….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা)
(পাঁচ)
নিশা ভালেমান হ’ল । টোপনি নাহে হে নাহে । প্ৰেম ভঙা মানুহৰ দৰে বিৰিং বাৰাং কিবা কিবি মনলৈ আহি থাকে । মুখখন ওপৰমুৱাকৈ শুই আছে । চকুহাল খুলি থৈ আকাশ-পাতাল ভ্ৰমি আছে । খোলা চকুৰেই সপোন দেখে । টোপনিয়ে আজি ভদ্ৰেশ্বৰক হাৰ মনাব পৰা নাই । ঘনে ঘনে মনত পৰে তগৰৰ মাকৰ কথা । কিবা এটা নাজানিলে নুশুনিলে ইমান ডাঙৰ আত্মঘাতি কথা এষাৰ ক’ব পাৰেনে ? লাজকুৰীয়া নিবোকা চমোনটোৱে নো ইমান নিলাজ কাম কৰিব পাৰেনে ? সি বাৰু অত বছৰে সেইবাবেহে ইয়াতে আছে নেকি ? চাল্লা নোম টেঙৰ ? তগৰৰ মাকৰ কথাবোৰ এতিয়া কেনেকৈ প্ৰমাণ কৰো ! গাঁৱখনত বা কোনে কি বু-বু বা-বা কৰি আছে ।
এইবোৰ কথা ওলট পালটকৈ ভাবি ভদ্ৰেশ্বৰৰ মগজুটো একেবাৰে উতলি উঠে,কিন্তু ভদ্ৰেশ্বৰে ধৈৰ্য ধৰে,ভদ্ৰেশ্বৰৰ ধৈৰ্যৰ ৰেখাডাল মজবুট । সেয়ে নিজৰ দেহাটোকে কষ্ট সহিব দিছে । ইয়াৰ বাহিৰে যে তাৰ আৰু উপায় নাই ।
নিশা যিমানেই গভীৰলৈ আহিছে ভদ্ৰেশ্বৰৰ চকুহালো সিমানে টনকীয়াল হৈছে । জীৱনত প্ৰথমবাৰৰ বাবে এনে হৈছে । চিন্তা চিন্তা চিন্তা,কেৱল চিন্তা,চিন্তাৰ কোনো পাৰ নাথাকে,চিন্তাৰ কোনো ঔষধ নাই,চিন্তাৰ নিজা আকাৰ নাই,চিন্তাৰ মানুহৰ মগজুত সোমোৱাৰ কোনো সময় নাথাকে । চিন্তাই কাকো সুখত থাকিব নিদিয়ে । চিন্তা অহা বাট অনেক,কিন্তু চিন্তাই প্ৰস্থান কৰা বাট অচিনাকী । চিনাকী কৰি দিওঁতাও নাই । চিন্তা অহাবাটত কেনা নালাগে,আৰু আহিলে যোৱাৰ ইচ্ছা নকৰে ।
আজি ভদ্ৰেশ্বৰে বাৰুকৈয়ে বুজিছে যে চিন্তাই মানুহক কিদৰে ৰুগীয়ে কৰে । চিন্তাই কিদৰে স্বাস্থ্যৰ ক্ষতি কৰে । চিন্তাই কিদৰে টোপনী কাঢ়িব পাৰে ।
ভদ্ৰেশ্বৰে আজি বাগৰ সলাব নৌপাওঁতেই পোহৰ হ’ল । মকৰাৰ টিকাৰে অনৰ্গল সূতা ওলোৱাৰ দৰে আজি ভদ্ৰেশ্বৰৰ মগজুৰ পৰাও ইটো সিটো চিন্তাই হেচা দি ধৰিলে । কাষতে শুই থকা সহধৰ্মিনীয়ে গমেই নাপালে ।
ভদ্ৰেশ্বৰৰ অকমানি বাঁহৰ ঘৰটোৰ জলঙাইদি ভিতৰলৈ বাহিৰৰ পোহৰ পোনপতীয়াকৈ প্ৰৱেশ কৰিছে । ভোমোৰাবোৰে বিভিন্ন বনৰীয়া ফুলৰ ৰস গোটাই কেওঁফালে গুণগুণাই পোহৰ হোৱাৰ জাননী দিছে । বাৰীৰ ধাপত থকা বাঁহনি ডৰাত ডাউকজনীয়ে পৃথিৱী সাৰ পোৱাৰ কথা জনাইছে । সেই সময়খিনি যেন ঈশ্বৰৰ সৃষ্টিত এক নতুনত্ব সদায়ে প্ৰদান কৰিছে,সকলো জীৱই যেন পুৱা সেই সময়খিনিত জন্মগ্ৰহণ কৰে । কেওঁফালে শান্তিৰ আহ্বান ঈশ্বৰে প্ৰতিটো পুৱাই সৃষ্টি কৰে । কিন্তু মানুহেহে পুৱাৰ পোহৰৰ গতি বেগৰ দৰেই অশান্তি কৰে ।
তেনে এক নিৰিবিলি পুৱাৰ সময়তে ভদ্ৰেশ্বৰে সাৰ সুৰ নকৰাকৈ বিছনাৰ পৰা লাহেকৈ উঠি আহিল । বাঁহৰ দুৱাৰখনৰ দাং ডাল লাহেকৈ গুচাই পোনে পোনে লং ঘৰলৈ গৈ লোটা এটা উলিয়াই আনি,গোহালি ঘৰলৈ গ’ল । কলি গাইজনী তেতিয়াও ঘৰ সোমোৱা নাই । তাই বৰ ‘চুৰনি’ গাই । আনৰ হেঙাৰ ভাঙি খেতি নাখালে তাইৰ পেট নভৰে । আনে কষ্ট কৰি,যতনাই ৰুই ডাঙৰ দীঘল কৰা খেতিবোৰ খালে খেতিয়কগৰাকীৰ কিমান ক্ষতি হয় সেইয়া গৰুৱে নাজানে । গৰুৰ দৰে কিছু মানুহেও নাজানে,কাৰোবাৰ কথাত যে কাৰোবাৰ সংসাৰত জুই লাগে সেই কথাও কিছু লোকে অনুভৱ নকৰে । কিছু লোকে কৰা কৰ্মৰ বাবে কাৰ কিমান ক্ষতি হয় তেওঁলোকে অনুভৱ নকৰে,বহু ভুল কৰে কিছু মানৱে । কিছু লোকে জানিও ভুল কৰে ।
গাইজনীক খীৰাই লোটাতো কাঠিতে থলে । তায়ো আজি গাখীৰ নিদিলে । আনদিনা এসেৰ ডেৰ সেৰ ওলাই,আজি দেখোন ‘পনী’ নিদিলে ।
