…..প্ৰাণজিৎ কলিতা……
…..গুৱাহাটী বিশ্ববিদ্যালয়……
মই সাৰে আছো , নাহিবি তই
মোৰ ভগা পজাটিৰ
ডিঙি গিলিবলৈ ,
নিসহায়ৰ হাত মেলি
পশুহাল বুকুত বান্ধি ,
নিৰাপদ ঠাই বিচাৰি
যোৱাৰ সামৰ্থ্য মোৰ নাই ।
অবাক অবান্তৰ দুমুঠি
সাহায্যৰ প্ৰয়োজনও মোৰ নাই ।
মাথো বিচাৰিছো , তই নাহিবি
নাহিবি মোৰ বুকুৱে কোৰ মাৰি
চপোৱা সোণ গুটি কেইটা নষ্ট কৰিবলৈ ।
মই সাৰে আছো , তই নাহিবি
তোলৈ ভয় লাগে মোৰ ,
মোৰ বুকুৰ মৰমবোৰ
তোৰ বুকুৱে কাঢ়ি নিব বুলি ।
নিবিচাৰো তোৰ পলসুৱা পলস ।
মাথো বিচাৰো , তই নাহিবি
দূখীয়াক কষ্ট দি ৰং চাবলৈ ।
আমাৰ একোৱেই নাই
আছে মাথো মৰম আবেগৰ
পশু মানুহৰ একোখন সংসাৰ ।
তই আহিলে , সংসাৰৰ সপোনবোৰ
নিধস্ত বালিৰ পলসত মিহলি হয় ;
তই নাহিবি , মোৰ কেঁচা সপোনবোৰ ভাঙিবলৈ ;
মই সাৰে আছো ।
(NB- অংকন: Munmi Pathak)