…..প্ৰাণজিৎ কলিতা…..
…..গুৱাহাটী বিশ্ববিদ্যালয়…..
দেউতাকৰ এটা ইচ্ছা ল’ৰাজনে এটা ভাল ৰিজাল্ট কৰক , ভাল নাম কৰি পাছ কৰক । সদায় গধূলি ঘৰলৈ আহি এবাৰ হ’লেও ল’ৰাজনৰ কাষত বহে , দিনটোৰ আৰম্ভণিৰ পৰা শেষলৈ সকলো কথা বিৱৰি নিজৰ ইচ্ছাৰ কথা এবাৰ প্ৰকাশ কৰিবলৈ যত্ন কৰে ।
বীৰেণ , এজন সাধাৰণ ব্যৱসায়ী , গাওঁৰ চাৰি আলিতে সৰুকৈ চাইকেল মেৰামতি কৰা দোকান এখন আছে । ১৯৮৮ চনতে বীৰেণে অৰ্থনীতি বিষয়ত অৰ্নাছ লৈ বি.এ পাছ কৰিছিল , কিন্তু সেই সময়ৰ ৰাজনীতিৰ মেৰ পাকত সোমাই নিজৰ সামৰ্থ্য আৰু সাধ্য থাকিও এটা চাকৰি যোগাৰ কৰি ল’ব নোৱাৰিলে । মানুহজন হতাশগ্ৰস্ত নহৈ নিজৰ সাঁচতীয়া টকাৰে ধানৰ ব্যৱসায় আৰম্ভ কৰিছিল । কিন্তু কথাতে কোৱা হয় ” এশজন বেয়া বন্ধু থকাতকৈ এজন ভাল বন্ধু থকাই ভাল ” । বীৰেণৰ বন্ধু দুজনমানে বীৰেণক আত্মসাৎ কৰাৰ উদ্দেশ্য লুন্ঠন কৰিবলৈ ধৰিলে । টকা পইছাৰ অভাৱ থকা বীৰেণ সময়ৰ সোঁতত মিলি যাব নোৱাৰিলে , এৰি দিলে ধানৰ ব্যৱসায় । নিজৰ হাতৰ বিদ্যাকে সাৰথি কৰি বহি ৰ’ল চাৰি আলিত ।
মাজে মাজে বীৰেণ সঁচাকৈ ভাঙি পৰে , নিজৰ জীৱন যাত্রাৰ কথা ভাবি । ল’ৰা – ছোৱালী এহাল , ছোৱালীজনী ডাঙৰ , ল’ৰাজন সৰু , দুয়োজনে বৰ মৰমৰ দেউতাকৰ । সদায় গধূলি বীৰেণে কিবা এটা নহয় যে কিবা এটা নতুন বস্তু লৈ আহিব ল’ৰা-ছোৱালী কেইটাৰ কাৰণে । দেউতাকৰ সপোন ল’ৰাজনে পঢ়ি শুনি দেউতাকৰ দুখ কষ্ট নোহোৱা কৰিব । প্ৰাইভেট স্কুলত পঢ়াইছে ল’ৰাটোক ; স্কুলৰ ফিছৰ নামত যে দেউতাকে দিনটোৰ কিছু টকা সাঁচতীয়াকৈ ৰাখি থয় ।
মানুহৰ জীৱন সংগ্ৰামৰ অধীৰ , সকলো মানুহৰে একো একোটা সপোন আৰু আশা থাকে । কিন্তু কিমানজন মানুহে নিজৰ সপোন আশাৰ পিছত দৌৰি পূৰণ কৰিব পাৰে । সামৰ্থ্য নাথাকিলে সপোন যেন মূল্যহীন । আৰু সময় , সময়টো এক নিষ্ঠুৰ বাৰ্তা কঢ়িওৱা পৰ্যায় । ভাল সময়বোৰ তাকৰীয়া আৰু বেয়া সময়বোৰ যে দীৰ্ঘকালীন , গোটেই জীৱনটোৱে । সুখৰ হাঁহি মাৰিব পৰা সৌভাগ্য যে সকলোৰে নাথাকে ।
ঘৰখনত চাৰিজন পৰিয়াল , আজিকালি বীৰেণৰ উৰ্পাজন একেবাৰেই নগণ্য । বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই যে দুখীয়া ভাত মুঠিহে কাঢ়ি নিলে । সকলোৰে ঘৰে ঘৰে মটৰ চাইকেল হ’ল , মানুহে চাইকেল চলোৱা এৰি দিলে , চাইকেলখন যেন আওপুৰণি বাহনহে হৈ গ’ল । দিনটোৰ হাজিৰা খিনিও যেন আজিকালি বীৰেণে নোপোৱা হ’ল । এইফালে ল’ৰাটো পঢ়া খৰচ , ঘৰখনৰ চিন্তা । বীৰেণ যেন অসহায় হৈ পৰিছে , এইবোৰ কথা বীৰেণে কাকো জনোৱা নাছিল । জনালেনো কি হ’ব , কোনে কাৰ সমস্যা সমাধা কৰি দিব , সকলোৱে নিজৰ নিজৰ লগত ব্যস্ত । আজি বীৰেণৰ সমস্যা কোনোৱাই দুখৰ চকুপানী টুকি শুনিব আৰু কালি বেঁকা হাঁহিৰে দুই চাৰিজনৰ আগত কৈ হাস্যৰসৰ সৃষ্টি কৰিব । আজিকালি বীৰেণে গধুলি হ’লে নিজৰ দুখ কষ্ট পাহৰিবৰ বাবে নিচাত মগ্ন হয় । এইবাৰ ল’ৰাজনে মেট্ৰিক পৰীক্ষা দিব , অন্তৰত দপ্ দপকৈ জ্বলি থকা জুই একুৰা লৈ হ’লেও পুত্রৰ সুখত যেন মতলীয়া ।
বীৰেণ আজিকালি লাহে লাহে পৰিয়ালৰ পৰা আঁতৰি যাব ধৰিলে , নিচাত মগ্ন হোৱা অভ্যাসটোও যেন বাঢ়ি যাব ধৰিলে । এয়া যেন এক ধ্বংসৰ নিৰ্দশন , মানুহজনে কেৱল ভাৱত বিভোৰ হৈ সকলোৰে পৰা আঁতৰি আহিল । এদিন হঠাৎ ৰাতি বীৰেণে আত্মহত্যা কৰিলে ; কিন্তু পৰিয়ালৰ লগতে সকলোৰে বাবে এইটো যেন এক ৰহস্যমূলক প্ৰশ্ন হৈ থাকিল । কিয় বীৰেণে আত্মহত্যা কৰিলে ? টকাৰ চিন্তাত নে সময়ৰ গতিত নিজকে সলনি কৰিব নোৱাৰি ?
আজি ল’ৰাজনৰ মেট্ৰিকৰ ৰিজাল্ট দিলে । অসমৰ ভিতৰত নৱম স্হান দখল কৰিবলৈ সক্ষম হ’ল । মিডিয়াৰ পৰা আৰম্ভ কৰি গাওঁৰ সকলো মানুহ আহি বীৰেণৰ ঘৰ ভৰি পৰিছে , কিন্ত বীৰেণ নাই , এখন ফটোত এডাল বগা মালা পিন্ধি বেৰত ওলমি আছে । ল’ৰাজনে কান্দি কান্দি ক’লে ” দেউতাই মোক সদায় কৈছিল ;তই ষ্টেইন কৰিব লাগিব “।
প্ৰাণজিৎ কলিতা
গুৱাহাটী বিশ্ববিদ্যালয়