ভদ্ৰেশ্বৰে আজি পাহৰি গ’ল যে আনদিনা গাই দুজনী সাত বজাৰ আগতে খীৰোৱা নাযায় । এচৰীয়া পানীৰ সৈতে চাউলৰ মল সিহঁতৰ আগত নিদিলে আহাৰ চুবই নিদিয়ে,লঠিয়াই আচাৰি থাকে । কিন্তু আজি ভদ্ৰেশ্বৰে সকলো পাহৰি থাকিল,বেজতৰীয়াৰ চিন্তাত । বাহিৰত কিবা খটাং-খুটুং শব্দ শুনি দিপালীয়ে বিছনাতে মিনুৰ ওপৰেৰে হাতখন মেলি ভদ্ৰেশ্বৰক খেপিয়াই চালে,নাই,এই ব্ৰহ্মপুৱাতে ক’লৈ গ’ল ? কোঠাটোত তেতিয়াও পোহৰ হৈ উঠা নাই । তাইৰ চকুহালো ভালদৰে মেল খোৱা নাই । গাৰুৰ তলৰ পৰা জুইৰ বাকচতো খেপিয়াই হাতলেম্পটো জ্বলাবলৈ চেষ্টা কৰিও নোৱাৰিলে । ৰাতিয়ে তেল শেষ হৈ ফিটা আদিয়ে পোৰা গৈছে,জুইৰ কাঠি পুৰি আহি হাতত লাগিল । কিন্তু লেম্পটো নজ্বলিল । পুৱতি নিশাৰ টোপনিৰ আমেজ তেতিয়াও ভঙা নাছিল,চকুহাল মেলা মুদা কৰি খচ-মচকৈ উঠিব খোজোতে হাতত লাগি লেম্পটো পৰি ভাগিল,আৰু ঘৰৰ ভিতৰৰ পৰা আচহুৱা শব্দ এটা বাহিৰত থকা ভদ্ৰেশ্বৰৰ কাণত বাজিল । ভদ্ৰেশ্বৰে বাহিৰৰ পৰাই কাহ এটা মাৰি সি বাহিৰত থকাৰ উমান দিপালীক দিলে । দিপালীৰ গাটো চিৰিংকৈ উঠিল,তাইৰ গাটো সামান্য কঁপিবও ধৰিলে,পুৱাই আইনা ভঙাতো বৰ অশুভ বুলি তাই জানে । তাই বাহিৰলৈ ওলাই আহিল,বহুবছৰীয়া বাঁহৰ দুৱাৰখনৰ কেৰ-মেৰকৈ শব্দ এটা ওলাল,এই শব্দ সদায়ে ওলাই,কিন্তু আজিৰ শব্দটোৱে তাইৰ বুকু বিন্ধিলে ।
বাহিৰলৈ আহিয়ে দুয়োজনে দুয়োজনৰ মুখলৈ চালে,এই চাৱনিত প্ৰেমৰ ভাৱ নাই,ভদ্ৰেশ্বৰৰ চাৱনিত ঘৃণাৰ ভাৱ সোমাইছে । তাৰ মুখখন শুকান । চকু দুটা আঙঠা যেন হৈ আছে । আনকালে কেতিয়াবা টোপনি ক্ষতি কৰিলেও ইমান ৰঙা নহয় । ৰাতিৰ মাত কথাবোৰো হুতা আৰু কেটেৰা,ক’ৰবাত কিবা বিজুতি ঘটিছে নেকি ? এনেবোৰ কথাই দিপালীয়ে মনৰ ভিতৰতে পাগুলিয়াই আছে । কিবা এটা সুধিবলৈ সাহস গোটাব পৰা নাই,তথাপিও তাই মনটো ডাঠ কৰিলে আৰু ভাবিলে – সহধৰ্মিনী হিচাপে সুধাটো আৰু জানিব লগাটো মোৰ কৰ্তব্যৰ ভিতৰত পৰে -“আজি ইমান পুৱাই উঠিল যে ? অজয় নাই বাবেই পুৱাই উঠা অভ্যাস কৰিছে নেকি ?”
