সুখবোৰ ধাৰে আনিছোঁ

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা)

সুখ ঘৰত নাই, ধাৰে আনিছোঁ।
দুখবোৰ অমৰ লতা বঢ়া দিছে,
ঘৰৰ ভিতৰে বাহিৰে।
কিনোতা- নিওঁতা কোনো নাই।

পুৱাই শ্ৰীমতীয়ে দন্দুৱা মুখ খনেৰে লাক বাক নোহুৱাকৈ কিবা কিবি কলে চাৱন, তেল, আলু-পিয়াজ আদিকে ঘৰত একো নাই, কেৱল নাই। নাই শব্দ যেন তাইৰ জন্মগত শব্দ। পুৱাই মুৰতো গৰম কৰিলে। এইগৰম ওচৰৰ কছাৰী গাওঁখনলৈ নগলে মুৰ চেচাঁ নহব। অবেশ্যে আজি কালি আমাৰ চ’কৰ “পাণ দোকান” ফাৰ্মাচী আদিতো পনীয়া বিধ ঔষধ বেচা দিয়ে। যিকোনো এঠাইৰ পৰা অলপ সুখ নিকিনিলে আজি চলাই টান হ’ব।
সেই পালি মুখত নিদিউ বুলি ভাবিছিলো, পিচে সেইবিধ সেৱণ নকৰিলে লগ, বন্ধুবোৰ কমি -কমি এতিয়া সকলোৰে এলাগি হোৱাৰ পথত।

দীঙিত গামোছা লোৱাৰ পৰা কপালত দীঘল ফোট লোৱা জনলৈ প্ৰায় সকলে সুখ বিধ কিনি এঢোক গিলি ভদ্ৰশ্ৰোতা হৈ থাকে। মই হে পিচ পৰি ৰৈছিলো।

দুখ সদায় ঘৰৰ জনীৰ পৰাই আৰাম্ভ হয়। আজি নিশা ২ বজাত মোৰ অতিকৈ প্ৰিয় বন্ধু এজনে ফোন কৰি জনালে শ্ৰী মতীৰ উদ্ভাণ্ডলিত ৰ’ব নোৱাৰো ‘কুমাৰ’ আৰু নহব। সুখ কিনি খাৱই লাগিব নহলে আৰু ৰক্ষা নাই। এই সুখে নবচালে আন এবিধ সুখ কিনিব লাগিব যেন পাইছো। সেয়ে হৈছে “কীটনাশক”। , যিটো কিনিব মোৰ ইচ্ছা নাই।”

লকডাউনৰ পৰা মোৰো খংটো বেছি হৈছে, তাই কথা কলেই খং উঠে। তাইও দেখোন আজি কালি ঘৰৰ সামগ্ৰী বেছি হিচাপ দিয়া হৈছে। কথাই প্ৰতি এবিদ বস্তু হিচাপ দিয়ে।

বৰ পুত্ৰ ঘৰতে বহি আছে। আগতে গুৱাহাটীৰ কোনো বা হোটেলত আছিল। লকডাউনে তাৰো মুধা মাৰিলে। উপাৰ্জনৰ পথ শূন্য। চাউল কেইটা চৰকাৰৰ পৰা পালোয়ে যেনিবা কিহেৰে খাওঁ।”

ইফালে এবিদ বস্তু ঘৰত নহলেই মতা মানুহজন তিৰোতাৰ মতে কামেই নাই।”

বছৰ বছৰ উপাৰ্জন কৰি ভৰণ পোষণ দি থকিলেও এদিন কিবা এবিদ নাপালেও নিজৰ তিৰোতা জনীয়ে চৈধ্য গোষ্টি ওকালে। ইমান দিন দি থকাবোৰ নিমিষতে পানী হৈ পৰে। সেই বেজাৰতে সুখ কিনিৱ তাগিদা বাঢ়ে। মনৰ ভিতৰৰ অসুৰতোয়ে উক দি উঠে। আৰু যে উপাই নাই………

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *