এপলক ১

…..ছন্দামিতা ঠাকুৰীয়া…..চিৰাজুলি, শোণিতপুৰ…..

: তিনি বছৰ হৈ গ’ল?

: উম…

: কোন পিনেৰে উৰি গৈছে ৰে সময় !

: এই দিনটোতে মই পল্লৱীক কি কৈছিলোঁ জান’? তই নোহোৱা হ’লে সেই সময়খিনি কিমান অৰ্থহীন হ’লহেতেন ! কেনেকৈ জানো চম্ভালিলোঁ হয় নিজকে !

: হয় নেকি?

: উম.. আৰু চা… কথাবোৰ আজিও একেই হৈ আছে ৷

: একেই থাকিব… হয়তো !

: অথচ এই তিনিবছৰত আমি কিমানবাৰ বিচ্ছিন্ন হৈছোঁ ! মনত আছে তোৰ?

: নাই৷ মনত ৰাখিবও বিচৰা নাই৷

: ময়ো৷

: উম

: বহুত বেয়া সময় আছিল সেয়া

: কোনবোৰ?

: এই আঁতৰি থকা দিনবোৰ !

: আঁতৰি নথকা হ’লে তই জানো মোক বাৰে বাৰে বিচাৰি আহিলিহেঁতেন? ময়েই জানো ছটফটাই থাকিলোঁ হেতেন তোৰ সামান্য সান্নিধ্য বিচাৰি !

: অহ, আঁতৰি থকাই হবলা ভাল পাইছিলি ?

: মুঠেই ভালপোৱা নাছিলোঁ৷ কিন্তু সেইখিনি সময়ত মই তোক নতুনকৈ আবিষ্কাৰ কৰিছিলোঁ৷

: কেনেকৈ?

: কেনেকৈ আৰু কি ! নিচাত ডুবি ডুবি তোৰ স্পৰ্শক অনুভৱ কৰিছিলোঁ… ধোৱাৰ কুণ্ডলীৰে উৰুৱাই দিছিলোঁ বেইমান সময়ৰ কথকতা….

: যাহ… তই কৈছিলি চিগাৰেট খাবলৈ বাদ দিছ’ ..

: বাদ দিছোঁ৷ এবছৰ হ’ল৷

: এবছৰ? সঁচাই?

: অ’ আকৌ… সেই যে টাৱাঙলে গৈছিলোঁ, মৃগাংকহঁতৰ লগত… মৰিবলৈকে ওলাইছিলোঁ যে !

: ৰ’ ৰ’, তই কেতিয়া টাৱাঙলে গৈছিলি?

: কিয়, তই নাজান?

: ওহোঁ , তই মোক কোৱাই নাই !

: অ’ তেতিয়া আমাৰ মাত বোল নাছিল হ’বলা ৷

: হমম… বাৰু বাদ দে, এৰিছ যদি ভাল কথা৷ শুনি সুখী হ’লোঁ৷

: আৰে তোৰ শপত !

: ইহ মোৰ মৰিবলে মন নাই

: হা হা.. এটা কথা ক

: কি?

: মোক আকৌ এৰি যাবি?

: যাবও পাৰোঁ৷

: গলেও কেয়াৰ নকৰোঁ আৰু যাহ

: কিয় বে? কিয় নকৰিবি??

: জানো, হেৰুৱা উশাহ বিচাৰি মোৰ ওচৰলৈকে আহিবি !

: বেছি ভাবিছ.. ইমানো স্পেচিয়েল নহয় যাহ তই

: হয় নেকি? যা গৈ তেন্তে

: কাজিয়া নকৰাকৈ?

: কাজিয়া নকৰাই হ’লি আৰু আজিকালি !

: Matured হৈছোঁ, হেহ হেহ

: থ’ তোৰ মেচিউৰিটি জনা আছে৷ মেডিচিন খালি?

: অহ পাহৰিছিলোঁ ! এই ফ’নটো ধৰি থাকচোন৷ এত্তিয়াই খাই লওঁ

: কিয় পাহৰ সদায় সদায়?

: মনত কৰি দিবলে তই আছ যে ! !

: যদি হেৰাই যাওঁ?

: মোক এৰি তই মুঠেই ক’তো হেৰাই নাযাৱ

: হমম …এই কথাটোতে হাৰি যাওঁ !?

: উমম এই কথাটোতে তোক হৰুৱাই তৃপ্তি পাওঁ !?

একো প্ৰতিশ্ৰুতিয়েই নাছিল সিহঁতৰ৷ সমীৰে কোনোদিন মলয়াক কোৱা নাছিল ভালপোৱাৰ কথা ! মলয়াই কোনোদিন কোৱা নাছিল সমীৰক তোৰ অবিহনে মই জীয়াই থাকিব নোৱাৰিম ! অথচ সমীৰৰ অনুপস্থিতিৰ দিনবোৰৰ শূন্যতাৰ কোনো উপমা নাছিল ! সমীৰে জানে, কোলাহলৰ মাজতো দুহাত খামুচিবলৈ মলয়া জানো নাহিব ? মলয়াই জানে, পৃথিৱীৰ সমস্ত ভাগৰে সমীৰক জুৰুলা কৰিলেও তাইৰ এটা ফ’নকলতেই সি জানো তাইক নিচুকাই নথব? বয়ফ্ৰেণ্ড নহয়, এজন প্ৰেমিকৰ নাম “সমীৰ”৷ গাৰ্লফ্ৰেণ্ড নহয়, এজাক জুৰ পৰি যোৱা বতাহৰ নাম “মলয়া”….

 

To be continued…….

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *