স্মৃতি হব খোজা এটা সৰু সুঁতি ( খণ্ড – ৪)

…..হেমা চহৰীয়া …..দৰং ….

খণ্ড – ৪

নাই ,তাই তেনে নকৰে | তেনে কৰিলে জায়েকে পাগলামী কৰা বুলি ধৰি লব | কথাবোৰ নিজৰ ভিতৰতে পাগুলিয়াই থাকিল | আদিত্যক প্ৰথম লগ পোৱা দিনটোলৈ মনত পৰিল তাইৰ | অদিতিৰ বান্ধৱী অনুৰ বাইদেউকৰ বিয়া আছিল | আন আন বান্ধৱীবোৰৰ লগত অদিতিও গৈছিল বিয়া খাবলৈ | তাতেই দেখিছিল আদিত্যক | গোতেই দিনতো তাইৰ পাছে পাছে ঘুৰি ফুৰিছিল সি/ তাইৰ নাম কি ? কোন class ত পঢ়ে ইত্যাদি বহু প্রশ্নই কৰিছিল তাইক | তাই যথাযথ উত্তৰ দিছিল | সেইদিনা বিয়া ঘৰৰ পৰা এক অজান পুলক লৈ ঘৰলৈ উভতিছিল|
তাৰ কেইদিনমান পাছত স্কুলৰ পৰা উভতি অহা বাটত লগ পাইছিল আদিত্যক | সি কৈছিল – তোমাক দেখাৰ দিনৰ পৰা তোমাৰ প্রতিচ্ছবি মোৰ মনৰ মাজৰ পৰা আতৰাব পৰা নাই , কিয় জনাবা নে ? তেতিয়া তাই অষ্টম নে নৱম মানৰ ছাত্রী আছিল | আদিত্যৰ প্রশ্ন উত্তৰতো কি দিব তাই বুজি পোবা নাছিল | কিন্তু তাই বুজিছিল তাই যৌৱনা হৈছে | নিজকে অনুভৱ কৰিছিল জীৱন জীৱন বৰ অনুপম |
বান্ধৱী অনুৰ পৰা তাই জানিছিল আদিত্যৰ ঘৰ সিহতৰ গাওঁত নহয় | সি মোমায়েক হতৰ ঘৰত থাকি পঢ়া-শুনা কৰি আছে | আদিত্য পঢ়াই শুনাই ভাল লৰা | M.com কৰি আছিল তেতিয়া সি | প্রায়ে অদিতিক অনুহতৰ ঘৰত লগ পাই অান আন কথাৰ লগতে পঢ়া শুনাৰ কথাও পাতিছিল সি |
হঠাৎ তাইৰ নাম ঘোষনা কৰিছিল | বাইদেৱেকে তাইৰ গা টোত ধৰি কৈছিল – বল | অদিতিৰ হৃদয়ত লিখা থকা অতীতৰ স্মৃতিৰ পৰা তাই ঘুৰি আহিছিল | বৰ অসহায় লাগিছিল তাইৰ | তাই ঘামিছিল নেকি ,জায়েকে এখন হাতেৰে শৰাই এখন লৈ আন এখন হাতৰ গামোছাৰে অদিতিৰ মুখখন মুছি দি কৈছিল – বল | একো ভয় নাই | আমি বাহিৰতে থাকিম নহয় |
বন্ধ দুৱাৰখন থেলি অদিতি সোমাই গৈছিল | তাই সন্মুখৰ ফালে চাইছিল জ্বলি থকা এগছি বন্তি , ধূপ , ধূনাৰ গোন্ধত গোতেই পৰিৱেশতো অস্বাভাবিক লাগিছিল তাইৰ | দুৱাৰ খন বন্ধ হোৱাৰ শব্দ শুনিছিল তাই উচপ খাইছিল | ভয়ে ভয়ে কোঠাটোত চকু ফুৰাইছিল অদিতি | ডেকা যোগীজনৰ বাহিৰে আন কোনো তাত নাছিল | অদিতি হয়তু কপিছিল , ডেকা যোগীয়ে তাইৰ কথাটো বুজি পাইছিল | ঢাৰি এখন আগ বঢ়াই কৈছিল – বহা | শব্দটো স্বৰ্গমুক্তি যেন লাগিছিল অদিতিৰ |
ডেকা যোগীৰ সন্মুখৰ ঢাৰি খনত বহি আগলতি কলপাত খনত শৰাইখন থৈছিল তাই | অদিতি ডেকা যোগীজনৰ চকুত চকু থৈছিল | তাই থৰ লাগিছিল যেতিয়া তাই আবিষ্কাৰ কৰিছিল আপোন আপোন লগা তিলটো |

আগলৈ……

(ভালপালে share কৰিব আৰু পঢ়ি কেনেকুৱা পালে commentত জনাব | আপোনালোকৰ comment বোৰে উৎসাহ বঢ়াব )

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *