দুখৰ বৰষুণ

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ…..

থোপা থোপে সৰিছে দুখৰ বৰষুণ,
জীয়া ঢলেও উজান দিছে দুখত,
আত্মীয় কুটুমে দিছে গা এৰা।

ল’ৰালি উপভোগ নহল-পিতৃহীনতাত,
যৌৱন অনুভৱ কৰিবই নাপালো
সুদকণৰ যুদ্ধত,
এতিয়া অৰ্দ্ধশতাধিক বসন্ত পালো,
দুখৰ বৰষুণৰ ওজন বেছিহে হ’ল,

আহঃ জীৱন কি পৰিত্ৰুমা !!
কি দীৰ্ঘায়ূ এইজীৱন??
ধনৰ বাবেই ওঁঠত নাই হাঁহি,
ধনৰ বাবেই মিঠা বচন হয়-‘তিতাঁ’,

মই আৰু সহিব নোৱাৰো,
নিলাজ ৰাতিটোয়ে মোক কন্দুৱাইছে।

নিয়ঁতিয়ে ৰিঙিয়াই আছে,
তুমি যদি এতিয়াও বুজা নাই
ময়ে অপৰাধী,
কাৰণ দুখৰ বৰষুণ জাক
থোপা থোপে সৰিছে মোৰ বুকুট।

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *