পৰিত্যক্ত

….. মৃনাল ডেকা…..

হেৰৌ প্ৰেমৰ নামত কলংকিনী
বিচাৰিছিলো মৰম দিলি অপমান সানি ।
কৰিছিলো তোক মৰম হিয়া উজাৰি
দিলি মোক এয়া সহাৰি ।
ভবা নাছিলো তয়ো এনেকুৱা হবি
ভাবিছিলো তই বেলেগ হবি ।
দেখুৱালি আইনা আজি তোৰ নিজৰ
প্ৰতিফলন দেখিবি অতি ভয়ংকৰ ।
নুবুজিলো তোৰ আচল চৰিত্ৰ
কৰিলি তই মোৰ অতীত নষ্ট ।
জ্বলিছো মই আজি হিয়াৰ দহনত
নকৰিবি আৰু দ্বিতীয়জনৰ জীবনত ।
আজি বুজিছো মানুহ চিনিব
কৰিছিলো ভুল তোৰ লগত  কৰি বন্ধুত্ব ।
নাথাকিবি তয়ো শান্তিত
হায় লাগিব তোৰো এই জীৱনতিত ।
নেদেখাজনে কৰে হিচাপ
ভুগিবি তয়ো ইয়াৰ পৰিনাম ।
দৃঢ় মই নপৰো ভাগি
চম্ভালিব জানো নিজক কদাপি ।
নেভাবো তোক আজিৰ পৰা
উলিয়ালো তোক মনৰ পৰা ।
ঠাই ল’ব কোনোবা নতুনে
যিয়ে ভাল পাব নিস্বাৰ্থে ।
কৰিছো ক্ষমা তোৰ ভুলক
নাথাকো মই প্ৰতিষোধত ।
জীয়াব জানো তোৰ আবিহনে
বিশ্বাস আছে এইখিনি নিজৰে ।।

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *