….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা)
মই মোক নিলাম কৰিব খুজিছোঁ
এজন ভাল গ্ৰাহকৰ সন্ধানত
অচিৰেই প্ৰকাশ হ’ব বিজ্ঞাপন।
তুমিও আবেদন কৰিব পাৰিবা।
নিবিদাৰ বাবে নালাগে কোনো মাছূল
দিলেই হ’ব একাজুলি মৰম।
মোৰ পৰিধি তুমি জানিলোৱা ভাল,
ৰক্ত মোৰ ৰঙা, ভাৱ ধাৰা মানৱীয়, মোৰ চিন্তাৰ পৰিধি বহুত,
কিন্তু তাৰ স্বীকৃতি নাই,
হৃদয়খন কীটনাশক ঔষধৰ দৰে,
কাৰোবাক উপকাৰ কৰে আৰু
কাৰোবাক কৰে ধ্বংস।
ধ্বংসৰ পৰাই সৃষ্টি হয় জীৱনৰ বীজ।
শিক্ষামোৰ অহংকাৰী, অল্প পানীত বৰ জাপ।
কৰ্ম মোৰ বিনয়ী, ধন নাই।
মোৰ পৰা কিনিৱ লগা একোই নাই,
কিন্তু জগতৰ নোহোৱা প্ৰবোধ এটা মোৰ আছে।
মই শূণ্যৰ পৰাও বুটলিব পাৰো
মই মোৰেই জীৱন।
তাৰ বাবে তুমি আবেদন কৰিব নালাগে,
দিলেই হ’ব মানৱতাৰ চকু।
ই গাওঁ সি গাওঁ ফুৰি আছো
এজন ভাল গ্ৰাহকৰ সন্ধানত। কাৰণ মই মোক নিলাম কৰিম।
গাওঁ বা ৰজা ঘৰীয়াৰ চকুত নপৰা
খেৰ কূটাৰে নিৰ্মিত কূটীৰ এটি আছে,
তিনিখুৰাৰ চকী এখনো আছে
আজিৰ ভদ্ৰলোকে তাত নবহে।
এখন ৰেচন কাৰ্ডো আছে,
মাহেকত অলপ অন্য পাওঁ ,
এয়ে মোৰ মূল ধন।
তুমি তোমাৰ আবেদনত মোৰ হৃদয় খন উল্লেখ কৰিলেই সকলো পাবা।
মই মোক নিলাম কৰিম,।।