…..প্ৰাণজিৎ কলিতা…..
….গুৱাহাটী বিশ্ববিদ্যালয়….
শৰতৰ সন্ধিয়া মনত পৰে তোমালৈ
কোমল নিয়ৰৰ টোপালৰ সৈতে
নামি অহা জোনাকবোৰে
এন্ধাৰ বোৰ আঁতৰাই
প্ৰেমিক তৰাবোৰৰ সৈতে
বিলীন কৰি তোলে মোৰ হৃদয় ।
মনত পৰে নে তোমাৰ ?
এই যে কহুৱা বোৰৰ হাঁহিৰ সৈতে
আমি হাঁহিছিলো ।
আইতাৰ সাধুকথাৰে যে
আমি নামি গৈছিলো
এই
গভীৰ নৈ খনলৈ ।
মনত পৰে নে তোমাৰ ??
শেৱালি ফুলৰ সুৱাসেৰে
নামি অহা সন্ধিয়া
আমাৰ গাঁৱৰ পদুলিবোৰ যে
ধুলিময় হৈ গৈছিল ।
বোকা মাটিৰ কেঁচা গোন্ধ এটাৰ সৈতে
উভতি অহা দেউতাৰ চকুতে
যেন বিলীন হৈ আহিছিল এক
মধুময় শৰতৰ আৱেগ ।
শাৰদীয় বতাহজাকৰ মাজেৰে
উমলি ফুৰিছে প্ৰকৃতিৰ এক প্ৰেমিক সৌন্দৰ্য্য ।
জীৱনৰ নিমিলা অংকৰ সৌজন্যতো শৰতৰ আগমনে
মনত পেলায় তোমালৈ ।
সেউজীয়া কেনভাচত আঁকিব খোজা তোমাৰ প্ৰতিচ্ছবি আজিও
আধৰুৱা ।
নাজানো উতলা মনৰ শৰতে
কিয় বাৰু মোক আমনি কৰে ।
হেৰাই যোৱা প্ৰেমবোৰ আকৌ এবাৰ নামি আহে
কোমল নিয়ৰৰ টোপাল হৈ তোমাৰ বাৰু মনত পৰে নে ???
পুৱতি নিশা মৰমৰ চাকনৈয়াত
কোচত বুটলি লোৱা শেৱালি ফুলবোৰ কথা ।
এডাল বগা সুতাৰে মেৰিয়াই লোৱা শেৱালি ফুলৰ মালাবোৰ ;
আলফুলকৈ সাঁচি ৰখা কিতাপৰ মাজত
শুকান মৰহি যোৱ শেৱালিবোৰে আজিও স্মৃতিক সোঁৱৰায় ।
স্নিগ্ধ জোনাকৰ সুগন্ধি বিলায়
তুমি আহিবা বুলি ৰৈ থাকো
দুপৰ নিশালৈ ।
মাজে মাজে মনতে গুণ গুনাই উঠো
“আহিবা তুমি দুপৰ নিশা
যেতিয়া পৃথিৱী শুব
মৰমে আমাৰ দুকুল উপচি
সাগৰ বিচাৰি ব’ব.……”
আজিও দোলা দি ধৰে মনৰ মাজত কথাবোৰ ।
তুমি শৰতৰ ধুমুহা হৈ
মোৰ মনৰ মাজত সুগন্ধি বিলায়
আকৌ গুচি যাবা বসন্তৰ দেশলৈ ।
মোৰ বাবে শৰতৰ জোনাকবোৰ আজিও প্ৰিয়
মনত পৰে নে তোমাৰ ?
তুমি যে মোক তৰা দেখুৱাই কৈছিলা
” হেই প্ৰিয়তমা হাঁহি দিয়া এবাৰ
তুমি এই তৰাবোৰৰ সৈতে একে
নিজৰ মাজত বিলীন , কেতিয়া যে
সময়বোৰ গুচি যায় গমকে নোপোৱা
মাথো তৰাৰ দৰে উজ্জ্বল
হাঁহি এটি বিৰিঙাই ৰাখা ।
তোমাৰ অবিহনে নিশাৰ তৰাৰ সৈতে মই তোমাৰ কথাকে পাতো
আৰু সিহঁতক সুধো
“শৰতৰ আবেগভৰা জোনাকৰ নিশাবোৰ কেতিয়া আহিব “
“কেতিয়া আহিব শৰতৰ আবেগভৰা জোনাকৰ নিশাবোৰ “