি কৈ যায় অনৰ্গল।

“বহুত দিনৰ পৰাই মই কামোৰ পাই আছোঁ মই তোমাৰ লগত। তুমি মোক বান্ধি ৰাখিব খোজা, তোমাৰ মতে ঢাল খোৱাই লব খোজা। মনত ৰাখিবা হাতৰ তলুৱাত বালি ৰাখি যিমান টানকৈ মুঠি মাৰিবা, হাতৰ পৰা সিমানেই বালি ওলাই যাব।”

উচুপনিবোৰ ভাঁহি থাকে তেতিয়া । এপলক তাইৰ কান্দোনৰ শব্দত ৰৈ যায় সি।

“তোমাক কৈছিলোঁ নে মই, হকে বিহকে কান্দি নাথাকিবা, এনে এটা দিন আহিব তোমাৰ চকুপানীৰ মোৰ ওপৰত একো প্ৰভাৱ নপৰা হব। আজি সচাই মই অনুভৱ কৰা নাই একো”

“তুমি যদি মোৰ লগত ইমানেই অশান্তি পাইছা মই তোমাক মোৰ সৈতে থাকিবলৈ নকওঁ পলাশ। তুমি মুক্ত । মই তোমাক কেতিয়াও বান্ধিবলৈ চেষ্টা কৰা নাই।”
ঠুকাথুকি মাতেৰে কোনো মতে কথা কেইটা কয় অমৃতাই।

“ঠিক আছে বাই। “

সংযোগ বিছিন্ন হৈ পৰে ফোনটোৰ।

চকুপানীবোৰ আৰু সামৰি ৰখা নাযায়। ফেনখনৰ স্পীদটো বঢ়াই দি শশব্দে কান্দি উঠে অমৃতা।

মেলা খিৰিকীৰে তাইৰ চকুত পৰে শৰতৰ বতৰা লৈ শেৱালিজোপাই কলি পেলাইছে।
এটা বছৰ সম্পূৰ্ণ নৌহঁতেই, আজীৱন লগত থকাৰ প্ৰতিশ্ৰুতি দিয়া পলাশে তাঁহাতৰ সম্পৰ্ক শেষ কৰাৰ সিদ্ধান্ত লৈছে। বিশ্বাস নহয় তাইৰ।

দেৱীৰ চৰণযোৰ স্মৰণ কৰি বুকুৰ প্ৰাৰ্থনাটো পুনৰ এবাৰ খৰলৈ আওৰাই তাই

“মা পলাশক মোৰ হবলৈ দিয়া!”

বুকুখন হেঁচি ধৰি নিজকে প্ৰবোধ দিয়ে অমৃতাই, নাই সি আঁতৰি নাযায় ।

সচাই তাইৰ বিশ্বাস জিকি যায়।

ফোনৰ স্ক্ৰীনখন পোহৰ কৰি জিলিকি উঠে

পলাশ কলিং……….

ৰাতি তেতিয়া 10.20 মিনিট, শোৱাৰ আগত তাইলৈ ফোন কৰাৰ অভ্যাস যে পলাশৰ।
অমৃতাৰ গোমোঠা মুখখনত এটা মিচিকি হাঁহিয়ে তৎক্ষণাত ঘৰ কৰি লয় ।

আহিনৰ আকাশতো ফৰিং ফুটা জোনাকৰ নাচোন তেতিয়া।

Share কৰক:

1 Comment

  1. খুব সুন্দৰ হৈছে ৷ আগতেও পঢ়িছো তোমাৰ লিখনি ৷ জীৱন পাশা গক পাহৰিব নোৱাৰা উপন্যাস ৷ আগলৈও অপেক্ষা কৰিম ৷

Leave a Reply

Your email address will not be published. Required fields are marked *