অস্তমিত সূৰ্যৰ আভা (খণ্ড ৩)

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা)

(তিনি)

ৰতন আৰু ভদ্ৰেশ্বৰ একেখন গাঁৱৰে । দুয়োজন একেলগে একেটা শ্রেণীতে পঢ়িছিল । গাঁওখনৰ ইমূৰে-সিমূৰে দুয়োৰে ঘৰ যদিও সিহঁতে কোনো এটা সময়তে এৰা-এৰি নহৈছিল । পঢ়াৰ ৰতনতকৈ ভদ্ৰেশ্বৰ অলপ চোকা আছিল । ঘৰুৱা অৱস্থা দুয়োজনৰে একে আছিল । বছৰটো কিবাকে জোৰে । খেতি ভাল হ’লে দুই-এমোন বিক্ৰীও কৰে । বানপানীয়ে মাৰিলে কিনিব লাগে,তেতিয়া খোৱাৰ বৰ টান পৰে । কিন্তু সিহঁতৰ বন্ধুত্বৰ সোৱাদ নকমে । সিহঁতৰ বন্ধুত্ব দেখি গাঁৱৰ মানুহে কোৱা-কুই কৰিছিল – ‘পূৰ্ব জনমত ইহঁত দুটা প্ৰেমিক-প্ৰেমিকা আছিল হ’বলা,নহ’লেনো…।’

এনেদৰেই সিহঁতে কৈশোৰ আৰু যৌৱনৰো দিনবোৰ এৰা-এৰি নোহোৱাকৈ পাৰ কৰিছিল । এদিন ভাগ্যই দুয়োজনকে খেদিছিল,কিন্তু ! দুয়োজনে এদিন ‘খাদী’ বৰ্ডৰ চাকৰিৰ বাবে আবেদন কৰিছিল,আৰু সময়ত দুয়োজনকে চাকৰিৰ বাবে মনোনীত কৰিছিল । কিন্তু এক বুজন পৰিমানৰ ধন ভৰিব লাগিব । দুয়োজনৰে ধন নাই । দুয়ো ঘৰৰ ৰূপিত মাটি কেইডৰা বিক্ৰী কৰিলেহে এজনৰ ধন যোগাৰ হ’ব । অৰ্থাৎ চাকৰি এজনেহে কৰিব পাৰিব । মাটিৰ দামো নাই । বিপদত পৰি বিক্ৰী কৰিব ল’লে গ্ৰাহকেও ওলোটা খৰ মাৰে,দাম কমোৱাৰ বাহানা কিমান চাবা । সেয়ে দুয়োজনে আলোচনা কৰি দুয়ো ঘৰৰ ৰূপিত মাটিখিনি কিছু বন্ধকত আৰু কিছু বিক্ৰী কৰি এজনৰ চাকৰিৰ ধন যোগাৰ কৰিলে ।

ভদ্ৰেশ্বৰে পোনতেই ৰতনক ক’লে – ‘চাকৰিটো তয়েই কৰ,তোৰ পৰিয়াল সৰহ,দুজনীকৈ ভনীয়েৰা বিয়া দিব আছে । এই সময়ত তোৰ চাকৰিটো আতি প্ৰয়োজন । সিহঁতক ভাল ঘৰ এখনত উলিয়াই দিবলৈ তোৰো এখন ভাল ঘৰ লাগিব । চাকৰিটো থাকিলে তোৰ ঘৰ-দুৱাৰ ভঙা হ’লেও তই ধনী । আমাৰ বুঢ়া-বুঢ়ী দুটা আৰু মইহে ! কিবাকে খাম দে । তোৰ দৰমহা হ’লে মোৰ বন্ধকত থোৱা ৰূপিত মাটি দুডৰা মোকলাই দিবি । তাৰ মাজতে কিবা টান পৰিলে তই আছই দেখোন,চলি যাব দে । চাকৰিটো তয়ে কৰ,’হু’ টকাকেইটা ল’ ।’

দ্বিতীয়বাৰ দিয়া চাহ কাপত ঢোক গিলি কথাবোৰ ভদ্ৰেশ্বৰে ওলট-পালটকৈ ভাবি নিজকে ধিক্কাৰ দিলে – ‘আজি যদি চাকৰিটো ময়ে কৰিলললোহেঁতেন,ময়ো ৰতনৰ দৰে চহৰত জীৱন-যাপন কৰিব পাৰিলোহেঁতেন । ভাগ্যই মোক প্ৰতাৰণা কৰা নাছিল,মইহে বন্ধুত্বৰ খাতিৰত ভাগ্যক প্ৰতাৰণা কৰিছোঁ । ভাগ্যই কাক কেতিয়া কোন ফালে ঠেলি দিয়ে সেই উত্তৰ বিধাতাৰ হাততে বন্দী ।’

ৰতনেও জীৱনৰ অনেক উত্থাপনৰ সপোন দেখি কল্পনাত বিভোৰ হৈ আছে । চাহত শোঁহাটো মাৰি থাকি হঠাৎ সাৰ পাই উঠা মানুহৰ দৰে উচপ খাই উঠি ভদ্ৰেশ্বৰক ক’লে – ‘তই আজি যাব নোৱাৰিবি হ’বলা,চহৰৰ মাজমজিয়াৰে যোৱা সকলো যান-বাহন বন্ধ থাকিব । যিমান পাৰো সোনকালে গৈ বজাৰ অলপ কৰি আনো বলা ।’

ভদ্ৰেশ্বৰৰ উত্তৰলৈ বাট নাচাই ৰতনে মুহূৰ্ততে টি-চাৰ্ট নপিন্ধি ভদ্ৰেশ্বৰলৈও চাৰ্ট এটা আগবঢ়াই দিলে । মনৰ মাজতে দুয়োনজৰ বহু কিবা কিবি কোৱা হৈ গ’ল । হৃদয়ৰ বুজা-বুজিৰ বাবে মানুহে বহু কথা ক’ব নালাগে,বহু বুজাব নালাগে,হৃদয়ৰ ভাষা বুজি পোৱাজনক একো নোকোৱাকৈয়ে বহু কথা ক’ব পাৰি । সেয়ে কোনোৱে হা-না নকৰি জ্বলিয়ে দি যোৱা বেগটো ভদ্ৰেশ্বৰে নিজে হাতত লৈ বজাৰলৈ খোজ দিলে ।

ৰতনৰ বাসগৃহৰ পৰা বজাৰখনলৈ বেছি দূৰ নহয় । সেইকণ বাট গাঁৱলীয়া মানুহে অৰ্দ্ধনগ্ন হৈয়ে ফুৰে,কিন্তু চহৰৰ মানুহবোৰৰ হাত-ভৰিবোৰ বন্ধা থাকে নেকি,সেইকণ বাটতে যান-বাহন এখন নহ’লেই নহয়,খোজ দিবই নোৱাৰে । ৰিক্সা এখন সিহঁতৰ কাষেৰে পাৰ হৈ যাব ধৰোতেই ৰতনে হাতৰ ইংগিতেৰে ৰিক্সাখনক ৰ’বলৈ কৈছিল,কিন্তু ভদ্ৰেশ্বৰ ৰিক্সাত উঠাৰ ঘোৰ বিৰোধ কৰিলে । দুয়োজনৰ কথা-বতৰাত ৰিক্সাৱালা অতিষ্ঠ হৈ ভদ্ৰেশ্বৰৰ ফালে ৰঙা চকুৰে চাই গুচি গ’ল । ৰতনে বুজিলে – ‘বজ্বলিৰ কথা আৰু ব্যৱহাৰত ভদ্ৰেশ্বৰে মনত বৰ দুখ পাইছে,তথাপিও সি মোক নেৰে,এৰিব নোৱাৰে,তাৰ হৃদয়ত বহু কথা জমা হ’লে

বুকুখন ডাঠ হ’লে মোৰ ওচৰলে আহে । সাঁচতীয়া ধন পেৰাৰ পৰা উলিওৱাৰ দৰে তাৰ বুকুৰ বেঠাবোৰ দূৰ কৰে মোৰ ওচৰত ব্যক্ত কৰি ।’

সিহঁত দুয়োজনে দুয়োজনৰ মনৰ ভাব জানে,বুজি পায় । দুয়োজন একেলগে একে কষ্টতে ডাঙৰ দীঘল হৈছে । সিহঁতে চকুৰ ভাষা বুজে,মনৰ ভাব বুজে,মুখৰ ৰং দেখিলেই সিহঁতৰ অভাৱৰ কথা বুজি উঠে । জীৱনৰ অনেক সময়ত অনেক সমস্যাত সিহঁত এক হৈ চলিছে,আজি কিছুদিনৰ বাবে এৰা-এৰি হ’লেই সকলো শেষ হৈ নাযায় – জীৱন সজাইছিলো আমি । কাপোৰ পিন্ধিব শিকিছিলো আমি,আজি জ্বলি আহিয়ে গোটেই শেষ কৰিব খুজিলে কেনেকৈ হ’ব ? সিহঁতে নিজকে ধৰি ৰাখিব লাগিব,সিহঁতৰ স্নেহ-বান্ধোনৰ কথাক কোনোবাই উলাই কৰিলেই সিহঁত পতিয়ান যোৱা উচিত নহয় । সিহঁতৰ বন্ধুত্ব অমৰ । এদিন দুয়োজনে শপত লৈছিল – বুঢ়ালৈ কোনোৱে কাকো নেৰো বুলি ।

মনৰ ভিতৰতে ৰতনে বহু কথা পাতিলে,ভদ্ৰেশ্বৰে ৰিক্সাত নুঠাৰ বাবে তাৰ মনত দুখ প্ৰকাশ কৰি ক’লে – ‘তই বাৰু জ্বলিৰ কথাবোৰত মোক বেয়া পাইছ নেকি ? মোক বেয়া পাই একো লাভ নাই বুজিছ ! মই কি কৰিম ক’ চোন ? মোৰেই দুৰ্ভাগ্য – বিয়া কৰোৱাৰ পৰা আজিলৈ জ্বলিয়ে মোক কোনো এজন বন্ধুৰ লগত মিলি থাকিবলৈ দিয়া নাই । আগতে গাঁৱৰ বন্ধুসকল চহৰলৈ আহিলে মোক এবাৰ দেখা কৰি গৈছিল,চহৰত সিহঁতৰ বন্ধুৱে চাকৰি কৰে বুলি গৌৰৱ কৰিছিল,আমাৰ গাঁৱৰ যে তৰংগহঁত আছে সিহঁতেও চহৰলৈ আহিলে মাজে মাজে মোৰ গৃহত সোমাইছিল,একে গাঁৱৰ যেতিয়া খবৰটোকে লৈছিল আমাৰ ঘৰৰ খবৰ-বাতৰিও দিছিল,তাতেই জ্বলিয়ে জ্বলি পুৰি মৰে । সিহঁতকো মোৰ পৰা কিবা বিচাৰি অহা দেখে । তইতো জানই তৰংগহঁত কিমান ধনী মানুহ । মোৰ দৰে এজনক তেওঁলোকে চকীদাৰ কৰি ৰাখিব পাৰে । কি নাই সিহঁতৰ ঘৰত ? কিন্তু জ্বলিৰ দুব্যৱহাৰৰ বাবে এতিয়া দেখিলেও নামাতে । নাহে । সিহঁত নহয় গাঁৱৰ কোনো মানুহে মোক নামাতে নাহে । আমাৰ ঘৰৰ পৰাও আজিকালি কোনো নাহে । কোনোবা আহিলেও জ্বলিয়ে কিবা পুৰণা কথাৰ সুত উলিয়াই হ’লেও মোৰ লগত এঘৰীযুঁজিব আৰু ভাত-পানী নাৰান্ধি নাখাই বিছনা লয়,বিছনাৰ পৰাই ভোৰ-ভোৰাই থাকিব,সকলোকে কিবা নিবলৈ অহা দেখে । আলহী বহি থাকোতেই কাজিয়া কৰে । এতিয়া দেউতাহঁতে লঘোণে কটালেও মোৰ ওচৰলৈ নাহে । ৰূপিত মাটিকেইডৰাও মোৰ চাকৰিৰ নামতেই গ’ল । এতিয়া সিহঁত নিঠৰুৱা । মই ইমান ধুনীয়া চাকৰি এটা কৰিও দেউতাহঁতক এপইচাও দিব পৰা নাই ।

আৰু তই জাননে – আমাৰ যে শান্তিৰ বিয়া গ’ল,মোক আলহিৰ দৰেহে মাতি গৈছে,অৰ্থাৎ মোক নিমন্ত্রণী পত্র দিবহে আহিছিল । বিয়াৰ আগত কোনো ধৰণৰ আলোচনা মোৰ লগত কৰা নাছিল । মই পিছে দেউতাহঁতক বেয়া পোৱা নাই,কাৰণ – ভণ্টীৰ বিয়ৰ সময়ত মোৰ লগত সকলো আলোচনাই কৰিছিল । বিষয়বোৰ খৰচি মাৰি আলোচনাৰ বাবে আহিছিল । বৰপোঁ বুলিয়ে একো কথাত লুক-ঢাক কৰা নাছিল,কিন্তু এই জ্বলিজনীয়ে সিহঁতৰ লগত কথা পাতি থাকোতেই কাজিয়া কৰে,জ্বলিৰ মনৰ ভাৱ – দেউতাহঁতে বিয়াৰ বাবে একোৱে যোগাৰ কৰা নাই । সেইবাবেহে মোৰ ওচৰলৈ ঘনাই আহে । জ্বলিৰ এনেবোৰ মনৰ ভাৱ দেউতাহঁতে জানিলে-বুজিলে,সেয়ে মোৰ সংসাৰখনৰ স্বাৰ্থত মোকে এৰাই চলিবলৈ চেষ্টা কৰিলে । এতিয়া তেওঁলোকৰ মনত মই এজন দূৰসম্পৰ্কীয় আলহী । আজি তোক এষাৰ টানকৈ কোৱা বা অস্বাভাৱিক ব্যৱহাৰ কৰাত আচৰিত হ’ব লগা একো নাই । তই দেখোন জানই – মোৰ চাকৰিটোৰ নামত ভণ্টীৰ সেই মৰমৰ ছাগলীকেইটা বিক্ৰী কৰি টকা কেইটা মোৰ হাতত গুজি দিছিল । সেই কথা মনত পৰিলে বুকু কঁপি উঠে । কলিজাটোত কোনোবাই যেন ডেগাৰেৰে হানি-খুচি মাৰে । এই ৰাক্ষসীজনীক কেনেকৈ বুজাম এইবোৰ কথা । তাইৰ মানৱতা বুলি কোনো জ্ঞানেই নাই । বাপেকৰ ধনে মানৱতাৰ সকলো ধুই পখালি নিছে ।

জ্বলিৰ দেউতাক আমাৰ অফিচৰে বৰ বাবু । সেইটো লৈও তাইৰ সুকীয়া ভেম এটা আছেই । সেয়ে ভণ্টীৰ ছাগলী বিক্ৰী কৰি দিয়া টকা কেইটাও মই ধাৰ মাৰিব নোৱাৰিলো । তোৰ কথা দূৰতে থ’লো ।

এইবোৰ কথা যা হওঁক বাৰু,মোৰ সংসাৰখনৰ কথা কৈ তোক আমনি নকৰো । এতিয়া তোৰ কথা ক চোন ? দিপালী কেনে আছে ? ছোৱালীজনী কেনে আছে ? তই কিয় আহিলি ? আৰু আমাৰ ঘৰৰফালে কেনে আছে ?

