…..প্ৰাণজিৎ কলিতা……
সপোন দেখিবলৈ এন্ধাৰ আছে,
পূৰণ কৰিবলৈ জোনাক নাই ,
কাৰণ আমি মধ্যবিত্ত ।
আমি মধ্যবিত্ত বাবেই
সপোনৰ জোলোঙাখন লৈ
ঘূৰিছো , ফুৰিছো ।
নিজৰ লক্ষ্য স্বাভিমান ত্যাগ কৰিছো
একমাত্র পৰিয়ালৰ স্বাৰ্থত ।
অতীতৰ স্মৃতি ,
আমাৰ বাবে এক সম্পদ ।
প্ৰতিটো ক্ষণত বিচাৰি ফুৰো ,
নতুন বিকাশৰ ধাৰণা ।
কিবা এটা পোৱাৰ আশাত
সময়ৰ টিকনিডাল এৰি
ভাগ্যক ধিয়াই , বহি থাকো ।
কাৰণ আমি মধ্যবিত্ত ,
আমি সদায় আশাবাদী ,
আমি সাহসী
আমি উদ্যমী ।
সন্ধিয়া বেলিটো ডুব যোৱাৰ আগতে ভাবো
ৰাতিৰ সাজৰ কথা ;
আৰু বেলিটো উদয় হোৱাৰ আগতে
ভাবো দিনটো কিহৰে আৰম্ভ হব ?
আমাৰ ঠিকনা অস্বিত্ববিহীন
আমাৰ ঠিকনা সদায়ে
প্ৰশ্নবোধক চিনৰ মাজত সীমাবদ্ধ ।
একেটা পথেৰে মৌনতাৰ সাজ পিন্ধি
খোজকঢ়াতো যে আমাৰ এক অভ্যাস ।
আমাৰ বাবে যেন ভবিষ্যৎ
এক ভগৱান , যীচু , আল্লা সকলো ।
মাথো বাট চাই থাকো
আশাৰ ৰেঙণী লৈ , আহিব এদিন
ভবিষ্যৎ আমাৰ জীৱনলৈও ;
হেঁপাৰ সপোন পূৰাই
আমিও এদিন খোজ কাঢ়িম ,
পৃথিৱীৰ বুকুত ।
অপেক্ষা মাথো দিনবোৰলৈ ,
এদিন আহিব ;
এদিন আহিব আমাৰ জীৱনলৈও
জোনাকৰ পোহৰ ।
জোনাকী পৰুৱাই ৰচি দিব
এক নতুন পৃথিৱী ।
প্ৰাণজিৎ কলিতা
গুৱাহাটী বিশ্ববিদ্যালয়
সন্ধিয়া বেলিটো ডুব যোৱাৰ আগতে ভাবো
ৰাতিৰ সাজৰ কথা ;
আৰু বেলিটো উদয় হোৱাৰ আগতে
ভাবো দিনটো কিহৰে আৰম্ভ হব ?
ধুনীয়া?
Struggling for survival.