ডোখৰি জীৱন

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা)….

আজি তোমাৰ সৈতে
ওৰে ৰাতি কথা পাতিম
বখলিয়াই যাম
জীৱনৰ বেঠা।

আজি তোমাৰ সৈতে
নিশাযাপণ কৰি দেখুৱাই দিম
জীৱনৰ সেতাঁপৰা ৰং!

মই জানো তুমি
জীৱন যুদ্ধত পৰাজিত সৈনিক
আৰু মই এইটোও জানো
পেটত গাঠি দি যুঁজাৰ শক্তি
তোমাৰ কপালত নাই!

আজি ওৰে ৰাতি কথা পাতিম,
কিন্তু-মোৰ কথা বুজাৰ
স্নায়ূৰ শক্তি তোমাৰ নাই।

কাৰণ লাস বিলাস আৰু যৌনতাই
তোমাৰ জীৱন।
য’ত মোৰ কপালত নাই!
আজি ওৰে ৰাতি কথা পাতিম
কাৰণ কাইলৈ পুৱাই মই
এমুঠি অন্নৰ সন্ধানত যুঁজিম।।

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *