…..মৃনাল ডেকা…..
হে মা তুমি জীৱন দাত্ৰি
এই জগতৰ প্ৰথম স্পৰ্শ তোমাৰ বাবে মা
অজান ঈশ্বৰ তুমিয়েই ।
তোমাৰ পৰাই আৰম্ভ সকলো সম্পৰ্ক
তোমাৰ গৰ্ভত অংকুৰিত প্ৰথম অঙ্গ
নমহীয়া পৰিক্ৰমা ।
হে মা কেবল তুমি হে বুজা
সেই প্ৰসৱ বেদনা ।
মোক দেখা প্ৰথম ক্ষন
তোমাৰ বাবে জীৱনজোৰা আনন্দ ।
তোমাৰ আচলৰ তলত লুকাই থকা লৰালি
তোমাৰ আঙুলিত ধৰি শিকা এখোজ দূখোজ ।
মা বুলি ওলোৱা মুখৰ পৰা প্ৰথম শব্দ
জীয়াই থাকিবলৈ খোৱা তোমাৰ আহাৰ
হে মা মইতো তোমাৰেই অংশ ।
ভূতৰ কাহিনী শুনি টুপনি যোৱা
ভয়তে তোমাৰ বুকুৰ মাজত সুমুৱা ।
তোমাৰ চেকনিৰ কোবত আৰম্ভ হোৱা স্কুল
তুমি দিয়া সকলো দীক্ষা
কোন সদাচিতে পাৰিব তোমাক মচিব ।
তোমাৰ মৰমত এই আকলুৱা
সকলো সময়তে সুৰক্ষা দিয়া তোমাৰ ছায়া
কোনেও কৰিব নোৱাৰে মোৰ পৰা আঁতৰ ।
হে মা তোমাৰ পাকঘৰৰ জুতি
আজিলৈ বিচাৰি পোৱা নাই দ্বিতীয় জন ।
তোমাৰ বাবে মই আজীৱন কেঁচুৱা
মোৰ বাবে তুমি সমস্ত তুমিয়েই প্ৰথম
তুমি থাকিবা সদাই কাষত মোৰ অন্তৰত ।
হে মা তোমাৰ অবিহনেই
এই মানব মৰাশ ।
তোমাক মোৰ ফালৰ পৰা শত শত প্ৰণাম
হিয়া আজুৰি আগবঢ়ালো মৰম ।।