এটা দীঘল হুমুনিয়াহ কাঢ়ি ৰতন ৰৈ গ’ল । ৰতনে এইবোৰ কথাৰে ভদ্ৰেশ্বৰক বুজাই দিলে যে – সি ভাবি থকা অভাৱ নোহোৱা সংসাৰখন ৰতনৰ নাই । ৰতনৰ জীৱনত এতিয়া হুমুনিয়াহৰ বাহিৰে একো ৰোৱা নাই । জীৱনৰ আগ-পিছ সমকো গ্ৰাস কৰিছে তাৰ তিৰোতাজনীয়ে । যিসকল লোকে তাক জীৱনৰ বাট বুলিবলৈ আঙুলিত ধৰি শিকালে আজি সেইসকল লোকক মাতষাৰ লগাবলৈও কাৰোবাৰ অনুমতিৰ প্ৰয়োজন হ’ল । যি ভদ্ৰেশ্বৰে নিজৰ ৰূপিত মাটি বিক্ৰী কৰি ৰতনৰ চাকৰিৰ উৎকোচ দি আজি নিজে লঘোণে কটাইছে,যি ভদ্ৰেশ্বৰে নিজৰ জীৱনৰ সুখখিনিও বন্ধুৰ নামত অৰ্পণ কৰিছে,তেনে বন্ধু এজনৰ লগত কথা পাতিবলৈ এতিয়া ঘৈণীয়েকৰ অনুমতি ল’ব লাগে । ৰতনে একোবাৰ ভাৱে -‘ঈশ্বৰে নাৰী জাতিটোক সৃষ্টি কৰোতে ক’ৰবাত কিবা ৰৈ গ’ল নেকি ? সমান চকুৰে নাচাই নেকি ? মানৱতাৰ কিবা অভাৱ ৰৈ গ’ল নেকি ?’

ভদ্ৰেশ্বৰ – ‘নাই নাই ৰতন,তোৰ সংসাৰৰ কথা কৈ মোক একো আমনি কৰা নাই । মোৰো সংসাৰৰ একে অৱস্থা । দিনটোৰ সৰহভাগ সময় হুমুনিয়াহ কাঢ়োতে পাৰ হয় । সংসাৰ মানে ইমান কদৰ্য বুলি কল্পনাই কৰা নাছিলো । প্ৰত্যেকৰে সংসাৰবোৰ এনেকুৱাই নেকি বাৰু ?’

ভদ্ৰেশ্বৰৰ কথা শুনি ৰতন আচৰিত হ’ল । সি অবাক হৈ পৰিল । সি ভাবি আছিল পৃথিৱীত তাৰ সংসাৰখনেই অসুখী,কিন্তু…! ভদ্ৰেশ্বৰৰ মুখলৈ প্ৰশ্নবোধক চাৱনীৰে চাই ৰতনে সুধিলে – ‘তোৰনো আকৌ সংসাৰত কি বিজুতি ঘটিল ? দিপালীতো তেনে তিৰোতা নহয় ? আমাৰ জ্বলিতকৈ তাইৰ শিক্ষা কম হ’ব পাৰে ! কিন্তু তাইৰ জ্ঞানৰ লগত আমাৰ এইজনীৰ আকাশ-পাতাল পাৰ্থক্য । আমাৰ এইজনী মানুহৰ শাৰীত নপৰে ।’

ৰতনৰ মুখত দিপালীৰ প্ৰশংসা কৰাত ভদ্ৰেশ্বৰৰ পেটে পেটে খং উঠিল,ৰতনৰ মুখত ভদ্ৰেশ্বৰে হাতখন দি তাক আৰু দিপালীৰ কথা নক’বলৈ সকীয়াই দিলে । সিও এটা দীঘল হুমুনিয়াহ কাঢ়ি ৰতনক ক’লে – ‘এইবোৰ বহুত কথা ৰতন এইবোৰ বহুত কথা । কেতিয়াবা কেতিয়াবা ভাৱ হয় – মই বিয়া নকৰোৱাহেঁতেন হয়তো মা-দেউতা আজিলৈ জীয়াই থাকিলহেঁতেন । কেৱল দিপালীৰ তিতাঁ-কেঁহা মাতৰ শোকতে দুদিন অগা-পিছাকৈ এই সংসাৰ এৰি গুচি গ’ল ।

বিয়াৰ কিছুদিন পিছৰ পৰাই লক্ষ্য কৰিলো যে দিপালীয়ে মা দেউতাক প্ৰত্যেক কথাতে খিজনী দিয়ে । পৃথিৱীত যেন এই বুঢ়া-বুঢ়ীহাল তাইৰ গলগ্ৰহ হৈ জন্ম লৈছিল । তাইৰ সংসাৰখনৰ একমাত্র শত্রু যেন মা-দেউতাহে । খোৱা-লোৱা,থকা-পিন্ধা সকলোতে অত্যাচাৰ কৰিব ধৰিলে । মই কিবা ক’লেই মোৰ লগতো খোপনি পিটি ধৰে আৰু খঙৰ ভমক দেখুৱাই মাকৰ ঘৰলৈ যাব । নগ’লেও দুই-তিনিদিনলৈ ঘৰখনত একো নকৰে । ভাতৰ চৰুলৈ জুই নাযায় । মই ঘৰত থাকিলে কিছু শান্ত দেখুৱাই শুই বহি কটায় । অলপ ওলাই গ’লে মা দেউতাৰ ওপৰত যিকোনো এটা চেলু বিচাৰি খিজনী ধৰে । যমৰ যন্ত্রনা দিয়ে । মাঁহতে কিন্তু এইবোৰ কথা নীৰৱে সহে । মোকো একো গোচৰ নিদিয়ে আমাৰ সংসাৰত আউল লগাৰ ভয়ত । এইবোৰ কিমান ক’বা আৰু বহু কথা । তহঁত এতিয়া চহৰীয়া মানুহ,গাঁৱৰ কথা কৈ আমনি নকৰো । পিছে আজি তোৰ ওচৰলৈ বিশেষ কাৰণ এটাত আহিছিলো,কিন্তু জ্বলিৰ কথাবোৰ জনাৰ পিছত ক’বলৈ সাহস গোটাব পৰা নাই ।’

ভদ্ৰেশ্বৰৰ কথাবোৰ ভদ্ৰেশ্বৰে একাণপটীয়াকৈ শুনি গৈছিল,কিন্তু শেষৰ কথাবোৰে ৰতনক আমনি কৰিলে,আৰু অভিভাৱকৰ সুৰত ধমক এটা দি ৰতনে ক’লে – ‘কি ক’ৱ তই ? তোৰ-মোৰ মাজত সাহসৰ কথা ক’ৰ পৰা আহিল ? ‘ক’ ‘ক’ কৈ দে কি আছে মই কালিৰ যি ৰতন,আজিও সেই একেই ৰতন ।’

ৰতনে ভদ্ৰেশ্বৰৰ মুখলৈ পলকে পলকে চাই আছে । ৰতনে পাহৰি যোৱা নাই ভদ্ৰেশ্বৰৰ উপকাৰৰ কথা । তাৰ ৰূপিত মাটি কেইডৰা বিক্ৰী কৰি চাকৰিটোৰ ধন যোগাৰ কৰি নিদিয়াহেঁতেন,আজি সিও গাঁৱৰ ভিতৰতে ক’ক বকাই থাকিব লাগিলহেঁতেন । ভদ্ৰেশ্বৰৰ দৰে ‘দানবীৰ’ এজন মোৰ কঁপালত নথকাহেঁতেন জ্বলিও আজি এই ৰতনক নাপালেহেঁতেন ।

ভদ্ৰেশ্বৰৰ উপকাৰৰ কথা ৰতনে পাহৰা নাই । সি খাই পাহৰা বিধৰ নহয় । কিন্তু পাহৰি থকাৰ অভিনয় কৰিব লগা হয় । ৰতনে ভদ্ৰেশ্বৰৰ ফালে কিবা গুৰুত্ব দিলেই তাৰ সংসাৰখনৰ বিজুতি ঘটে,অথন্তৰৰ বাকী নৰয় ।

ৰতন – ‘কচোন ক’ কি আছে দিপালীৰ কথা ? তাই নিশ্চয় আমাৰ জ্বলিৰ দৰে অভং নহয় । তাই বৰ সহজ-সৰল জীৱন কটাব জানে ।’

ৰতনৰ মুখৰ পৰা পুনৰবাৰ দিপালীৰ গুণ গান শুনি ভদ্ৰেশ্বৰৰ খঙে চুলিৰ আগ চুইছিল,কিন্তু সংযম কৰি ৰতনক ক’লে – ‘নহয় অ’ ৰতন,তই যি ভাবিছ সেইজনী দিপালী নহয় । তাই এটা অদ্ভুত জীৱ আৰু এই অদ্ভুত জীৱটোই আহি মোৰ জীৱন দখল কৰিছে । স্বয়ং ভগৱান শ্রীকৃষ্ণৰ মহিমা বুজিলেও তিৰোতাৰ মহিমা বুজা টান । পিছত এদিন এইবোৰ কথা কম দে । আজি আহিছিলো দিপালীৰ কথা হজম কৰিব নোৱাৰিহে । তইতো জানই মোৰ যিকন মাটি আছিল সিংহ ভাগ বিক্ৰী কৰিছো । যিকণ আছিল তাৰেও অলপ মা দেউতাৰ সকাম কৰোতে বন্ধকত থৈছো । এতিয়া যিকণ আছে মই অনায়াসে খেতি কৰিব পাৰো,কিন্তু দিপালীয়ে তাইৰ সম্বন্ধীয় ভায়েক এজনক আমাৰ ঘৰত ৰাখিছে । সি মোৰ কাণ সমনীয়া । তাক লৈ মই বৰ বিপাঙত পৰিছো । কেতিয়াবা তাৰ যোৱাৰ কথা ক’লেই তাই অগ্নিশৰ্মা হৈ উঠে । কেইবাদিনলৈ মোক মাতবোল নকৰে । মই বৰ নিৰুপায় হৈ পৰিছো । আৰু বৰ অকলশৰীয়া অনুভৱ কৰিছো ।

ৰতন – ‘বুজিছো তয়ো সংসাৰ কৰি পস্তাইছ । যানহওক এতিয়া কচোন তই কি এনে দিপলীৰ কথা হজম কৰিব নোৱাৰি আহিছ ? তাই কি এনে কথা ক’লে ?

পেটৰ পৰা ওলোৱা সন্তান চাবলৈ মাকৰ যি হেপাহ,সেই হেপাহ যেন ৰতনৰো হ’ল ভদ্ৰেশ্বৰে কি কয় শুনিবলৈ,জানিবলৈ,সেয়ে এক বিৰক্তিৰ চাৱনিৰে ভদ্ৰেশ্বৰলৈ চাই ক’লে – ‘ক’ আকৌ,নকৱ কিয় ?’

ভদ্ৰেশ্বৰৰ সমস্যাটো ইমান সোনকালে সমাধা হ’ব বুলি ভবা নাছিল । তাৰ গোটমাৰি থকা মগজতো হঠাৎ চালিকা শক্তি পোৱাৰ দৰে অনুভৱ হ’ল,যি সোৱাদ আজিৰ পৰা পোন্ধৰ ষোল্ল বছৰ আগতে সিহঁতে আদান-প্ৰদান কৰিছিল ।

ৰাতি ভালদৰে টোপনি নহ’ল,দিনৰ কথাবোৰ পাগুলিয়াই থাকোতেই পোহৰ হ’ল । বোৱাৰী পুৱাতে উঠি ভদ্ৰেশ্বৰে আগফালৰ বাৰাণ্ডাৰ চকীখনতে বহি কিবা চিন্তা আছে,জ্বলিহঁত উঠা নাই । দেৰিকৈ উঠে । পুৱা উঠি চোতাল সাৰিবলৈ চোতাল নাই । অৱশ্যে নঙলাখন বৰ দীঘল,কিন্তু সদায় সাৰিব নালাগে । গৰুৰ গাড়ীখন যাব পৰা বহল নঙলাখনত দুয়োকাষে একহাতমান বন গজিছে । গজিছে মানে সেয়া বন হেনো ৰুইছেহে । কিবা বোলে বিদেশী বন,মাজৰচোৱা সীমাৰ আলিটোৰ সমান বহল,সেইখিনি পকী কৰিছে । তাতে দুই-এটা ফুলৰ পকা পাত সৰি পৰে,চিকুতি বুটলি পেলাই দিলেই বাহি চোতাল সৰা হৈ গ’ল । গাঁৱৰ দৰে দুই তিনিটা মৰণা মাৰিব পৰা চোতাল সাৰিব লগাহেঁতেন চহৰৰ তিৰোতাবোৰ মৰিয়ে থাকিলেহেঁতেন । গাঁৱৰ তিৰোতাই গিৰিয়েকক বাহি চোতাল গচকিবকে নিদিয়ে । তিৰোতাই ‘ধূতি’ গাৰে গিৰিয়েকক পানী কণো নিদিয়ে । নগৰীয়া তিৰোতাৰ সেইবোৰ নীতি-নিয়ম নাই । ধূতি গাৰেই গিৰিয়েকক চাহ-ৰুটি বনাই খুৱাই । ব্ৰাছেৰে দাঁতকেইটা ঘঁহি মুখখন অখালিয়ে ভিতৰ সোমায় । কি যে নিয়ম-নীতি নাই,তথাপিও দেখোন নগৰীয়া লোকেহে সুখত খায় । অভাৱ নাই । বেমাৰ-আজাৰো কমকৈ হয়,গা-গাৰিও ভালে থাকে । আমাৰ গাঁৱৰ মানুহবোৰৰ হে দেখোন আলই-বিলৈ,নগুৰ নাটনি হয়,ইমানবোৰ নীতি-নিয়ম পালন কৰা সত্বেও । অৱশ্যে গাঁৱৰ মানুহক ঈশ্বৰে কাৰ্পণ্য নকৰাকৈ শান্তি দিছে,একতা দিছে,মানুহে মানুহক কিদৰে ভাল পাব লাগে সেই জ্ঞান গাঁৱলীয়া মানুহক অভাৱ নোহোৱাকৈয়ে ঈশ্বৰে দিছে । দাঁতকেইটা মাজি-মাজিয়ে ভদ্ৰেশ্বৰে গাঁও আৰু চহৰৰ ছবি এখন মনে মনে আঁকিলে । সেই ছবিৰ মাজতে ভদ্ৰেশ্বৰে বিচাৰি উলিয়ালে – এখন সঁচা পৃথিৱী এখন শান্তিৰ বাস্তৱ ছবি,গাঁৱৰ জীৱনৰ এখন শান্তিৰ ছবি ! পৃথিৱীৰ বুকুখন গাঁৱলীয়া জীৱনে কেনেদৰে জীপাল কৰি ৰাখে,বহল পৃথিৱীখনক কেনেদৰে নাঙঠ নোহোৱাকৈ ৰাখে,পৃথিৱীক কিদৰে গাভৰু কৰে,গৰ্ভৱতী কৰে,তাৰ এখন পৰিস্ফুট ছবি মনৰ মাজতে আঁকিলে । পৃথিৱীক কিদৰে জীয়াই থকাৰ প্ৰেৰণা দিয়ে গাঁৱলীয়া জীৱনে তাক অনুভৱ কৰিলে । পৃথিৱীক জন্ম দিয়ে গাঁওবাসীয়ে যৌৱন দিয়ে বৃদ্ধ কৰে,আকৌ কঠীয়া সিঁচি জীৱন দান কৰে পৃথিৱীৰ এই ‘চহা লোকে’ ।

 

আগলৈ……..

(পৰবৰ্তী খণ্ড অহা দেওবাৰে)

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *