……✍প্ৰাণজিৎ কলিতা…..
……গুৱাহাটী বিশ্ববিদ্যালয়…….
আঁচলেৰে মেৰিয়াই
ভগ্ন হৃদয় খন বুকুত সাৱতি
দুচকুৰে দেখা সপোনবোৰ
আজিও আবদ্ধ হৈ আছে,
মোৰ হৃদয়ৰ মাজত।
উজাগৰী নিশাৰ
এটি এটি পল তুমি দেখা
সপোনবোৰ আজি দেখোন কেনিবা হেৰাই গ’ল অ,আই।
মৰমবোৰ যদি মৰম হৈ থকা হ’লে ,
আজি আকৌ এবাৰ তোমাৰ কোলাত
মূৰ গুজি হেপাঁহ পলুৱাই
চকুলো টুকিব পাৰিলো হয় ।
নিশাৰ এন্ধাৰ বোৰে মোক
বাৰুকৈ আমনি কৰে ।
তুমি জানানে আই,
তোমাৰ অনুপস্হিতত যে মোৰ মনৰ
অসুৰবোৰ জাগ্ৰত হৈ পৰে।
আৰু সিঁহতে যে মোক তোমাৰ ওচৰলৈ যাব নিদিয়ে ।
এতিয়া দেখোন তুমি দেখা সেই সপোনৰ ৰংবোৰ কেনিবা হেৰাই গ’ল।
আৰু মনৰ মাজত অনৈতিকতাই দোলা দিলে ।
আই অ,এতিয়া দেখোন
তুমি নেদেখা সপোনবোৰৰ গৰাকী হে হৈ পৰিলো ।
নাজানো আই তোমাৰ মুক্ত কোমল
হৃদয়ৰ সপোনৰ কথা কেনেদৰে পাহৰি পেলালো।
মোক ক্ষমা কৰি দিবা আই
মই তোমাৰ সপোন পূৰাব নোৱাৰিলোঁ॥