দিনটোৰ ৰাশিফল ১৬ ছেপ্টেম্বৰ,২০২০

আজিৰ দিনটোৰ ৰাশিফল

(১৬ ছেপ্টেম্বৰ, ২০২০)

মেঘ  

আপোনাৰ বাকপটু গুন প্ৰকাশ পাব। বন্ধু বান্ধবৰ পৰা সহায় সহযোগ  পাব। পূজনীয় লোকে আপোনাক বুজিব। অৰ্থ উপাৰ্জনমুখী কামত নিয়োজিত হওঁক, লাভৰ যোগ আছে। শুভ ৰং মাখন আৰু শুভ সংখ্যা ছয়।

 

বৃষ  

মনৰ গোপন কথা মনতে ৰাখক । বিশ্বাস ভংগ হ’ব পাৰে। সাংস্কৃতিক আৰু সাহিত্য জগতৰ লগত জড়িত লোকৰ বাবে দিনটো শুভ। শুভ ৰং গোলাপী আৰু শুভ সংখ্যা দুই।

 

মিথুন  

উন্নত চিন্তাধাৰাৰ পৰিচয় দিব  পাৰিব। মাটি বাৰিৰ যি সমস্যা আছিল, সেই সমস্যাবোৰ আঁতৰিব। খং অভিমান বোৰ পাৰিলে এৰক।শত্ৰু কমিব। পত্নীৰ লগত ভুল বুজাবুজি হবলৈ নিদিব। শুভ ৰং গোলাপী আৰু শুভ সংখ্যা পাঁচ। 

 

কৰ্কট  

ব্যয় বাঢ়িব। অবাবদ খৰচ নকৰিব। পদপথত সাৱধান হ’ব। চিত্ৰশিল্পী তথা জ্যোতিষীৰ বাবে দিনটো শুভ। সত্যবাদী আৰু ধৰ্মপৰায়ন বুলি আনৰ সমাদৰ পাব। শুভ ৰং ৰঙা আৰু শুভ সংখ্যা আঠ।

 

সিংহ  

আপোনাৰ উদাৰতা মনোভাৱ আনৰ আগত প্ৰকাশ পাব। মধুমেহ ৰোগীৰ বাবে দিনটো কষ্টদায়ক। শৰীৰৰ যত্ন লওঁক। শুভ ৰং আকাশী নীলা আৰু শুভ সংখ্যা দুই।

 

কন্যা  

মনৰ হতাশা বোৰ দুৰ হ’ব। শত্ৰুৰ সংখ্যা কমিব। নিজৰ আদৰ্শক বৰ্তাই ৰাখক। দুষ্ট লোকে মানহানীৰ চেষ্টা কৰিব পাৰে যদিও আপোনাৰ সততাই আপোনাক সহায় কৰিব। হাৰ নামানিব, চেষ্টা কৰি যাওঁক। শুভ ৰং কমলা আৰু শুভ সংখ্যা ছয়।

 

তুলা  

কামত অনেক বাধা আহিব। অবাবদ খৰচ বাঢ়িব। আনে আপোনাৰ কৰ্তৃত্ব বজাই ৰখাত বাধাৰ সৃষ্টি কৰিব। পৰাপক্ষত ভ্ৰমণ নকৰিব। শুভ ৰং গোলাপী আৰু শুভ সংখ্যা দুই।

 

বৃশ্চিক  

যান বাহনত যাতায়ত কৰোতে সাৱধান থাকক। উত্তৰ দিশ আপোনাৰ বাবে ভাল। মনত সৎ সাহস ৰাখি নিজৰ কৰ্মত মনোনিবেশ কৰক। সন্তানৰ চিন্তাই কিছু  পৰিমানে মনত অশান্তি দিব। শুভ ৰং কমলা আৰু শুভ সংখ্যা আঠ।

 

ধনু  

উৎসাহেৰে কাম কৰক, কৰ্মত শুভ। খং ৰাগ এৰাই চলক, কাৰো লগত বাদ বিবাদত লিপ্ত নহ’ব। শত্ৰু বৃদ্ধি হব পাৰে। শৰীৰ ভালে যাব। পত্নীৰ লগত বুজা পৰাৰে চলক। শুভ ৰং মুগা আৰু শুভ সংখ্যা পাঁচ।

 

মকৰ  

নিজে সৎ পথত চলক। ওচৰ চুবুৰীয়া, বন্ধু বান্ধৱৰ লগত আন্তৰিকতাৰে থাকক, সময়ত সহায় লাভ কৰিব। কৰ্মত শুভ। ভাল ফলাফল আশা কৰিব পাৰে। ঘৰলৈ নতুন সম্পদ আহিব পাৰে। শুভ ৰং গোলাপী আৰু শুভ সংখ্যা চাৰি।

 

কুম্ভ  

দেহৰ যত্ন লওঁক। নতুন ৰোগে আমনি কৰিব পাৰে। আত্মীয়ৰ লগত মিলি থাকিবলৈ চেষ্টা কৰক। ঘৰুৱা দায়িত্ব বাঢ়িব। শুভ ৰং কমলা আৰু শুভ সংখ্যা পাঁচ।

 

মীন  

ভ্ৰমণৰ যোগ আছে যদিও যান বাহনত সাৱধান হ’ব। বিদ্যাৰ্থীৰ বাবে দিনটো শুভ। নতুন আশাৰ উদয় হ’ব। ভয় সংশয় বোৰ আঁতৰিব। শুভ ৰং ৰূপালী আৰু শুভ সংখ্যা চাৰি।

 

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *