….মৃনাল ডেকা….
ভাবনা গহীন হ’ব ধৰিছে
তোমাৰ অবিহনে উকা হ’ব ধৰিছে ।
বিচাৰিছো তোমাক কাষত
নোৱাৰিছো বুজাব নিজক ।
পৰিছে মনত সেই অন্তৰংগ মুহুৰ্ত
আমি সজা ৰঙীণ সপোনবোৰ ।
অদৃশ্য হ’ব ধৰিছে সেই প্ৰতিজ্ঞা
চকুপানীয়ে লগৰী হ’ব ধৰিছে ।
বিচাৰিব ধৰিছো জীৱন- মৰণৰ অৰ্থ
আকোঁৱালিম কাক এয়াই আজি প্ৰশ্ন ।
বিচ্ছিন্নতাই আগুৰা এই সময়
পামনে আকৌ তোমাৰ নিভাজ মৰম ।
শুনিবলে ৰৈ আছো তোমাৰ ওঠত
তুমিয়েই দিয়া মোৰ আলসুৱা নামতি ।
ৰাতি বোৰ দীঘল হৈছে
সময়বোৰ স্থবিৰ হৈছে ।
তোমাৰ-মোৰ বিচ্ছেদৰ সেই ছবিয়েই
আজি মোৰ মনত ঘৰ বনাইছে ।
দিবানে তোমাৰ বুকুৰ উম ল’বলৈ
তোমাৰ দুবাহুৰ উষ্ম আলিংগন পাবলৈ ।
পৰিব বিচাৰো পুনৰবাৰ তোমাৰ প্ৰেমত
বিলীন হ’ব বিচাৰো তোমাৰ ভাৱনাত ।
দিবানে এধানী ঠাই তোমাৰ অন্তৰত
পাহৰি যাবা নে নিষ্ঠুৰ অতীতক ।।