….প্ৰাণজিৎ কলিতা…..
….গুৱাহাটী বিশ্ববিদ্যালয়….
বাৰিষাৰ ধাৰাসাৰ বৰষুণজাক আহিলে
আজিও বুকুখন বৰকৈ বিষাই ,
সেই দিনবোৰলৈ মনত পৰে ,
ঘৰৰ চালি ফুটি পৰি থকা
বৰষুণৰ পানীবোৰ সিঁচি সিঁচি
মায়ে কান্দি কান্দি কৈছিল
” বোপা তই ডাঙৰ হ’লে আমাক ভাল ঘৰত ৰাখিব লাগিব ”
যন্ত্ৰণাৰ শিখৰত থিয় হৈ
মাৰ চকুপানীৰ সমৰ্থনত
মুৰ দপিয়াইছিলো ।
মায়ে ফটা কাপোৰেৰে চিলাই
দিয়া দেউতাৰ ভগা জাপিটো লৈ ,
বৰষুণত তিতি বৰকৈ আনন্দ লভিছিলো ।
সেই জাপিটো লৈয়ে দেউতাই
বোকা পানীৰ মাজেৰে
আমাৰ বাবে সপোন ৰচিছিল ।
সোণালী ৰঙবোৰেৰে পথাৰখন
সোণালী কৰিব বিচাৰিছিল ।
কালগ্ৰাসত প্ৰকৃতিৰ নিদাৰুণ সময়কণে
দেউতাৰ ভগা জাপিটো
একেবাৰেই ভাঙি পেলালে ;
কেইবাদিন ধৰি হোৱা বৰষুণত
দেউতাৰ গোটেই মাটিখিনি
নদীত জাঁহ গৈছিল ;
দেউতাই বৰকৈ কান্দিছিল ।
দুবেলা দুমুঠিৰ শুদা ভাত কেইটাৰ বাবেও
দেউতাই ঋণী হৈ ভিক্ষা খুজিব লগা হৈছিল ।
সেইদিনাই ভাবিছিলো
ডাঙৰ হৈ বহুত কিবা কিবি কৰিম
দেউতাৰ বাবে ,
মাৰ বাবে এখন ভাল ঘৰ সাজিম
য’ত বৰষুণ আহিলে মায়ে পানী সিঁচিব নালাগে ।
মই নোৱাৰিলো ; জীৱন সংগ্ৰামত
জয়ী হৈ ধ্বজা উৰুৱাই মা দেউতাক সুখী কৰিব নোৱাৰিলো ।
দেউতাৰ ব্যৰ্থতাৰ চকুজুৰি লৈ চাই সদায়
ক্ষমা খুজিছো , মই তোমালোকৰ ওচৰত সদায় ঋণী হৈ থাকিলো দেউতা ।
প্ৰাণজিৎ কলিতা
গুৱাহাটী বিশ্ববিদ্যালয়
Xundor hoise dada❤️