…..ছন্দামিতা ঠাকুৰীয়া…..চিৰাজুলি, শোণিতপুৰ…..
২
….সমীৰ ক’ত আছে? অফিচলৈ গৈছে নে সি? ভাত খাইছেনে? অইন কোনোবা ছোৱালীৰ স’তে বিজি আছে নেকি? ওহো এইবোৰ কোনোদিন জানিবলৈ চেষ্টা কৰা নাই মলয়াই৷ কিজানি সমীৰৰ তাইৰ প্ৰতি থকা সেই “ব্যতিক্ৰমী ভাললগা”টো নোহোৱা যায় ! জানোচা সি বিৰক্ত হয় ! জানোচা সি মনে মনে ভাবি পেলায়, “এইয়ো সেই একেই টিপিকেল ছোৱালী”… নাই নাই মলয়াই তেনে হ’বলৈ দিব নোৱাৰে ! সমীৰ মুক্ত হৈ থাকক৷ যি মন যায় কৰক, যলৈকে মন যায় যাওক…. কিন্তু সেই সুগভীৰ একাকিত্বত সি কেৱল তাইৰ হৈ ৰওক ! কেৱল তাইৰ ! কিমান দিন হৈ গ’ল তাক লগ নোপোৱা….কিমান দিন…! তেনেকুৱাই সি ৷ এদিন হঠাৎ কোনো প্লেনিং নোহোৱাকৈ কৈ উঠিব,
:”এঘন্টাৰ ভিতৰত ৰেডি হ’, মই গৈ আছোঁ..”
: হা? কলৈ যাম?
: নাজানো ৷ এনেই ঘূৰিম ইফাল সিফাল.. তই ৰেডি হ’ চোন !
: অ’কে অ’কে বাবা !”
লৰালৰিকৈ তাই মুখ হাত ধোৱে৷ কি পিন্ধিব? এহ সমীৰ হে ! সি তাইক যি পিন্ধিলেও ভাল দেখে৷ তথাপি তাৰ পচন্দৰ কিবা পিন্ধিলে সি তাইৰ প্ৰতি বেছিকৈ মুগ্ধ হ’ব নেকি? ধেইত কি বোৰ যে ভাবি থাকোঁ ! মিচিকিয়াই হাঁহি তাই বগা কুৰ্তাটো উলিয়াই লয়৷ লগত জয়পুৰি প্ৰিণ্টৰ ভমকাফুলীয়া দোপাট্টা৷ ৰঙা ফ্লেট চেণ্ডেলযোৰ.. কাণত ক’লা হালধীয়া ঝুমকা..আৰু চুলিখিনি ওখকৈ বন্ধা৷ পাতলকৈ চকুত কাজল, ওঁঠত ষ্ট্ৰবেৰী ৰঙৰ লিপষ্টিক… কমপ্লিট নহয়গৈয়ে… ফ’নটো বাজি উঠে..
: হ’লনে তোৰ? মই হোষ্টেলৰ বাহিৰত ৰৈ আছোঁ..
: অ’ অ’ দুই মিনিট ৰহ গৈ আছোঁ..
ঘড়ীটো পিন্ধি, চাইড বেগটোত ফ’নটো ৰুমালখন লিপষ্টিক ফণী এইবোৰ লয় মানে পাঁচমিনিট লৰ মাৰে… চুইংগাম এটা চোবাই চোবাই সি ৰৈ থাকে ৷
: জানো নহয়, তহঁত ছোৱালীবোৰৰ দুই মিনিট মানে এঘন্টা..
: মাত্ৰ চাৰিমিনিট লেট ! বেছি কথা নকবি, মই বুলিহে ইমান জল্দি ওলাই আহিছোঁ..
: হ’ব গোঁসানী, বহা এতিয়া.. নহ’লে তোমাৰ হোষ্টেলৰ এন্ট্ৰি টাইম ইয়াতেই শেষ হ’বগৈ..
বাইকত বহি তাই তাৰ কান্ধত লাহেকৈ হাতখন থয়..
: ঐ কেনে লাগিছে নকলি যে.. ধেইই এন্নেই ইমান সাজি কাচি আহিলো..
ষ্টাৰ্ট দিবলৈ ওলাই সি তাইলৈ ঘূৰি চাই… মিচিককৈ হাঁহি এটা মাৰি সি কয়..
: হমমমমমমম
: কি হমমমম???
যাবলৈ আৰম্ভ কৰি সি কৈ যায়..
: দেৱী গোসাঁনী বুলি কোৱা নাই জানো তোক..
: ইয়াতকৈ ভাল কিবা কবি বুলি এক্সপেক্টো নকৰোঁ….
চহৰখনৰ মাজৰ গলি এটাৰে সিহঁত আগবাঢ়ে ৷ এইবোৰ বাট মলয়াই চিনি নাপায়৷ ক’ৰ পৰা হঠাৎ ওলাই ক’লৈ লৈ যায় জানো এইটোৱে… সুধিলেওটো নকয় ! বাটটো কেঁচা হয়.. সৰু সৰু ঘৰবোৰ, উদং পথাৰবোৰ পাৰ হৈ এটি সৰু নিজৰাৰ পাৰে পাৰে দুয়ো গৈ থাকে …
: সৌ তালৈ যাবি? অলপ দূৰত থকা টিলাটোলৈ আঙুলিয়াই সি…
: উমমম
: ব’ল…
ঠিক হাবিয়নি বুলি ক’ব নোৱাৰিলেও তাত মানুহৰ ঘৰ বহুদূৰলৈ নাই.. কেইটামান সৰু সৰু টিলা, মাজেৰে বৈ যোৱা এটা নিজৰা.. ডাঙৰ গছকিজোপাৰে ঠাইখিনি ঘোপমৰা, কিন্তু আবেলি বেলিৰ হেঙুলীয়াবোৰে চুই যোৱা….
: ভাল লাগিছে?
: উম বহুত ধুনীয়া…
: পানীখিনি চুই চাবি?
: ব’ল..
…….
: মু…. জীৱনৰ প্ৰতিটো সন্ধিয়া এনেকৈ কটাই দিব পৰা হ’লে !
:……
:…..
: হাঁহি থাকিবিচোন.. এনেকৈ তোক ভাল নেদেখি..
: হমম, আৰু এই হাঁহি দেখি ক্ৰাচবোৰ ইম্প্ৰেছ হৈ যায় ?
: থ থ.. এই মলয়াৰ বাহিৰে বেলেগ কোনোবাই পাট্টা দিবহে তোক !
:চেলেঞ্জ দিছ’ নে কি?
তাই তলমূৰ কৰে…
: ক চেলেঞ্জ দিছ নেকি?
: হ’বদে… ইম্প্ৰেছ হৈ গ’লেও হাঁহি থাকিবি !
: হা হা… চাও এপাট ইয়াৰিং দেছোন !
: ইয়াৰিং?
:উম… দেছোন…
: কিয়?
: এহ সুধি নাথাক৷ দেছোন…
: নিদিওঁ.. তোক কিমানদিন টি চাৰ্ট এটা খুজিলোঁ, দিলি?
: এহ টি চাৰ্ট দি নো তই কি কৰিবি?
: ইয়াৰিং দি কি কৰিবি?
: দিবি নে নিজে খুলি ল’ম?
মলয়াই ঝুমকাযোৰ খুলি সমীৰক দিয়ে..
: এপাত দে.. এপাত তোৰ লগত ৰাখ…
এপাত জেপত ভৰাই এপাত মলয়াৰ হাতত তুলি দি সমীৰ দুপদুপাই অলপ দূৰলৈ গুচি যায়..
: এই ক’লৈ গৈছ??
: ৰৈ থাক অলপ টাইম…
: পৰিবিইইইই ঐ চাবিইইইই
নিজৰাৰ পাৰে পাৰে শিলবোৰ দুপিয়াই চাপৰি এটাত গজি থকা কহুঁৱা এখামোচ চিঙি আনে সি৷ মলয়াৰ দুহাতত গুজি দি কয়, “হু আজিলে এইখিনিকে দিলোঁ৷ সযতনে ৰাখিবি”… বোকাপানী গচকি কহুঁৱা গোটাই অনা সমীৰক তাইৰ কোনোবা অন্ধকূপৰ পৰা বহুমূলীয়া ৰত্ন উদ্ধাৰ কৰি অনা সাধুকথাৰ ৰাজকুমাৰটোৰ নিচিনা লাগি যায় ! মলয়াৰ মুখৰ মাত হেৰায়… কেৱল চাই ৰয়… চাই ৰয়..
উভতাৰ বাটত মৌন মলয়াৰ কানত বাজি থাকে, সমীৰে গুণগুণাই থকা সেই সুৰ …
” ফিৰ লে আয়া দিল মজবুৰ ক্যা কিযে…
…..
ৱহ যো অধুৰি চি বাত বাকি হে..
ৱহ যো অধুৰি চি বাত বাকি হে…..”
কিমান দিন হৈ হ’ল সমীৰক লগ নোপোৱা ! কিমান দিন !!
To be continued…….