….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা)
হাতুৰিৰ সমষ্ট জোৰেৰে তাই
শিলত কোৱ দিছে,
এই শিল তাই ভাঙিবই লাগিব
হাতুৰিৰ কোৱত।
ৰাস্তাৰ এঢেলীয়াত পৰি থকা
শিলৰ দমটোলৈ চাই
তাই একোবাৰ কঁপি উঠে,
এইদম শিল তাই ভাঙিলেহে
পোনা আৰু তাইৰ পেট ভৰিব।
হাতুৰিৰ কোৱত নাচি থকা
তাইৰ হেন্দোল দোল স্তনে বুজাই
যৌৱনৰ বা তাইৰ যোৱাই নাই।
ঠিকাদাৰৰ সতবান্ধ, কেপ কেপনি,
মহৰিৰ লুভিয়া চাৱনি তাইৰ দেহত,
হাতুৰিৰ কোৱতে তাই জোনাক দেখে,
হাতুৰিৰ কোৱতে তাই আন্ধাৰ দেখে,
হাতুৰিৰ কোৱেৰেই তাই ভোক গুচাৱ লাগিব তাইৰ সৈতে পোনাৰ,
হাতুৰিৰ কোৱতে জীৱন গঢ়িব পোনাৰ।
হাতুৰিৰ কোৱেই তাইৰ বৰ্তমানৰ ঠিকনা।
হাতুৰিৰ কোৱত শিলৰ ফিৰিঙতি
চিটিকি তাইৰ চকুই মুখে পৰে,
সেই ফিৰিঙটিতে গিৰিয়েকৰ ছবি
আঁকে ।
তাই আৰু জোৰেৰে শিলত কোৱ মাৰে,
গিৰিয়েকৰ আধৰুয়া সপোন পুৰা
কৰিবই তাই …হাতুৰিৰ কোৱত,
পোনাটিক মানুহ কৰিবই তাই
হাতুৰিৰ কোৱত।।