….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা)
(ছয়)
আজি গুৰুজনাৰ তিথি । ৰাজহুৱা নামঘৰত সন্ধিয়াৰ আগেয়ে তিৰোতাসকলে নাম ধৰিব । সন্ধিয়ালৈ মতা মানুহে ভাগৱত পাঠ কৰিব । দিপালীও নামঘৰলৈ যাব । সেয়ে তাই সোনকালে ভাত ৰান্ধি আজৰি হৈ আছে । আজি তেল-মছলা,মাছ-পুঠি নাখায় । আখলৰ সকলো বাচন-বৰ্তন বাহিৰলৈ উলিয়াই ধুই পখালি চাফা কৰি ঘৰ-চোতাল,গোবৰ মাটিৰে মচি মাচি এক পৱিত্র পৰিৱেশৰ সূচনা কৰি থৈছে । গাঁওৰ গৃহিণীয়ে সাধাৰণতে আখলৰ ভাত-আঞ্জা ৰন্ধা বাচন-বৰ্তন বাহিৰত নুলিয়াই । কিবা তিথি-পৰ্ব আৰু চুৱা গুচাবলৈহে আখলৰ বাচন বাহিৰত আনি ধুই পখালি এসাজ লঘোণে থাকিহে পুনৰ বাচন ব্যৱহাৰ কৰে । দিপালীয়ে এতিয়া গিৰিয়েকক ভাত কেইটা দিব পাৰিলেই ৰক্ষা,তাই নামঘৰত ওলাই যাব পাৰে । ভদ্ৰেশ্বৰে বৰঘৰৰ কাঠিটোতে মূঢ়া এটাত বহি ‘দৰখ’ এডাল বাতি আছিল । দিপালীয়ে মাতত মৌ সানি গিৰিয়েকক ক’লে -“সোনকালে গাটো ধুই আহকগৈ,মই নামঘৰলৈ যাম । আপুনিও সন্ধিয়াকে যায় যদি গা-ধোওতে একেবাৰে গেঞ্জীটো তিয়াই আনিব । বাহি গেঞ্জীৰে নামঘৰত যাব কেনেকৈ ? ভাল কাপোৰ এযোৰটো নায়ে এটা গেঞ্জীও ল’ব পৰা নাই । আজি এৰি কাইলৈ মিনুজনীও ডাঙৰ হৈ উঠিব । তেতিয়াতো তাইৰ বাহিৰে অন্য চিন্তা কৰাই টান । যাওঁক সোনকালে ।”
দিপালীৰ গৃহিণীসূচক কথাখিনিয়ে ভদ্ৰেশ্বৰৰ মন-প্ৰাণ ভৰাই তুলিলে । সি নিজকে নিজে ক’লে -“এৰা এইয়াহে তিৰোতাৰ মাত । সংসাৰখন সুখৰ হ’লৈ হ’লে তিৰোতা গৰাকীৰ আচাৰ ব্যৱহাৰে পুৰুষক নতুন জীৱন দিয়ে । শৰীৰত অফুৰন্ত শক্তি দিয়ে । এলেহুৱাক কৰ্মী হ’বলৈ প্ৰেৰণ দিয়ে । কুস্বভাৱ দূৰ কৰিব পাৰে,কণ্ঠনলীত পানী দিয়ে,পুৰুষৰ আয়ুস বঢ়াই,ৰোগমুক্ত কৰে,অন্য নাৰীৰ প্ৰতি আসক্ত নহয় । এসাজ লঘুণে থাকিলেও সংসাৰখন সুখৰ হয় । প্ৰকৃত সংসাৰৰ সোৱাদ অনুভৱ হয় – কেৱল তিৰোতাগৰাকীৰ আচাৰ-ব্যৱহাৰৰ বাবেই । কিন্তু তাকে নকৰি যদি হোৱাই নোহোৱাই মতাটোৰ ওপৰত আৰু মতা হ’লৈ যায়,কথাই কথাই ফেফেৰী ধৰে,জাউৰিয়ে জাউৰিয়ে গালি পাৰে,কৰি থকা কামবিধৰ চিদিৰ ধৰে,তেতিয়াহ’লে কাম কৰা উদ্যমটো কমি যায় । কোনোবা তিৰোতাৰ লগত কথা পাতিলেই যদি সন্দেহৰ চকু পৰে,তেতিয়াহ’লে সেই সংসাৰতটো বিজুতি ঘটিবই ।
ভাই-ভনীক এডোখৰ কাপোৰ দিলে যদি কাজিয়াৰ সূত্রপাত হয়,মাক-বাপেকক শুশ্রূষা কৰিলে যদি খং ক্ষোভত জ্বলি পুৰি থকা যায় তেনেহ’লেতো সেইখন সংসাৰত টকা-পইচাই সুখ কেনেকৈ আনিব ? সংসাৰখনৰ সুখৰ বেলিকা টকা-পইচাৰ ভূমিকা নামমাত্রহে হোৱা উচিত ।”
দিপলীৰ মিঠা মাতৰ সোৱাদত ভদ্ৰেশ্বৰ মলমি গ’ল । নিমিষতে খং-ক্ষোভ পাতলি গ’ল । যোৱা দিনকেইটাত দিপালীৰ বিষয়ে সি যি কথা অথালি পথালিকৈ ভাবি আছিল তাৰ বাবে সি নিজকে ধিক্কাৰ দিলে,সি নিজকে ক্ষমাৰ অযোগ্য বুলি ভাবিলে । ভদ্ৰেশ্বৰে আৰু নিজকে ক’লে -“সংসাৰখন সুখৰ হ’লৈ হ’লে,তিৰি-মুনিহ দুয়োজনৰ মাত-কথাইহে আগভাগ লয় ।”
ভদ্ৰেশ্বৰ -“হ’ব দিয়া,পুখুৰীটোতে গাটো জোবোকা মাৰি আহো । ভগৰো ধৰিছে,ভাতকেইটা খাই অলপ গাটো কাটি কৰো ।”
আজি ভালেকেইদিন হ’ল ভদ্ৰেশ্বৰৰ মনলৈ নানা ধৰণৰ বিজতৰীয়া কথাই মন হৃদয় গোট মাৰি আছে । একমাত্র সন্তান মিনুজনীকো ভালদৰে মাতবোল কৰা নাই । সেয়ে আজি তাইকো কাষত বহুৱাই ভাতমুঠি খোৱাৰ হেপাহ হ’ল ।
ৰান্ধলি ঘৰৰ দুৱাৰ মুখতে ওখকৈ এখন বাঁহৰ জেওৰা দিয়া আছিল । সেয়া মিনুৰ বাবে । তাই কেতিয়াবা মনে মনে পাগঘৰত সোমাই জুই-পানী লাৰিব পাৰে,বা মাকে পাগঘৰত থাকিলে তাইকো লগত আৱদ্ধ কৰি ৰাখে,যাতে জেওৰাখন পাৰ হৈ তাই বাহিৰলৈ ওলাই যাব নোৱাৰে । কুকুৰ-মেকুৰীও পোনচাতে সোমাই যোৱাৰ ভয় কম । এক কথাত গাঁৱলীয়া জীৱনৰ জেওৰাখনো একপ্ৰকাৰ চকিদাৰ । ভদ্ৰেশ্বৰে মিনুক গেৰিমাৰিয়ে ভাতৰ পাতত বহিল । মিনুৱে বৰঘৰৰ কাঠিত কেইটামান নাৰীকলৰ খোলাৰে উমলি আছিল । দেউতাকৰ মাত শুনি একেচাতে দৌৰি আহিছিল । কিন্তু এতিয়া জেওৰাখনত বজিল । দেউতাকে তাইৰ দুয়োখন হাতৰ ঘাৰত ধৰি দাঙি জেওৰাখন পাৰ কৰাই দিলে । মাকে তাইৰ চিন কৰি থোৱা দোখৰি পীৰাখন আগবঢ়াই দিলে । তাই বেলেগ পীৰাত নবহে । ভাত-চাহ খাওতে তাইৰ একে ভেম । তাইৰ চিনৰ কাঁহি-বাতি গিলাচ আদিকে তাইৰ চিনৰটোহে লাগিব । বেলেগত দিলে ভালেমান পৰ ভেম জুৰি থাকিব । মাকে পাৰি দি যোৱা পীৰাখন ভদ্ৰেশ্বৰে আৰু অলপ তাৰ গাৰ ওচৰলৈ চপাই আনি ক’লে -“অ সোণতো ইয়াতে বহা,ভাত খাই তুমি মাৰ লগত নামঘৰলৈ যাবা নহয়, অ ভালদৰে খোৱা ।
গিৰিয়েকলৈ গাখীৰ এগিলাচ আৰু বগীমুনীহ কল এটা আগবঢ়াই দি মিনুৰ ফালে চাই মাকে ক’লে -“ওঁ,দিয়া ভাত কেইটা গোটেইখিনি খালেহে মোৰ লগত নামঘৰলৈ নিম ।”
মিনু -“নামঘৰলৈ কিয় যাব লাগে দেউতা ?’
ভদ্ৰেশ্বৰ -“নামঘৰত ভগৱান থাকে ওঁ মা”
মিনু -“ভগৱান কোন দেউতা ?”
ভদ্ৰেশ্বৰ -“আহে মা,ভগৱন আমাৰ ঘৰলৈও আহে,আৰু সিহঁতৰ ঘৰলৈও যায় । ভগৱান সকলোৰে ঘৰলৈ যায় ।”
মিনু -“ভগৱান বহুত নেকি দেউতা,সকলোৰে ঘৰত যে যায় ?”
ভদ্ৰেশ্বৰ -“ওঁ মা ভগৱান বহুত ! ডাঙৰ হ’লে বুজিবা দিয়া । এতিয়া ভাতকেইটা খোৱা । ভাত খাই থাকোতে বেছি কথা ক’ব নাপায় । লক্ষীয়ে বেয়া পায় ।”
মিনু -“লক্ষী কোন দেউতা ? আৰু আমাক কিয় বেয়া পায় ?”
ক্ষন্তেক সময়ৰ বাবে যেন ভদ্ৰেশ্বৰৰ সংসাৰখনত সুখৰ বন্যা বৈছে । দুখ যেন ভদ্ৰেশ্বৰৰ পাহৰনিৰ গৰ্ভত । কিন্তু কিমান সময় ? ভদ্ৰেশ্বৰৰ সুখত যেন বিধাতাৰ সহ্য নহয় । ভদ্ৰেশ্বৰক যেন বিধাতাই একপক্ষীয়াকৈ দুখ জাপি দিছে সংসাৰৰ ।
ভাতৰ পাতত বহি ভদ্ৰেশ্বৰে কিছু সময় জীয়েকৰ প্ৰশ্নৰ উত্তৰ দিলে । এতিয়া নিজেও এগৰাহ ভাত মুখলৈ নিছে আৰু জীয়েককো এগৰাহ খুৱাই দিছে,এনেতে চোতালত কোনোবাই চাইকেলৰ বেল বজালে । চোতালত কোনে চাইকেলৰ বেল বজালে চাবলৈ দিপালীক ভদ্ৰেশ্বৰে চকুৰে ইংগিত দি মিনুক আৰু এগৰাহ ভাত খুৱাই দিবলৈ হাতখন মুখৰ ওচৰলৈ নিওঁতে তাই মুখখন এফলিয়া কৰি নি দেউতাকক সুধিলে -“দেউতা তুমি যে ভাতৰ কাহিৰ আগত তিনিমুঠি ভাত মাটিত থৈছা,সেইয়া কাৰ বাবে থৈছা দেউতা ?”
ভদ্ৰেশ্বৰ -“তুমি ডাঙৰ হ’লে সকলো বুজিবা । আৰু ডাঙৰ হ’বলৈ হ’লে সৰহকৈ ভাত খাব লাগে,ওঁ ওঁ খোৱা খোৱা এইখিনি গোটেই খোৱা,ডাঙৰ হৈ যাবা ।”
জীৱ মাত্রে প্ৰেম অনিবাৰ্য । গছ-গছনিয়ে হওঁক বা পশু-পক্ষীয়ে হওঁক । প্ৰেম অবিহনে জীৱকুলৰ জীৱন পূৰ্ণ নহয় । প্ৰেম হ’লেহে এখন ভৰপূৰ সংসাৰ হয় । দেহৰ আদান-প্ৰদান হয় । প্ৰেম মানেই দুখন হৃদয় এক হ’ব বিচৰা হয় । প্ৰেমৰ জীৱন এক পৱিত্র জীৱন বুলিও কোৱা হয় । একমাত্র মানুহৰ বাহিৰে অন্য জীৱই যুদ্ধ কৰি প্ৰেম আদায় কৰে,অৰ্থাৎ সহবাসৰ সময়ত যাৰ বেছি বল,সি হে সংসাৰৰ সুযোগ পাই,সিয়ে হৈছে জন্তু প্ৰেম । জীৱ-জন্তুৰ ভিতৰত ভিন ভিন সমাজ থাকে । চৰাইৰ প্ৰেম,চৰায়ে নিজা সংসাৰ কৰে,যোৰ পাতি উৰে । বাহ সাজি লয় । নিজৰ সংসাৰ থকালৈ আনৰ সংসাৰত দখল নিদিয়ে । ধৰ্মৰ ভিত্তিত চলে চৰাইৰ প্ৰেম । কিন্তু মানুহে একমাত্র জ্ঞানী ! মানুহৰ প্ৰেম ধৰ্মৰ ভিত্তিত নচলে,মানুহৰ প্ৰেমত ভৰসা নাথাকে । সদায় হেৰুৱা ভয় থাকে মানুহৰ প্ৰেমত । কোনে কেতিয়া কোনফালে ধাল খাই ক’ব নোৱাৰি । প্ৰেম শব্দটো পৱিত্র শব্দ । কিন্তু সেই পৱিত্র শব্দটোৱে জীৱকুলৰ শ্ৰেষ্টতম জীৱই প্ৰেমত বহুধা বিভক্ত কৰিছে । কিছু লোকে ধনৰ শ্রীবৃদ্ধিৰে প্ৰেম কৰে,কিছু লোকে ধনৰ গইনা লৈ প্ৰেম কৰে আৰু কিছু লোকে ভাবে -‘যৌন সম্পৰ্ক নহ’লে কিহৰ প্ৰেম থাকে । যিসকলে কেৱল দেহৰ আদান-প্ৰদানৰ বাবেই প্ৰেম কৰে,তেওঁলোকৰ নিজা স্বাৰ্থৰ বাবেই ব্যস্ত থাকে । স্বাৰ্থপুৰ নোহোৱালৈকে কোনেও কাকো এৰি থাকিব নোৱাৰে । লাগিলে পৰকীয়া প্ৰেমে হওঁক বা…!’
যিসকল লোকে দেহৰ আদান-প্ৰদানৰ জৰিয়তে প্ৰেম আৰম্ভ কৰে তেওঁলোকে কোনেও কাকো এদিনৰ বাবেও এৰি থাকিব নোৱাৰে । এদিন নেদেখিলেই বহুদিন নেদেখাৰ অনুভৱ কৰে । কেইঘণ্টামান নেদেখিলেও দেহৰ পোৰণি উঠে । কিন্তু মানুহ অন্য জীৱৰ দৰে নহয় । মানুহৰ এটা বিবেক আছে বাবেই এই পোৰণি গোপনে ৰাখে । নিজৰ ভিতৰতে দমাই ৰাখে,আৰু কোনোবাই বিবেকক দমাই ৰাখিব নোৱাৰি স্বতঃস্ফূৰ্ট ভাবে প্ৰেমক প্ৰকাশ কৰে আৰু সেই স্বতঃস্ফূৰ্ট প্ৰকাশকে আমাৰ সভ্য সমাজে ‘বলিয়া’ আখ্যা দিয়ে । আজি সেই বলিয়া ৰূপত থিয় দিছেহি ‘অজয় বায়নে’ । চোতালত চাইকেলৰ বেল বজোৱাজন অন্য কোনো নহয় । সেইজন অজয়হে । তিনিদিন আগতে বিদায় লৈ যোৱা অজয় ।
অজয়ক নেদেখি এই তিনিদিন দিপালীৰ কলিজাত ক’লা চামনিৰে ডাঠ হৈ পৰিছিল । হঠাৎ তাক দেখি দেহৰ শিৰাবোৰ টন-টনাই হৈ উঠিল । ক’লা মেঘ কাতি হৈ যেন বতৰ ফৰকাল হ’ল । এতিয়া মুখলৈহে চাই নে চকুলৈহে চাই । গিৰিয়েকক ভাত দি যোৱা কথা পাহৰিয়ে গৈছিল,কিন্তু ভদ্ৰেশ্বৰে এটা কৃত্রিম কাঁহ মাৰি মুখখন ধুবলৈ ঘতিটো হাতত ল’লে । তাক আৰু এমুঠি ভাত লগাই আছিল । পিছে ৰান্ধনীয়ে যেতিয়া নাই দিব কোনে ? এইফালে ভদ্ৰেশ্বৰৰ কৃত্রিম কাঁহত দিপালীৰ তন্দ্ৰা ভাঙিল । ভদ্ৰেশ্বৰে মুখখন ধূউ ধূউ অৱস্থাতে চিলনীজনী অহাদি আহি সাউতকৈ আখলত সোমাল আৰু কেইটামান ভাত কৰছ খনতকৈ আনি ক’লে -“ৰ’ব ৰ’ব ভাত অলপ দিওঁ ।” গিৰিয়েকৰ উত্তৰলৈ বাট নাচাই অলপ ভাত দি গ’ল,যাওঁতে খুদা কৰছখন মিনুৰ কাহিত এনেয়ে জোকাৰি গ’ল । নহ’লে তাইক নিদিয়া বুলি ভেম জুৰে । ভদ্ৰেশ্বৰে গিলাচটোৰ পৰা গাখিৰ অলপ ভাত কেইটাত ঢালি লৈ দিপালীক সুধিলে -“বেল বজোৱা সেইজন কোন নো ? ইমান দেৰি কৰিলা যে ?”
দিপালী -“অ’ সেইজন অজয় আহিছে ।”
অজয়ৰ নাম শুনিয়ে ভদ্ৰেশ্বৰৰ খঙত কাণ গৰম হৈ উঠিল,দি যোৱা ভাতকেইটা ভাত নহয় যেন বৰবিষহে দি গ’ল । ভাতকেইটা খামনে নাখাম তেনে লাগিল । তাৰ খং – অজয় অহা দেখি দিপালী গুচি আহিব পাৰিলেহেঁতেন । তাৰ লগত কথা পতা বহু সময় আছিল । ভদ্ৰেশ্বৰৰ ঘপকৈ তগৰৰ মাকৰ কথা মনত পৰিল – কথা তেনেহ’লে সঁচা ?
ভদ্ৰেশ্বৰ নিজকে বহু প্ৰশ্নৰ সন্মুখীন হ’ল । কিন্তু সি এইটো লক্ষ্য কৰিলে যে পুৰুষৰ ধৈৰ্যই সম্পত্তি,আৰু অজয়ৰ কথাবোৰ আনৰ পৰাহে শুনা,সি নিজে একো দেখা নাই । চিঃ দুপৰীয়াৰ ভাত মুঠিও শান্তিৰে খাবলৈ নাপালো । কি যে বেদনা ! যাৰ প্ৰকাশৰ ভাষা নাই । যাক প্ৰকাশ কৰাৰ সুবিধা নাই ! কি যে চিন্তা ! যাৰ ঘাই খুটি নাই । ক’ৰ পৰা কেনেকৈ চিন্তাবোৰ আহে বাৰু ? চিন্তাৰ নিজা ঠিকনা নাই নেকি বাৰু ? কি যে মানুহৰ জীৱন ! ক’ৰবাট কিবা অলপ কেনা লাগিলেই গোটেই জীৱনটোৱে খেদি ফুৰে । তগৰৰ মাকৰ কথাবোৰ শুনাৰ পৰা মোৰ দেখোন ভাত-পানী এৰিবৰ মন গৈছে । জীৱনত আৰু সুখ বুলি জীৱনৰ ক্ষুদ্ৰতম বাকচটোত যি অলপ আশা-মৰম লুকাই আছিল আজি দেখোন সিওঁ তলি উদং হ’ল । ইমান বছৰ অজয় আৰু দিপালীক যি ভাই-ভনীৰ মৰ্যদাৰে চাইছিলো সেইয়া তেনেহ’লে মিছা ?
ভদ্ৰেশ্বৰৰ মগজুত যোৱাদিনবোৰৰ দিপালী আৰু অজয়ৰ হলি-গলিৰ ছবি এখন দোলা দিলেহি । ছবিবোৰেও যেন ভদ্ৰেশ্বৰক ভেঙুচালি কৰিছে । মগজুত প্ৰতিফলিত হৈ উঠিল ছবিবোৰ । জীৱনৰ তিতা-কেঁহা সকলো যেন ভদ্ৰেশ্বৰৰ কপালত থুপ খাইছেহি । ভদ্ৰেশ্বৰে একোবাৰ ভাবে -‘জীৱনৰ সুখ আৰু দুখ যদি ওজন কৰিব পৰা গ’লহেঁতেন,তেনেহ’লে জুখি চালোহেঁতেন – মোৰ দুখৰ বোজা কিমান গধুৰ ।’
ভাত খাই আহি বটাখনৰ পৰা তামোল এখন লৈ,পাণ এখিলাত চূণ অকন,ধপাত অলপ মেৰিয়াই কৈ বৰঘৰত সোমাল,বিছনাখনত দীঘলকৈ শুই মুখখন ওপৰমুৱাকৈ আছে । মাজে মাজে তামোলৰ পাগ জুৰে,কিন্তু কিবা চিন্তা আহি আকৌ পাহৰি যায় । চকুহাল বহলকৈ খুলি ৰাখি আকাশ-পাতাল একাকাৰ কৰি ভ্ৰমি আছে । চিন্তা কেৱল চিন্তা ! পাবলৈও চিন্তা,নাপাও বুলিও চিন্তা,পাই হেৰাও বুলি চিন্তা । কি কৰো কি নকৰো তাৰো চিন্তা । শুই থাকোনে তগৰৰ মাকক লগ কৰি কথাষাৰ সুধিয়ে আহো তাৰো চিন্তা । দেহৰ পোৰণিতকৈ যে মনৰ পোৰণিৰ অধিক কষ্ট সেই কথা আজি দুদিনমানৰ পৰা ভদ্ৰেশ্বৰে বাৰুকৈয়ে বুজিছে । তামোলখন মুখতে থাকিল চোবাবলৈ পাহৰি থাকিল চিন্তাত । মানুহে বাৰু সংসাৰ পাতিলে সকলোৰে এনে হয়নে ? তাৰহে তেনে হৈছে সেই কথাও চিন্তা কৰিলে । এটা দীঘল হুমুনিয়াহ এৰি চিন্তাবোৰ পুৰঠ কৰি আকৌ চিন্তা কৰিলে । ঠিক তেনে সময়তে ভৰিৰ শব্দই ইচ্ছাকৃতভাৱে উলিয়াই এটা কৃত্রিম হাঁহি মাৰি গলটো খেকেৰাই অজয় ভিতৰ সোমায় আহিল ।
অজয়ৰ আগমণৰ উমান পায়ে ভদ্ৰেশ্বৰে টোপনিৰ ভাও জুৰি চকুহাল মুদি দিলে । চকুহাল মুদি দিয়াটো যেন অজয়ৰ ছবিটো ভদ্ৰেশ্বৰে স্পষ্টকৈ দেখিলে ।আৰু সেই ছবিখনেই এতিয়া ভদ্ৰেশ্বৰক মিনতিৰ সুৰত ক’ব ধৰিছে -“ভিনিদেউ,অ’ ভিনিদেউ,টপনি গ’লা নেকি ?
অজয়ৰ মাতত মৌ বৰষিছে । আনদিনা মাতিলে তেনে মিঠা মাত কাহানিও শুনা নাই । কিন্তু সেই মিঠা সুৰে যেন ভদ্ৰেশ্বৰৰ হৃদয়ত জ্বলি থকা জুইত ইন্ধনহে যোগালে । ভদ্ৰেশ্বৰৰ এনে লাগিল যেন ঘপকৈ উঠি গৈ তাক দুই গালে দুই চৰ সোধাৱহে । কিন্তু অজয়েনো কি উপস্থাপন কৰে সেয়া শুনিবলৈও ভদ্ৰেশ্বৰৰ হেপাহ হ’ল । কিন্তু চকুহাল মুদিয়ে থাকিল ।
টেঙৰ অজয়েও বুজিছে ভিনিদেউৱক টপনি যোৱা নাই । অতবছৰে ভিনিয়েকৰ লগত থাকিল সি বুজি পাই,ভিনিয়েক টোপনি গ’লেও বাহিৰত গছৰ পাত এটা পৰিলেও সাৰ পাই কোন সেইটো বুলি উমানতে সুধে । আৰু আজি চকুহাল জুৰকৈ মুদি ধৰাৰ চিন এটা স্পষ্ট হৈ আছে । সেয়ে সি মাতত যিমান পাৰে সুৰ ঢালি ক’লে -“ভিনিদেউ অ’ ভিনিদেউ,ইয়াৰ পৰা গৈ ঘৰত থাকি একেবাৰে ভাল লগা নাই । অত বছৰে এই গাঁওখনৰ লগত আপোন হৈ পৰিলোঁ,মোৰ যে আৰু এখন গাঁও আছে আৰু এখন ঘৰ আছে পাহৰিয়ে গৈছিলো । সেয়ে ইয়াতেই থাকিম বুলি ভাবি গুচি আহিলোঁ ।”
অজয়ৰ কোমল মাতত ভদ্ৰেশ্বৰ জ্বৰ ঘমাদি ঘামি আহিল,কিন্তু ভদ্ৰেশ্বৰে টোপনিৰ ভাও ধৰিয়ে থাকিল । ভদ্ৰেশ্বৰে বুজিলে -এই সময়ত নীৰৱতাৰ অস্ত্রপাতে ডাঙৰ হ’ব । ভদ্ৰেশ্বৰে আৰু এটা কথা ভাবিলে -অজয়ক কিছুদিন ৰাখিলেই ভাল হ’ব,মোৰ সন্দেহটো সত্য হয়নে নহয় প্ৰমাণ কৰিব পৰা যাব । ভদ্ৰেশ্বৰে এই কথাও চিন্তা কৰিলে যে – তাক ৰাখিলে কিবা এটা দি থাকিব লাগিব,মই ক’ৰ পৰা কি দি থাকিম ? ক’ত কি পাম ?
ইমান পৰে অজয়ে ভিনিদেউৱেকৰ কিবা উত্তৰৰ আশাত শিল পৰা কপৌৰ দৰে ৰৈ আছিল । কিন্তু যেতিয়া ভদ্ৰেশ্বৰৰ একো সাৰ-সুৰ নাপালে তেতিয়া সি ভাবিলে,ভিনিদেউক সঁচাকৈয়ে টোপনি গৈছে,সেয়ে সি সন্তৰ্পণে তাৰ পৰা গুচি আহিল । অজয়ে গুচি আহোতে ইমান নিঃশব্দে আহিল যে যেন মাকে কেচুৱংক পিয়াহ দি টোপনি নিয়াই সাৱধানে কেচুৱাৰ কাষৰ পৰা উঠি আহিছে । সাৰি শব্দ হ’লেই আকৌ মাকৰ লগতে লাগি আহিব ।
দিপালী তেতিয়াও ৰান্ধনী ঘৰতে আছে । তিৰোতা মানুহৰ ৰান্ধনীঘৰত বহুত কাম । মতা মানুহে ভাতকেইটা খাই তপিনাত হাতখন মচি আহিলেই হয় । তিৰোতা মানুহে কাহি-বাতি কোছাই কেৰাহি আদি ধুই পখালি ভিতৰখন মুছি-কাছি উলাওতে অনেক পৰ লাগে । গাঁৱলীয়া তিৰোতাৰ জীৱনৰ অধিক সময় ৰান্ধনীশালতে পাৰ হয় । তিৰোতাৰ বাবে ঘৰখনৰ অন্য বয়-বস্তুৰ উপৰিও ৰান্ধনীঘৰটো অতি চিনাকি । কোনবিধ বস্তু ক’ত থাকে চকু মুদিয়ে ক’ব পাৰে,আনিব পাৰে । কেতিয়াবা তিৰোতাজনীৰ কিবা অসুখ হ’লে বা মাহেকীয়াৰ সময়ত মতাজনে আখলত সোমালে আটাইবোৰ বস্তুৱে ওলট-পালট কৰে । ৰংগুৰাৰ টেমাটো নিমখৰ ঠাইত তেলৰ বটল গৈ কোনোবা লংকাত থাকে ।
অজয়ে আমন-জিমনকৈ ৰান্ধনীঘৰৰ জেওৰাখন পাৰ হৈ ভিতৰ সোমাল,তাৰ মন একেবাৰেই বেয়া । সপোন ভঙাৰ পথত,আমেজ ভঙাৰ পথত,প্ৰেম ভঙাৰ পথত এইয়া । সি চকুৰ চাৱনিৰে দিপালীক কিবা বুজাব চেষ্টা কৰিছে,হৃদয়েৰে প্ৰেমৰ ভাষা প্ৰয়োগ কৰিছে । প্ৰেমৰ প্ৰতিবিম্বই হৃদয়ত কোৰ্হাল কৰি উঠিছে । বহু কথা,বহু আশা বহু ব্যথা ক্ষন্তেকতে শেষ হোৱাৰ অনুভৱে অজয়ক কোঙা কৰিছে । দিপালীৰ মুখলৈ চাই বহু কথা পাতিলে,কিন্তু নীৰৱে । আজি যেন দুয়োজনে দুয়োজনক নতুনকৈ আৱিষ্কাৰ কৰিছে । আজি নতুনকৈ মিলন ঘটিছে দুয়োৰে প্ৰেম ভঙাৰ ভয়ত । প্ৰেম ভাঙিলে যেন প্ৰেমৰ মৰম বাঢ়ে এই মাত্রই দুয়োজনেই অনুভৱ কৰিলে । সিহঁতে ক’ব নোৱাৰাকৈয়ে দুয়োজনে দুয়োজনৰ ফালে আগবাঢ়ি আহিল,যেন – এই মকৰ সংক্ৰান্তিৰ যোগ ।
আগলৈ…..