…..মুনমী পাঠক ….উত্তৰ গুৱাহাটী…..
নিৰাশ তেতিয়াও আছিলো!
যেতিয়া জোনবাইক সুধিছিলো
এটি তৰা নালাগে দুটি তৰা দিয়া।
নিৰাশ এতিয়াও!
যেতিয়া জোনাক চোৱাৰ হেঁপাহত
উদং আকাশ বিচাৰি পাওঁ।
নিৰাশ তেতিয়াও আছিলো!
যেতিয়া আঁকিব নোৱাৰি বাৰে বাৰে
ফলিত থুই দি মচিছিলো।
এতিয়াও নিৰাশ হওঁ।
মনে অঁকা ছবিখন আঁকি উঠি
যেতিয়া মচিব নোৱাৰো।
নিৰাশ তেতিয়াও আছিলো
যেতিয়া নাজানি কিতাপৰ পৃষ্ঠাবোৰ ফালিছিলো।
নিৰাশ এতিয়াও হওঁ!
যেতিয়া কিতাপৰ ফলা পৃষ্ঠা বোৰ যোৰা লগাও।
নিৰাশ তেতিয়াও আছিলো!
যেতিয়া নাপাই কান্দিছিলো।
নিৰাশ এতিয়াও!
যেতিয়া পাই হেৰুৱাইছো।