…..তৰালী ডেকা…..
তেওঁৰ উশাহত তাই,তাইৰ উশাহত তেওঁ ।
এয়াই আছিল সত্য
এয়াই আছিল সুৰ্য্যৰ দৰে দীপ্ত।
তাৰ আগৰবোৰ এতিয়া অতীত,তাৰ পিছৰ এতিয়া অসমাপ্ত সপোণ ।
তেওঁ আৱৰি ৰাখিছিল সকলো সময়তে,তেওঁৰ লগত এধানিও কথা নপতাকে চলিছিল দিনৰ পিছত দিন,ৰাতিৰ পিছত ৰাতি।তথাপিও তেওঁ তাইৰ আছিল আৰু তাই তেওঁৰ।পিছলৈ যেতিয়া বাধা বোৰ আঁতৰি গৈছিল,তেওঁৰ সৈতে লানি নিছিগা কথাত ডুবি ৰৈছিল তাই,তেওঁক সামৰি অহৰ্নিশে চলি ৰৈছিল তাইৰ জীৱন।
প্ৰথম হোস্টেলত এৰি অহাৰ দিনা চকুপানী মচিছিল তেওঁ ।
এসপ্তাহৰ দূৰত্ব ভেদি আহি থকা ৰবিবাৰৰ বাবে ৰৈ থাকিছিল তেওঁ । ৰৈ থাকিছিল কটন গাৰ্লছ হোস্টেলৰ গেটত সপ্তাহৰ শেষৰ দিনটোত তাইলৈ।উভতি অহাৰ পৰত চকু ৰঙা পৰিছিল তেওঁৰ।ঘূৰি চাইছিল বাৰেপতি তাইৰ চকুলৈ।সেই ৰঙা পৰা চকুযুৰি হোমৰ জুইৰ ধোৱাত ৰঙা পৰিছিল এদিন।
মনত পৰিছিল নে সিদিনা তাইলৈ তেওঁৰ!
এই কথা সুধিব পৰা নাযায় ।
তাইক অচিনাকি ল’ৰা এজনে ফোন কৰোতে বুকুখন যেনেকৈ কপিছিল,তেনেকৈ কপিছিল নে তেওঁৰ বুকু নতুন ছোৱালী জনীলৈ প্ৰথমবাৰ ফোন কৰোতে!
তাই তেওঁৰ চকুলৈ নোচোৱাৰ দিনা তাইক হেৰুৱাই দিয়াৰ ভয়ত বুকুখন মোচৰ খাইছিল তেওঁৰ;যেনেকৈ তেওঁ দৰা সাজি যোৱাৰ দিনা তাইৰ বুকুত নৈ এখনৰ ঢৌবোৰে ভাজ লাগিছিল।
পূজাথলীত বন্ধুবোৰে তাইৰ কথা কৈ জোকাওঁতে লাজ আৰু গৰ্বত ঠিয় হৈ থকা তেওঁ কইনা ঘৰৰ আয়তীৰ জাক জাক বিয়ানামৰ আগত থিয় হৈছিল সেই একেই লাজ আৰু গৰ্বৰ লগত।
কিশোৰী তাইৰ অভিমানবোৰ বুজি চলিছিল তেওঁ সদায় যেনেকৈ এতিয়া পত্নীৰ আদৰ অভিমান বোৰ মানি চলে।
তেওঁৰ মৰমত তাই তেজ মৰমৰ সম্পৰ্কৰ বিপৰীতে থিয় হৈছিল।
কিন্তু তেওঁ নতুন তেজ মৰমৰ সম্পৰ্ক ৰচিছিল ।
তাই বাৰে বাৰে ঘূৰি গুচি গৈছিল তেওঁৰ ওচৰলৈ।
তেওঁ তাইক নেওচন দি নতুন সম্পৰ্ক গঢ়িবলৈ বাট বুলিছিল।
অজুহাত,তেওঁৰ শয্যাগত মাতৃৰ শেষ আশা একমাত্ৰ পুত্ৰৰ বিয়া।
অজুহাত,তাই তাইৰ অস্তিত্ব বিসৰ্জন দিয়াত অসমৰ্থ।
অজুহাত,তাই বিছ বছৰ বয়সতে সপোনবোৰ আৰু নিজৰ ঘৰখনক অগ্নিকুণ্ডত দহিবলৈ অসমৰ্থ ।
অজুহাত,তেওঁৰ ঘৰখনত বোৱাৰীৰ প্ৰয়োজনীয়তা।
কোনোবাখিনিত প্ৰয়োজনৰ আগত প্ৰেমৰ পৰাজয় হৈছিল ।
❤️