গোহালিৰ বেৰত আঁৰি থোৱা নাঙলখন নমাই আনি কান্ধত ল’লে,গোহালিৰ চালত খুচি থোৱা এচাৰিডাল টান মাৰি আনি,হালোৱা দুটা গোহালিৰ পৰা মোকলাই,গপগপাই খোজ ল’লে পথাৰলৈ । দিপালীৰ কথাৰ কোনো উত্তৰ নিদিলে । পুৱাই পুৱাই অজয়ৰ নাম লৈ দিনটোৰ বাবে অশুভ কৰিলে । যেন তজবজিয়া ঘা-দোখৰত দিপালীৰ নখে আঁচুৰি আৰু সজীৱ কৰিলে । খঙত মানুহজন ঘামি উঠিল,কিন্তু নীৰৱে থাকিল । আনকালে কেতিয়াবা হাল বাব গ’লে ক’ত হালবাব,কি জলপান নিব লাগিব,ৰাধামহাজনৰ আলিৰে নাযাবা,মানুহজনে কেপকেপাই থাকে,হাভি পথাৰত জোক বেছি,চূণ-ধপাত লগত নিবা আদিকে কয় । আজি কিন্তু হাল নিওতে একো নক’লে । কেৱল এচাৰিডাল জোকাৰি ৰঙা হালোৱাটোৰ পিঠিত এচাৰি ওপৰলৈ ডাঙি হালোৱাটোৰ গাত লাহেকৈ থ’লে ।
ভদ্ৰেশ্বৰে আজি হালখন দূৰলৈ নাই নিয়া । ওচৰতে দুকঠা বাম মাটি আছিল,তাতেই বালে । দিপালীয়ে ন মান বজাত চাহ-জলপান লৈ গৈছে,গিৰিয়েকে ভালপোৱা টেকেলি পিঠা বনাই নিছে । আজি গিৰিয়েকৰ মুখখনো টেকেলি পিঠাৰ দৰে ওফন্দি আছে,কথা পাতিব ভয়ে লাগে ।
ভদ্ৰেশ্বৰে চাহ-জলপান একো আপত্তি নকৰাকৈয়ে খালে কিন্তু দিপালীৰ লগতহে একো কথা নাপাতিলে । মিনুজনীৰ কথাও নুসুধিলে – তাইক ক’ত থৈ আহিল,কাৰ লগত থাকিল আদি । সেয়ে দিপালীৰ পেটে-পেটে খং – কিনো জগৰডাল লগালো ? কি এনে নোকোৱা কথা ক’লো ? যে – ইমান ভেম পাতিব লাগে “
সেয়ে দিপালীয়ে ভয়ে ভয়ে মাতত যিমান পাৰি ৰস দি সুধিলে -“মেখেলাখনৰ দাম বাৰু বেছি হ’ল নেকি ? যদি বহুত অসুবিধা আছিল কেইদিনমান দেৰিকৈ আনিলেও হ’লহেঁতেন ।”
দিপালীৰ কথাত ভদ্ৰেশ্বৰে অলপো গুৰুত্ব নিদিলে,কাৰণ ভদ্ৰেশ্বৰে জানে যে – তিৰোতা মানুহৰ লগত কাপোৰ-কানি,সোণ-গহণাৰ কথা পাতিলে সিহঁতক আৰু অন্য একো নালাগে । প্ৰসাধন সামগ্ৰীৰ বাবে কিছু তিৰোতাই দেহৰ সৰ্বস্ব এৰি দিয়ে । কিছু তিৰোতাই আকৌ গিৰিয়েকৰ পকেটত কিবা থাকক বা নাথাকক দোকান দেখিলেই কিবা লাগে,ফেৰিৱালা দেখিলেই কিবা নহয় কিবা বিচাৰিবই । কাচিৎহে দুই-এজনী ব্যতিক্ৰম আৰু সেই ব্যতিক্ৰমৰ ভিতৰত মোৰ এইজনী নপৰে । ভদ্ৰেশ্বৰে এইকথাও মনে মনে ভাবিলে যে – মাক বাপেকহাল জীয়াই থাকোতেও বহুত অতপালি কৰিছে । তেওঁলোকলৈ ঔষধৰ বটল এটা আনিলেও দিপালীয়ে জিদ ধৰে । সেইদিনাই এটা নতুন বস্তু খুজি ঘৰখনত হাহাকাৰ লগাব । মুখৰ ভিতৰতে ভোৰভোৰাই থাকে -“আনক দিবলৈ আছে,অভাৱ নহয় ! মই কিবা এটা খুজিলেহে কঁপালত নিমিলে ।” তাই অন্য ঠাইত খং উজাৰে,ছোৱালীজনীকে গেমেহ গেমেহ ভুকিয়াব । ভদ্ৰেশ্বৰে যেতিয়া দেউতাকলৈ লক্ষ্য কৰে – চকলা চকলিকৈ চিঙা গেঞ্জী এটা পিন্ধি থাকে,পিঠি-বুকু গোটেই দেখি,তেতিয়া ভদ্ৰেশ্বৰৰ বুকুখনে খুন্দা মাৰি ধৰে । কেতিয়াবা সোমবৰীয়া সাপ্তাহিক বজাৰলৈ কেইটামান নাৰিকল,কেইবাকুৰি মুঠি পাণ,কুঁহি তামোল আদি বিক্ৰী কৰি দেউতাকলৈ এটা গেঞ্জী আনিলেও ঘৰখনত এটা অশান্তিৰ পৰিৱেশৰ সৃষ্টি কৰে । আগ-গুৰি নভবা নিচিন্তাকৈয়ে এফালৰ পৰা খিজনী ধৰে -“মোৰ ফটা ব্লাউজটোলৈ কাৰো নজৰ নপৰে ? মোৰ অভাৱবোৰ অভাৱ নহয় ? মই কিবা এইখন ঘৰৰ মানুহনে ? সূৰ্যোদয় হোৱাৰ পৰা মাজৰাতিলৈ কাম কৰা বান্দীহে মই ! সৌ কেৰ্পনহঁতৰ মাক দিনক দিনে গাভৰু ছোৱালীৰ দৰে হৈ আহিছে । বিপুলহঁতৰ ঘৰখনত একোকেই নাই,এডৰা মাটিও নাই,কিন্তু ঘৈণীয়েকে আজিকালি বঙালী শাৰীও পিন্ধে,দামি-দামি তেল ঘঁহে,খোপাত ডিজাইনৰ পিন মাৰে আমাৰ কঁপালতহে সেইয়া একো নিমিলে । আমি কিবা মানুহনে ? কাম কৰাকৈহে এই পৃথিৱীত জনম ধৰিছোঁ ।”
এইবোৰ কথা ভদ্ৰেশ্বৰৰ বহুদিনৰ চিনাকী । এখন সংসাৰ কৰোতেই যেন দহখনৰ অভিজ্ঞতাই লগ দিছে । সংসাৰখনৰ জ্বলাকলা বহুত পাইছে দেখিছে । কেতিয়াবা কেতিয়াবা ভদ্ৰেশ্বৰৰ বিয়া দিয়া বাইদেউৱেক নীলিমা মাকৰ ঘৰ বুলি এপাক আহে । মাক-বাপেক নহ’লেও ভায়েকৰ মুখন চাবলৈ আহে । বাইদেউৱেক নীলিমাই ভদ্ৰেশ্বৰক মাকে মৰম কৰা দিছিল,গা-মূৰ ধুৱাই দিয়াৰ পৰা স্কুললৈ সাজি-কাচি পঠোৱাৰ পৰা সকলো আলপৈচান ধৰিছিল বাইদেউৱেকে । আজি বিয়া দিলে বুলিয়ে মৰম চিঙি নাযায় । সম্বন্ধ আঁতৰি নাযায়,কিন্তু সেই বাইদেউৱেক জনীও কেতিয়াবা মাকৰ ঘৰ বুলি আহিলে,দিপালীয়ে তাইৰ গা বেয়া লগা বুলি চৰুলৈ নাযায় । ঘৰলৈ যোৱাৰ ফান্দ পাতে । নক’ব লগা কথা এষাৰ কৈ কাজিয়াৰ সূত বঢ়াই,শুই থাকে,কিবা কৰিলেও বাচন-বৰ্তনৰ ওপৰত ক্ষোভ উজাৰে । বাইদেউৱেক আহিলে যদি ভদ্ৰেশ্বৰে ক’ৰবাৰ পৰা কেনেবাকৈ মাছ-মঙহ কিবা এটা যোগাৰ কৰে,আলহী বাইদেউৱেক থাকোতেই দিপালীয়ে কয় -“কালি দেখোন এটাও পইচা নাই বুলি কৈছিল ? আজি আকৌ ক’ৰ পৰা ওলাল মাছ-মঙহ খাবলৈ ? মোৰ ঘৰৰ ফালৰ কোনোবা আহিলে কণী এটাও ওলাই নপৰে ?”
এনেবোৰ আহুকলিয়া কথাৰে ঘৰখনত এক হুলস্থূলীয়া পৰিৱেশ কৰে । মাকৰ ঘৰলৈ গুচি যায় । ডাক্তৰ খানাক যাওঁ বুলি বাহিৰে বাহিৰে পেহীয়েকৰ ঘৰ ওলায় । এইফালে আলহী ঘৰতে বহি থাকে । এনেবোৰ কাৰণতে ভদ্ৰেশ্বৰৰ একমাত্র বাইদেউৱেক আহিব এৰিলে । কেতিয়াবা আহিলেও গাওঁখনৰ সিটো মূৰে থকা বৰমাকহঁতৰ ঘৰৰ পৰাই ঘূৰি যায় ।
এনেবোৰ কথা মনত পৰিয়ে ভদ্ৰেশ্বৰে মেখেলাখনৰ দাম বা মেখেলাখনৰ কথা দিপালীক কোনো উত্তৰ নিদিলে । ৰতনে মেখেলাখন দিয়া বুলি কালিয়ে কৈছিল,আজি যদি সেই কথাকে কোৱা হয় দিপালীয়ে আন এটা কথা উলিয়াই যুক্তি দৰ্শাই হ’লেও এঘৰী যুঁজিব । সেয়ে ভদ্ৰেশ্বৰ নীৰৱে থাকিল ।
ভদ্ৰেশ্বৰৰ আন এটা সমস্যা হ’ল – দিপালীৰ চোকা মুখখনৰ আগত একো কথা ক’বই নোৱাৰি,কথাৰ আঁত ক’ৰবালৈ লৈ গৈ ভাল কথাষাৰো কাজিয়াত পৰেগৈ । তাইৰটোৱে ডাঙৰ,সেয়ে ভদ্ৰেশ্বৰে আজিকালি ঘৰত বেচি কথা নকয়,কিন্তু সিও এক জগৰ । দিপালীয়ে কিবা সুধিলে সতকাই উত্তৰ নাপালে কয় – ঘৰতহে নিমাত পৰত দেখোন মানুহ এজন আগেৰে পাৰ হ’বই নোৱাৰে,কেপকেপাই থাকে ।
সেয়ে ভদ্ৰেশ্বৰে মাজে মাজে ভাৱে -“সংসাৰ কৰোতে ভাল তিৰোতা এজনী পোৱাতো নিশ্চয় কপালৰ ফেৰ ।”
আজি দুদিন মানৰ পৰা দিপালীয়ে গিৰিয়েকক সকলো দিশতে ব্যতিক্ৰম দেখিছে । খোৱা,বোৱা,আচাৰ-ব্যৱহাৰ লৰিছে । মুখৰ ছবিখনো সলনি হৈছে,কিন্তু ইয়াৰ কাৰণ যে অজয় হ’ব পাৰে এই কথা বুজি উঠা নাই । তাই ভাবিছে – সংসাৰ চলাওতে কেতিয়াবা আউল লাগে,আকৌ ভাঙে । টকা-পইচাৰ ধাৰ লাগে আকৌ ধাৰ মৰে । কাপোৰ বাতি কাঢ়োতেও সূতা চিঙে,’ব’ তোলোতেও সূতা চিঙে,কিন্তু সেইবুলি জানো কাপোৰ নোলায় । শালিকীজনীয়ে বাঁহৰ পৰা ওলাই,চোতালত কাজিয়া কৰে,ঠেঙেৰে জুতি-বান্ধি ঠোটেৰে খুটি বখলিয়াই দিয়ে,কিন্তু ক্ষন্তেকৰ পিছতে জনো সিহঁতৰ মিলন নহয় ?
বেলি মূৰৰ ওপৰত উঠিল,ভদ্ৰেশ্বৰে হাল মেলি অহা নাই । আনদিনা হাল বালে ৰান্ধনী বেলি উঠো-নুঠোতেই হাল মেলে,অজয়ে হাল বালে কেতিয়াবা দেৰিকৈ বালে কয় -“এই দুপৰ বেলালৈ হাল বাব নালাগে,গৰু হালে বৰ কষ্ট পাই । তাতে ঘঁহ-বন কমিছে,আজিকালি মানুহে দ-বাম সকলোতে খেতি কৰে,গৰুৰ ঘঁহনিলৈ এডৰাও মাটি নাৰাখে । কেৱল খেতি আৰু খেতি । পিছে আজিকালি বছৰ-চেৰেক খাবও নোযোৰে গিৰিহঁতক । গৰু হালক আদৰ কৰিব লাগে,খেতিয়কৰ একমাত্র মূলধন গৰু ।”
গৰুক ইমান মৰম কৰা মানুহজনে এই দুপৰবেলালৈ হাল বাই থকাত দিপালী আচৰিত হ’ল । তাইৰ মনৰ ভিতৰত বহু প্ৰশ্ন উদয় হ’ল – কেনাটো ক’ত লাগিল বাৰু ?
বেলি হাউলি পৰাত ভদ্ৰেশ্বৰে হাল মেলি,বাহিৰে বাহিৰে গৰু হাল খেৰনিত দি আহিল । গোহালিৰ বেৰত নঙলাখন আগৰ ঠাইতে আৰি থৈ এচাৰি ডালো আগৰ ঠাইতে চালখনত খুচি মাৰি থৈ চোতালৰ ফালে আহিব খোজোতেই নজৰত পৰিল – নঙলাখনৰ ফালত আঠালেতিয়া মাটিবোৰ কামোৰ খাই ধৰিছে । মাটিবোৰ নখেৰে চিকুতিয়াই এৰুৱাব ধঁৰোতেই দিপালীয়ে নঙলাৰ পৰা হেফাই ফেফাই দৌৰি আহি গিৰিয়েকৰ ওচৰ চাপিল । যেন পাঁচ-ছয় বছৰীয়া শিশুটিহে বাপেকৰ ওচৰত আবদাৰ কৰিছেহি -“হেৰি,হেৰি শুনিছেনে ? এটা ফেৰীৱালা আহিছে এযোৰ কাণফুলি ৰাখোনে ?”
ভদ্ৰেশ্বৰে দিপালীক কোনো উত্তৰ নিদিলে । তেৰ ৰঙা হৈ থকা চকু যুৰিয়ে যেন দিপালীক উত্তৰ দিলে । তাই অহা বাটেৰে ওলতি আহিল । কিছু সময়ৰ আগতে ভদ্ৰেশ্বৰে তিৰোতাৰ বিষয়ে যি ধাৰণা কৰিছিল সেই কথাৰ যেন সত্য প্ৰমাণিত হ’ল । ৰাতি মাত্র ভদ্ৰেশ্বৰে কৈছিল -“দুটামান টকা হাতত নোহোৱা বাবে সি বাছৰ ভাড়া দিব নোৱাৰি কেইবামাইলো খোজকাঢ়ি আহি ঘৰ লৈছিল । কিন্তু এতিয়া সেইবোৰ কথা যেন ৰাতিটো পুৱাওঁতেই ফুটুকাৰ ফেন হ’ল । এইয়া কি ধৰণৰ সহধৰ্মিনী ? য’ত পুৰুষজনৰ দুখৰ ভাগি হ’ব নোখোজে ? পুৰুষজনৰ বেদনাৰ উম নলয় ? পুৰুষজনৰ হাতত হাত ধৰি খোজ নিদিয়ে । সকলো দায়িত্ব কি পুৰুষজনৰ অকলেই ?”
আগলৈ…..