….✍?ভাস্কৰ ৰাজবংশী……
….গুৱাহাটী বিশ্ববিদ্যালয়…….
হে নমস্য,
বিশ্ব বৰণ্য, মহান যাযাবৰী শিল্পী…
তুমি সাৰে আছানে এতিয়াও !
মনত দুৰ্ব্বাৰ আশা,
বিক্ষিপ্ত স্মৃতিৰে মোৰ বক্ষত
তুমি এতিয়াও উমি উমি জ্বলি আছা ।
অবিচলিত লক্ষ্য মোৰ
দৃষ্টি ধীৰ-স্থিৰ,
বিজয় নিশ্চিত যুজঁত উদ্যম গতিও সুস্থিৰ ।
যেন,
তুমি এতিয়াও সাৰে আছা !
তোমাৰ গানেৰে জিলিকাই গ’লা
আই অসমীৰ প্ৰাণ,
যি গানত আছে সমগ্ৰ জাতিৰ মান ।
হে যাযাবৰী শিল্পী,
তুমি বাৰু সাৰে আছেনে ?
মহাসমুদ্ৰৰ অটল গহ্বৰত
মানিকবোৰ হেৰাই যোৱাৰ দৰে,
শিল্পী, সাহিত্যিক, কবি, দাৰ্শনিক
পৰিপূৰ্ণা অসমী আইৰ এটি দুটি কৈ
উজ্জ্বল ভোটা তৰাবোৰ গ’ল যে আঁতৰি ।
জ্ঞানৰ দিপ্তীৰে সমগ্ৰ পৃথিৱীৰ বুকুত
লুইতৰ পাৰৰ ডেকা ল’ৰাক
চিনাকি কৰালা তুমি ।
তোমাৰ গানত থকা লুইতৰ ঢৌয়েৰে
লুইতৰ পাৰ জিলিকাই তুলিলা ।
যাযাবৰী শিল্পী ঔ,
তুমি বাৰু সাৰে আছানে ?
কাল সন্ধিয়া বেলা
এন্ধাৰ পৰা আই অসমীৰ বুকু
তুলিবানে আকৌ পোহৰাই !
একবিংশ শতিকাৰ পঞ্চম দশকলৈ বাট চাম বুলি কৈছিলা…
কিন্তু, একবিংশ শতিকাৰ দ্বিতীয় দশকতে গুচি গ’লা তুমি ;
তুমি বিহীন আই অসমী
আজি যেন মহা শূণ্যতাৰ এখনি উকা ছবি ।
তোমাৰ গানৰ সুৰত
গছ-লতা, প্ৰকৃতি আজিও নাচি উঠে ।
পশু-পক্ষী, পাহাৰ-পৰ্বতৰ নদ-নদী, জান-জুৰিয়ে
এতিয়াও তোমাৰ সুৰকে ৰিঙিয়াই !
হে মহান যাযাবৰী শিল্পী,
আই অসমীৰ ন-পুৰুষে
কাৰ উদগনিত পাব সাহস, উদ্দীপনা ?
কোন বাটে সোমাব ?
কোনে দিব নিৰ্দেশনা ?
তুমি বাৰু সাৰে আছানে ?
শুনিছানে আমাৰ হৃদয়ৰ মনিকোঠাৰ
সাঁচিপতীয়া বিননিবোৰ ?
মানুহে মানুহৰ কথা ভাবিবলৈ,
লুইতৰ পাৰ শত শত বন্তিৰে পোহৰাই তুলিবলৈ,
জ্ঞানৰ আলোকেৰে পৰিপূৰ্ণ কৰিবলৈ জালুকবাৰী ছন্দময় আকাশ,
আহিবানে তুমি আকৌ এবাৰ…..…
যাযাবৰী শিল্পী, আহিবানে…..…