আজিৰ দিনটোৰ ৰাশিফল
(১২ আগষ্ট,২০২০)
মেঘ |
কৰ্মক্ষেত্ৰত ভাল হোৱাৰ আশা আছে। সাহিত্য কৰ্মৰ লগত জড়িত লোকৰ বাবে অতিকৈ শুভ, মনোযোগেৰে আগবাঢ়ক, সুনাম অৰ্জন কৰিব। মাতৃৰ শুভ। খং কমাই চলক। অবাবত খৰচ হ’ব। শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা পাঁচ।
|
|
বৃষ |
পদোন্নতিৰ সুযোগ পাব পাৰে। মন দৃঢ় ৰাখক, ভাল দিন আহিব। সম্পদ লাভৰ যোগ। বিবাহৰ পাৰ্থীৰ বাবে শুভ। জ্ঞানী লোকৰ পৰামৰ্শমতে আগবাঢ়ক। আৰ্থিক দিশত মধ্যম। শুভ ৰং মুগা আৰু শুভ সংখ্যা দুই।
|
|
মিথুন |
চাকৰীত পদোন্নতি সুত্ৰে বদলি হব পাৰে। কামত দক্ষতা বৃদ্ধি হ’ব। সিদ্ধি বিনায়ক ভগৱানক স্মৰণ কৰক। দাম্পত্যত শুভ। শৰীৰৰ যত্ন লব। শুভ ৰং গোলাপী আৰু শুভ সংখ্যা চাৰি।
|
|
কৰ্কট |
শৈশৱৰ স্মৃতিয়ে আমনি কৰিব। বহুদিনিয়া আশা পুৰণ হ’ব। কৃতজ্ঞতা নাপালেও ভাল কাম বোৰ কৰি যাওঁক। শুভ সংখ্যা ছয় আৰু শুভ ৰং হালধীয়া।
|
|
সিংহ |
কামত আশা কৰা ধৰণে সুফল পাব। বন্যপ্ৰানীৰ পৰা দূৰত থাকিব। শাৰীৰিক কষ্ট হ’ব পাৰে। ব্যৱসায়ী সকলৰ বাবে শুভ। সন্তানৰ চিন্তা বাঢ়িব। দাম্পত্যত মধ্যম। শুভ ৰং আকাশী নীলা আৰু শুভ সংখ্যা পাঁচ।
|
|
কন্যা |
জ্ঞানী লোকৰ সান্নিধ্য পাব পাৰে, উপদেশ মৰ্মে আগবাঢ়ক। যান বাহনৰ পৰা সাৱধানে থাকক। খং ৰাগ এৰাই চলক।।শাৰীৰিক কষ্ট হ’ব পাৰে। দাম্পত্যত খেলিমেলি । শুভ ৰং মাখন আৰু শুভ সংখ্যা ছয়।
|
|
তুলা |
কৰ্মত প্ৰদোন্নতি হ’ব পাৰে। আনে বদনাম কৰিব পাৰে, গুৰুত্ব নিদি আগবাঢ়ক। সাহিত্যচৰ্চাৰ লগত জড়িত লোকৰ বাবে অতিকৈ শুভ। মাতৃৰ শুভ। ধন লাভৰ যোগ। শুভ ৰং গোলাপী আৰু শুভ সংখ্যা পাঁচ।
|
|
বৃশ্চিক |
আনৰ অহিত চিন্তা নকৰি সৃষ্টিশীল চিন্তাধাৰাৰে আগবাঢ়ক। শৰীৰ উন্নত। ভ্ৰমনৰ যোগ। প্ৰাকৃতিক দুৰ্যোগে সমস্যাৰ সৃষ্টি কৰিব পাৰে। শুভ ৰং আকাশী নীলা আৰু শুভ সংখ্যা চাৰি।
|
|
ধনু |
বিবাহ পাৰ্থীৰ বাবে শুভ। লাস বিলাসৰ প্ৰতি দুৰ্বলতা কমিব। জ্ঞানী লোকৰ পৰামৰ্শ মানি লওক। খোজ কাঢ়োতে সাৱধান। শুভ ৰং সোণালী আৰু শুভ সংখ্যা পাঁচ।
|
|
মকৰ |
অন্য মনস্ক হৈ কাম নকৰিব, আনে অপমান কৰিব পাৰে। নিষ্ঠাৰে নিজৰ কাম কৰি যাওক। গণেশ ভগৱানক পূজা কৰক। বিদ্যাৰ্থীৰ বাবে শুভ নহয়। শুভ ৰং মুগা আৰু শুভ সংখ্যা ছয়।
|
|
কুম্ভ |
কৰ্মোন্নতিৰ যোগ। সন্তানক আৰু মাতৃৰ শৰীৰে চিন্তা বঢ়াব। কৰ্ম ক্ষেত্ৰত সাৱধান থাকক,আপোনাৰ অধিকাৰ আনে লৈ যাব পাৰে। শুভ ৰং নীলা আৰু শুভ সংখ্যা দুই।
|
|
মীন | কষ্ট অনুসৰি মৰ্যাদা পাব। ধন সম্পত্তিৰ চিন্তাই আমনি কৰিব। পাৰিবাৰিক জীৱনত অলপ অশান্তি থাকিব, বুজাবুজিৰে সমস্যা বোৰ সমাধান কৰিবলৈ চেষ্টা কৰক। শুভ ৰং গোলাপী আৰু শুভ সংখ্যা পাঁচ। |