……হেমা চহৰীয়া…..দৰং……
খণ্ড – ৩
অদিতিৰ বাৰে বাৰে চকু পৰিছিল ডেকা যোগী জনৰ ওপৰত | ভাগ্য ভাল ডেকা যোগীজনে চকু মুদি একান্ত মনে ভাগৱত শ্ৰৱন কৰি আছিল | গেৰুৱা বখন বহুদিন নুখুৰোৱা দাৰি আৰু মুৰত সামান্য জঁটাৰে কৰবাত দেখা মানুহ যেন বোধ হ’ল তাইৰ | বাইদেউয়েকে কানে কানে তাইক কিবা কৈছিল | তাই উত্তৰ দিছিল যদিও দৃষ্টি কিন্তু যোগীজনৰ ওপৰত আছিল |
অদিতিৰ মনলৈ আহিল এখন মুখ আদিত্য…..! আদিত্য নহয়তু ! তাই নিজকে প্ৰবোধ দিছিল – নহয় ? কিয় হব ? সিতো কেতিয়াবাই ঘৰ – সংসাৰ পতা বুলি শুনিছিল | কিবা ভাল চাকৰিও কৰে বুলি শুনিছিল | হয় নেকি বাৰু ? যদি হয় কিয় ? কেনেকৈ !
অদিতিৰ চকুহালে বিচাৰি ফুৰিলে যোগীজনৰ ওপৰ ওঠত মাহ, তিল জাতীয় কিবা আছে নেকি ? নাই, গোতেই মুখখন দাৰিয়ে আৱৰি ধৰিছে বাবে আতৰৰ পৰা তাই ধৰিব নোৱাৰিলে | অদিতিৰ মনত আদিত্যৰ ছবিখনে দোলা দিবলৈ ধৰিলে | বগা সুন্দৰ বহল মুখ খনত নাকৰ তলতে আদিত্যৰ এটা ডাঙৰ মাহ আছিল | আদিত্যৰ সতে মুখা মুখি হলেই তাইক তাইৰ বান্ধৱীহতে জোকাইছিল
ঔ ফুলিয়া গালতে জিলিকাতোৰ সৰু সেই তিলটিয়ে ৰাতিও মোক শুব নিদিয়ে….| অদিতিৰ ওঠৰে এটি হাঁহি বাগৰি গ’ল |
যোগীজনক একেবাৰে ওচৰৰ পৰা চাবলৈ অদিতিৰ মন গ’ল | নাচাও বুলিও বাৰে বাৰে চকু গৈছিল যোগীজনলৈ | যোগীয়ে কি ভাবি আছে জানো একান্ত মনে চকু মুদিয়েই আছিল | কিছু সময়ৰ পাছত ওখ পাখ ক্ষীণ চেহেৰাৰ লোক এজনে ডেকা যোগী জনক কানে কানে কি জানো কলে | ডেকা যোগীয়ে চাৰিওফালে চকু ফুৰালে | দ্বিতীয় শাৰীত বহি থকা অদিতিৰ চকুত চকু থলে ডেকা যোগীয়ে | কোনেও চকু নমাই অনা নাছিল | খন্তেক সময়ৰ পিছত ডেকা যোগী জন বহাৰ পৰা উঠি গৈ আৰে আৰে অদিতিক প্রত্যক্ষ কৰা তাই বুজি পাইছিল | অদিতিৰ আগত বহা তিৰোতা গৰাকী ওখ আছিল বাবে বহাৰ পৰা যোগীয়ে ভালকৈ অদিতিক দেখা নাছিল | সেয়ে হয়তু উঠি গৈছিল |
হঠাৎ ওখ পাখ মানুহজনে ঘোষনা কৰিলে যি সকলে বাবাৰ দৰ্শন পাব বিচাৰে সেই সকলে নাম ঘৰৰ দক্ষিণ দিশত থকা ঘৰত তেওক দৰ্শণ কৰিব | আমি নাম সমুহ ঘোষনা কৰাৰ লগে লগে যেন তেওঁলোকে বাবাক লগ কৰে….| আৰু কিবা কিবি কৈছিল যদিও তাইৰ শুনাৰ ধৈৰ্য নাছিল | হাতত থকা কাগজৰ টুকুৰাটো উলিয়াই তাই চাইছিল দহ নম্বৰ | অদিতি ঘামি গৈছিল | সচাই যদি সেয়া আদিত্য তাই কি কৰিব ? নে তাই ঘৰলৈ গুছি যাব !
আগলৈ……
(ভালপালে share কৰিব আৰু পঢ়ি কেনেকুৱা পালে commentত জনাব | আপোনালোকৰ comment বোৰে উৎসাহ বঢ়াব |)