….হেমা চহৰীয়া….দৰং…..
খণ্ড – ৫
অদিতিৰ চকুৰে ধাৰাসাৰ পানী বৈ আহিছিল | ওঠ দুটি কঁপি উঠিছিল কিবা কব খুজিও একো কব পৰা নাছিল তাই | কেইটামান নিৰৱ মূ্ৰ্হুত পাৰ হৈছিল | আদিত্যই নিৰৱতা ভাঙিছিল কপা কপা মাতেৰে সি কৈছিল – ”তুমি মোক মনত ৰাখিছা ন অদিতি ! মই হে ……|” পাৰ ভাঙি আহিব খোজা চকু পানী খিনিক বাধা দি সি কৈছিল – অদিতি, মোৰ এই সন্যাস জীৱনটোৰ পাতনি ৰে পৰা এনে এটা দিন নাই যিটো দিনত মোৰ তোমাৰ কথা মনলৈ অহা নাই | ভগৱানক বাৰ বাৰ খাতিছিলো মৃত্যুৰ আগমূৰ্হুতত হলেও যেন মোক এবাৰ তোমাৰ ওচৰ চপাই দিয়ে | মই ভাবিছিলোৱেই ইশ্বৰে মোৰ কথা শুনিব কিন্তু ইমান সোনকালে যে শুনিব সেয়া ভবা নাছিলো | অদিতিয়ে নিজক সম্বৰণ কৰি কোনো মতে কৈছিল – হঠাৎ কি যে হৈ গল , ক’ত হেৰালা তুমি , কি হল একো গমকে নাপালো |
আদিত্যই কৈছিল – সেইবোৰ বহু কথা অদিতি , ইমান কোৱাৰ সময় নহব মাথো জানি থোৱা আনক সুখত ৰাখিব গৈ মই নিজৰ সুখ দলিয়াই মৰিচিকা খেদি ঘুৰি ফুৰিছিলো |
তোমাক কথা দিছিলো পিছদিনা লগ কৰিম কিন্তু ৰাতি ফোন আহিল দেউতাৰ চিৰিয়াচ ঘৰ লৈ যাব লাগে | তোমাক লগ কৰা দূৰৰ কথা ফোন কৰাতো সময় নহল | ৰাতিয়ে গুছি আহিলো | মৃত্যু মুখি দেউতাক কথা দিব লগা হল তেঁওৰ একালৰ বন্ধু হীৰা চৌধুৰীৰ একমাত্র ছোৱালী নিলাক মই বিয়া কৰাব লাগে , কাৰণ একালত তেঁও বন্ধুক কথা দিয়া আছে নিৰুপায় হৈ মই কথা দিলো | পিছদিনা দেউতা ঢুকাল | দেউতাৰ সকলো কাম শেষ কৰি মনে সজা বালি ঘৰ গছকি – খছকি ভাবি শহুৰে গোটাই থৈ দিয়া চাকৰিত জইন কৰিলো গৈ |
তোমাক ফোন কৰি এইবোৰ কথা কোৱাৰ সাহস নহল | কাৰণ তুমি নকলেও মই জানো মই তোমাৰ জীৱনৰ প্রথম প্রেমিক | তেতিয়া তোমাৰ জীৱন সম্পৰ্কে ধাৰণাই হোৱা নাছিল | অদিতি মাজতে মাত মাতিছিল – এইবোৰ বাদ দিয়া তোমাৰ এই জীৱনটোৰ বিষয়ে কোৱা | দামী চাকৰি , ধুনিয়া পত্নী থকাৰ পিছতো এই জীৱন কিয় ?
এই বিষয়ে মোক একো নুসুধিবা , মাথো জানি থোৱা আনৰ বেদনা আৰু চকু পানীৰে গঢ়িব খোজা সংসাৰ অচিৰে ভাঙে কোনেও নজনাকৈ গুপুতে গুপুতে | অদিতিয়ে কিবা কব খুজিছিল তাৰ আগতে আদিত্যই কলে তোমাত লগ নোপোৱা কিমান বছৰ হল তথাপি তুমি যে মোক চিনি পাইছা তাৰ বাবে বহুত বহুত ধন্যৱাদ | বাৰু বাদ দিয়া তুমি ,ইয়ালৈ অহাৰ কাৰণ ? আদিত্যই অদিতিলৈ চাই সুধিছিল |
আগলৈ……
(ভালপালে share কৰিব আৰু পঢ়ি কেনেকুৱা পালে commentত জনাব | আপোনালোকৰ comment বোৰে উৎসাহ বঢ়াব )