…..✍️চিমি কোঁৱৰ…..
কি আছিল আমাৰ প্ৰিয় বিষয়
গণতন্ত্ৰ
স্বাধীনতা
সমতা
শান্তি নে
ভালপোৱা ..
জলাশয়ত বন্দী
ৰূপালী ফিচাৰ মাছ
শূন্য বাকস্বাধীনতা …
ইয়াৰ পৰা যাওঁগৈ ব’লা ।
০০০০
ক’ত আছোঁ
ক’লৈ গৈ আছোঁ
এয়া পাবলো নেৰুদা
সৌৱা পাবলো পিকাসো ,
আৰু সেয়া ভিনসেন্ট ভ্যান গগ
দেৱালত ওলমি আছে ভিঞ্চিৰ
“দ্য লাষ্ট চাপাৰ”
শিতানত বনলতা সেন ।
কাষত
হীৰুদা ..
নৱকান্ত বৰুৱা ,
নিৰ্মলপ্ৰভা বৰদলৈ ।
”তুমি যে তিলফুলটো হৈ ফুলি আছা পাহাৰৰ নামনিত ”..
এয়া পাহাৰৰ এঢলীয়া বাটটোৰে আমি
নীলমণি ফুকনৰ ঘৰৰ পৰা ওলাই আহিছোঁ সন্ধিয়া
“স্বপ্নবাসৱদত্তা”…
ওঁঠত সেয়া কবিতাৰ নিচান ।
সৌৱা ৰঙৰ মাজত ডুবি আছে চিত্ৰকৰ…
নীলপৱন বৰুৱা ।
প্ৰিয় উপন্যাস আৰু গল্পৰ পাতত
মুখ গুজি লৈছোঁ
আকৌ
অন্য এক যাত্ৰা !
কাষত
কাঞ্চন বৰুৱা
মামণি ৰয়চম
ভৱেন্দ্ৰ নাথ শইকীয়া
সৌৰভ কুমাৰ চলিহা
ঈশান দত্ত
য়েছে দৰজে ঠংছি
ৰীতা চৌধুৰী…
প্ৰিয় গানবোৰ বাজি আছে
কাণত
মহম্মদ ৰফি
লতা মঙ্গেশকাৰ
ভূপেন হাজৰিকা
জুবিন গাৰ্গ ,নচিকেতা …
ক’ত আছোঁ
ক’লৈ গৈ আছোঁ !
……..
নিজক বিচাৰি..
নিজৰে কাষলৈ ।
০০০০
বহুদিনৰ মূৰত উভটি আহিছোঁ
ভাগৰুৱা..
আইৰ কোলাত
জিৰাবৰ মন ,
সাধুকথাৰ ছাঁত
ভৰদূপৰীয়া ..!
পঢ়ি ভাল লাগিল