….অৰুপজ্যোতি কাকতি….
জটিল মনৰ সৰল বেগ
মেঘৰ দেশত আলোকৰ ভেশ,
তৰাৰ জিলমিল চহৰত
আন্ধাৰ বিনাশি সপোন হাঁহিৰ ক্লেশ ।
দেহটোত কাহিনীয়ে শিকলি দিছিলোঁ,
চিন্তা বোৰ জানো বান্ধিব পাৰিলা ?
কিমান জ্বলাবা,
এই জুইত পুৰি তুমিও এঙাৰ হ’বা
কিন্তু
মোৰ উত্তাপ আৰু উজ্জ্বল হ’ব।
এই দেশ মোৰ অপ্ৰিয়
মেঘৰ ছায়াতে জিৰণি লম!
দায়িত্ব
নে এইয়া অকাজ বান্ধোন?
টকাৰে জীৱন কিনিব নোৱাৰিম।
মোক লাগে মানুহ
আবেলিৰ গানত আশাৰ সুৰ দিম,
স্বাৰ্থপৰ সমাজৰ অশৰীৰ ভাঙিম।
মগজুত অশ্লীলতাৰ নাটক লিখি
কিয় তুমি ভকত সেৱা কৰা?
মোৰ অশ্লীলতাই সকলো আদেশ ৰোধিব,
পৰাধীনতাৰ বশ্ৰ নিপিন্ধো,
সত্যৰ কিৰণে এদিন
ভুমুকি দিব,
সমাজ জ্বলিব আৰু
মই জিলিকিম।।।