আজিৰ দিনটোৰ ৰাশিফল
(৪ আগষ্ট,২০২০)
মেঘ |
আনৰ ওপৰত বেছি ভৰষা নকৰি কৰ্তব্যত নিষ্ঠা আৰু সততাৰে আগবাঢ়ক। বিদ্যাৰ্থীৰ বাবে বৰ ভাল নহয়। পাৰিবাৰিক দিশত ভাল। শুভ ৰং কমলা আৰু শুভ সংখ্যা দুই।
|
|
বৃষ |
আনৰ পৰা প্ৰেৰণা পাব। দুৰ ভ্ৰমণৰ যোগ আছে, কিন্তু ভ্ৰমণত অলপ কষ্ট হ’ব। জুইৰ পৰা সাৱধান। দাম্পত্যত শুভ। প্ৰদুষনে আমনি কৰিব। খৰচ বাঢ়িব। শুভ ৰং ৰঙা আৰু শুভ সংখ্যা চাৰি। |
|
মিথুন |
খেলাধুলাৰ লগত জড়িত লোকৰ বাবে দিনটো শুভ। মনত সৎ সাহস ৰাখক। মনৰ পৰা ভয় ভাব আতঁৰিব। শত্ৰু কমিব। সকলো হ্মেত্ৰতে সাৱধানতা অবলম্বন কৰক। শুভ ৰং আকাশী নীলা আৰু শুভ সংখ্যা ছয়।
|
|
কৰ্কট |
আবেগ বৰ্জন কৰি আগবাঢ়ক। কৰ্তব্য দায়বদ্ধতাৰে সম্পাদন কৰিবলৈ যত্ন কৰক। মাটি সম্পত্তি হ’ব পাৰে। ব্যৱসায়ত লোকচান হ’ব পাৰে। সাৱধান হওঁক। শুভ ৰং গোলাপী আৰু শুভ সংখ্যা পাচঁ।
|
|
সিংহ |
পদোন্নতিত বন্ধুয়েই বাধা প্ৰদান কৰিব। মনৰ শক্তি বৃদ্ধি পাব। মাছৰ ব্যৱসায়ৰ লগত জড়িত লোকৰ বাবে দিনটো শুভ। হতাশা বোৰ কিছু পৰিমানে আতঁৰিব। যান বাহন লাভৰ যোগ। শুভ ৰং কমলা আৰু শুভ সংখ্যা দুই।
|
|
কন্যা |
সৰু কালৰ কথাই আমনি কৰিব। কৰ্মত শুভ। আধৰুৱা কামবোৰ পুৰ হ’ব পাৰে। সংস্কৃতি আৰু গবেষনাৰ লগত জড়িত লোকৰ বাবে দিনটো শুভ। শুভ ৰং মুগা আৰু শুভ সংখ্যা আঠ।
|
|
তুলা |
কামত সচেতন হ’ব। আনৰ সফলতাক প্ৰশংসা কৰক। খং ৰাগ ত্যাগ কৰক, শত্ৰুও আতঁৰিব। অবাবত খৰচ কৰা কমাই দিয়ক। আয় ত কৈ ব্যয় বাঢ়ি যাব। শুভ ৰং কমলা আৰু শুভ সংখ্যা দুই।
|
|
বৃশ্চিক |
শত্ৰু বঢ়াৰ লগতে মানসিক চিন্তাও বাঢ়িব। শৰীৰৰ যত্ন লওক। সন্তানৰ পৰা আশা কৰা ধৰনে সুখ পাব। গৱেষনাৰ লগত জড়িত লোকৰ বাবে দিনটো ভাল। শুভ ৰং আকাশী নীলা আৰু শুভ সংখ্যা দুই।
|
|
ধনু |
চেষ্টা কৰি যাওঁক, সুফল পাব। কাকো হিংসা নকৰি কেবল প্ৰতিযোগী মনোভাৱেৰে আগবাঢ়ক। খং ৰাগ সমুলি ত্যাগ কৰক। খৰচ বাঢ়িব। শুভ ৰং গোলাপী আৰু শুভ সংখ্যা পাচঁ।
|
|
মকৰ |
বিবাহৰ যোগ আছে। শিং থকা জন্তুৰ পৰা দুৰত থাকক। ভ্ৰমণৰ যোগ। দাদাল শ্ৰেণীৰ লোকৰ সংঘাত হ’ব পাৰে। শুভ ৰং গোলাপী আৰু শুভ সংখ্যা আঠ।
|
|
কুম্ভ |
দেহৰ যত্ন লওঁক আৰু কৰ্মতো মনোনিবেশ কৰক। বিদ্যাৰ্থীৰ বাবে দিনটো শুভ। ৰাজনীতিৰ লগত জড়িত লোক অপমানৰ বলি হ’ব পাৰে। ভ্ৰমণৰ যোগ আছে। আনৰ পৰা প্ৰেৰণা পাব। শুভ ৰং আকাশী নীলা আৰু শুভ সংখ্যা দুই।
|
|
মীন |
কামত নিষ্ঠা আৰু সততা বাঢ়িব। মনত দৃঢ়তা থাকিব। ভাতৃৰ লগত মিলি থাকক। খং ৰাগ সমুলি ত্যাগ কৰক, অন্যথা শত্ৰু বাঢ়িব। শুভ ৰং কমলা আৰু শুভ সংখ্যা পাঁচ। |