সংগ্ৰাম

 ….ভাস্কৰ ৰাজবংশী…
 ….গুৱাহাটী বিশ্ববিদ্যালয়…..

অস্তিত্ববিহীন জীৱনত
চলে সংগ্ৰামৰ দপদপনি,
শূন্যতাৰ উদ্যানত
নিঃশব্দৰ টিঘিল ঘিলণি ।
জীৱনৰ পকেটবোৰত
থোপ লয় অনাকাংক্ষিত ৰেঙনি,
দায়িত্বৰ ভাৰখনত
সৰি পৰে সংগ্ৰামৰ চকুপানী ।

 

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *