….অৰুপজ্যোতি কাকতি…..
সন্ধিয়াৰ একাজলি ছাঁত
পোহৰৰ ভোগজৰা ভৰাম,
হাঁহিৰে ৰঘুমলাই সপোন সিঁচি
বৰলুইত ভটিয়াই যায়।
জান জুৰি জিৰি জিৰি
আহিনৰ বাঁহীত শলিতা নুমাই,
পাহাৰৰ কাণত সুৰ লাগি
মইনামতীৰ যৌৱন কঁপাই।
হাত বাউলী মাতিছে সখা
বলা এপাক সিপুৰীলৈ যাম
যমৰ ভাওত এক্ষন্তেক
আমি ভাওনাৰে জীৱন গাম।
মইনামতী ৰুণজুণ
মনটোক ৰাখিবি নাঙঠ সজাই,
উভতিম এদিন অসমীৰ পৰা
সময়বোৰো হ’ব স্বাধীন
আদৰিবি মোক দলিছা উপচি ভৰাই।