….মানস জ্যোতি মেধী…
প্ৰথম চাৱনিতে তোৰ প্ৰেমত পৰিছিলো
তোৰ দুচকুত ভাঁহি উঠে
এসাগৰ মৰম,
আৰু তোৰ যে হাঁহিতো❤
উফ, বুকুৰ হাৰ্ড ডিস্কেই ফৰমেট হৈ য়ায।
হৃদয়ৰ সাগৰত ত্রোমাৎ উফন্দি উঠা বোৰে কয়
লাভ নাই বুজিছ
তাই তোক পাত্রাই নিদিয়ে
আৰু মই আকৌ
পাগল মনটোক কওঁ
আৰে লাজ্জাৰি আইটেম
পাবলৈ হলে G.S.T
টো দিবই লাগিব
কিন্তু
আমাৰ দৰে পাগত প্ৰেমিকৰ
বাবে NO G.S.T
কিয়নো আমি চাবলৈহে পাৰো
হাঃ হাঃ হাঃ??
মন যায় জানা তোমাৰ সৈতে
Restaurant বহি
দামি দামি coffee ৰ
সোৱাদ লবলৈ ।
পিছে সাধাৰণ দোকানত কাম কৰা মানুহ জানো
এনেহেন সপোন দেখিব পাই?
চাল্লা, out of coverage
ভাল লাগে তাইক দেখিলে
এনে লাগে যেন
back ground’t হিন্দ ছবিৰ
ৰোমান্টিক গান বাজি আছে,
আৰু তুমি আৰু মই যেন……হা: হা: হা:
ধৈইত চাল্লা, সপোন গৈ তোমাৰ হোমাৰ গুৰিত দৰাৰ সাজতহে ৰয়গৈ ।
G.S.T দিব পাৰোনে নাজানো কিন্তু এই প্ৰেম যে
চিন্দিকেতৰাজ হ’বলৈ নিদিও সেইটো খাটাং ।
নাভাবিবা মোৰ দৰে প্ৰেমিক বহুত পাবা বুলি
মিছ ………..❤
প্ৰেমিক বহুত পাবা কিন্তু এই পাগল প্ৰেমিকৰ পাগল মন
কতো নোপোৱা।
যিমান পাগল সিমান বিশাল।
মুঠতে এষাৰ কথাই কও
য’তেই থাকা কুশলে থাকা