ঘড়ী

…..অভিলাস দাস……

ফাৰ্ষ্টট্ৰেকতকৈ কম,
চোনাটাৰ ঠিক সমান,
ফাচীঁ বজাৰৰ ৰ’দত শুকোৱা,
চেৰাপুঞ্জীৰ বৰষুণত তিওৱা সময়বোৰ ।
টিউশ্যন কৰি পোৱা টকাকেইটাৰে জানো কিনি দিব পাৰি জালুকবাৰী ?
পাৰি, এটা ফুচকা বেছিকৈ খুজি ল’ব পাৰি,
ট্ৰেণ্ডজত পাৰ্ক কৰি মনে মনে ব্ৰেণ্ড ফেক্টৰীতো সোমাব পাৰি ।

দেৱালত এবাৰ আফলিয়াওতেও ৰৈ যোৱা নাছিল যি,
চেলাইনৰ লগে লগে সিৰাত বৈছিল যি ,
সেই সময় যাযাবৰী ।
উপহাৰ দিয়াৰ সময় ?
ৰুগীয়া হ’লেও পৰাভূত নাছিল ।
পৃথিৱীখন মোৰ হৈ থকাৰ সময় আছিল ।

দুপৰীয়াৰ ভাতসাজ একেলগে খোৱাৰ সময়,
সময়বোৰ আমাৰ নহৈ আমাৰ হোৱাৰ সময়,
এখন হালধীয়া সৰিয়হ পথাৰ জলি শেষ হোৱাৰ সময়,
কত ৰাতি নোশোৱাকৈ পাৰ কৰি নীলাচলৰ বুকুত ৰুই দিয়া বেলকনিৰ উষ্ম সময়,
মোৰ পৰা বিদায় নোলোৱা সময়,
মোৰ পৰা গুচি যোৱা সময় ,
সকলো সম‌য় সামৰা এটা ঘড়ী ।
ঘড়ীৰ ভাল সময়বোৰ ৰাখি থ’লা,
ঘড়ীৰ ৰৈ যোৱা সময়বোৰ দি গ’লা ।
বেয়া সময় নহ’লে ঘড়ীয়ে কাক লৈ কৰিব অহমিকা ?

এজন নিবনুৱাৰ অনিশ্চয়তাৰে কিনি পেলোৱা এটা ঘড়ী ।
একালত তোমাৰ হাতবন্ধনী শুৱনি কৰা উপহাৰ এটা সচল ঘড়ী ।

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *