সময়ৰ বিহ

……অৰুপজ্যোতি কাকতি…..

নিদ্ৰামগ্ন,
টুপীৰ দেশত কোনে পিন্ধাই জাপি?
তলসৰাত মাথোঁ হুমুনিয়াহ,
জিকিৰি জিকিৰি চৌদিশে বিস্তাৰ
শূণ্যৰ গাঁঠৰি।
সোঁৱাহীপৰুৱাৰ আহ-যাহ
নদীৰ খিৰিকী আৰু ঘৰৰ বেৰ
জিনিয়া জিয়া ,
পাগুৰি এক
দানৰ টকাত জিম্মাদাৰি।
বল্লম বধিৰ নাককটা
চিকুণ চিকুণ লাংপাং ওফাইদাং,
পথাৰ-বজাৰ যুগপৎ
বন্দী দশাৰ কেৰোণ যুগুত
হালগিৰী টঁক টঁক
অকাল জন্ম ঠগবাজি
ফুচুলনিৰ ফুলনিত ঘুমটি মিনতি।
এদিন প্ৰেমৰ বৰষুণত
সভ্য‌‌‌ হ’ব এখন মানুহৰ মঞ্চ।।

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *