…..অৰুপজ্যোতি কাকতি……
প্ৰহেলিকাৰ প্ৰান্তত
জটিলতাৰ প্ৰাচীৰ ভাঙি
আহিছে উৰণীয়া পক্ষীৰ জাক,
বৰষুণৰ টোপালবোৰ দেহৰ
কোঁহে কোঁহে আৰি
মইয়ো আছোঁ উশাহবোৰ জীয়াই।
সন্মুখৰ ৰাতিলৈ মূৰ দাঙি চাবলৈ প্ৰেৰণা দিয়া,
সেউজীয়া সপোনৰ একা-বেঁকা এঢলীয়া বাট,
জিৰি-জিৰি উন্মীলন
অগাধ বিশ্বাস
সাবটি
বাগৰি
বগুৱাই
ৰান্ধনীয়ে এটা জোলোঙা বাই।
পাহাৰ বগাম
সাগৰ সাঁতুৰিম,
মিলনৰ যজ্ঞ পাতি
আকাশক নিচুকাম।
যা পক্ষী যা
ঘৰলৈ পোনাই বেলি
সন্ধিয়াৰ সাঁজত সাঁজ লাগি
দানৱক ৰোধিব
আমাকো দিয়া
পোহৰৰ অধৰ একাজলী।।