…..মুনমী পাঠক…..উত্তৰ গুৱাহাটী…..
কাৰ পৰিচয় লৈ
কাৰ শিৰত জিলিকিছ’ তই?
সেউতাৰ মাজত ৰঙা আলি বান্ধি
কাৰ ইচ্ছা-আকাংক্ষাক কিহেৰে মেৰিয়াইছ’ তই?
এটা জাতিত ওলমি থকা তোৰ জীৱন;
এজনী নাৰীৰ অস্তিত্ব তয়েই।
ৰঙা তোৰ পৰিচয়;
এটি কঠিন বান্ধোন তই!
তেন্তে তোৰ সুখ ক্ষন্তেকীয়া কিয়?
তোৰ ৰং মচিবলৈ অধিকাৰ কাক কিয় দিছ’?