……✍?ভাস্কৰ ৰাজবংশী……
……গুৱাহাটী বিশ্ববিদ্যালয়……..
অনিয়মৰ ত্ৰাসত কম্পিত
আজি চৌদিশ,
চাৰিওফালে মাথোঁ দুৰ্নীতি,
ভ্ৰষ্টাচাৰ ।
হিংসাই দহচা সমাজখনত
মানুহৰ দেখোন অস্তিত্বই নাই…!
চৌদিশ মাথোঁ শূণ্যতা
বলিছে মাথোঁ মিথ্যাচাৰৰ
বলিয়া বতাহ ।
কাৰ বুকু, কোনে শুদা কৰিছে…
কাৰ কঁপাল, কোনে উকা কৰিছে…
সেয়া খবৰ ৰাখিবলৈ
কাৰোৱে যেন আহৰি নাই !
লালসাত পদ পিষ্ট হৈ
কাৰ কলিজা, কোনে খাইছে ?
কাৰ ৰাঙলী তেজেৰে কোনে
মলিনতাৰ আবিৰ সানিছে
একো যেন হিচাপেই নাই !
মহিলাগৰাকীক যদি ধৰ্ষণ !
আন্দোলনকাৰীজনৰ
আকৌ কন্ঠ ৰুদ্ধ !
পেটৰ ভোকৰ তাড়নাত
চট্-ফটাই থকা দুখীয়াবোৰক
কৰিছে আকৌ অন্ন ৰুদ্ধ !
স্বাধীনতাৰ চিৰন্তন প্ৰাপ্যবোৰ
কোনে, কিয়, কি কাৰণত কাঢ়ি নিয়ে ?
আশাবোৰক আহত কৰি,
আকাংক্ষাবোৰক বিধস্ত কৰি,
বিশৃংখল, বিবৰ্ণ মনেৰে
স্বাধীনতাৰ হেঁপাহবোৰৰ
জানোঁ কিবা অৰ্থ আছে…..…?