নষ্টালজিয়া

……..ধৃতাক্ষী শৰ্মা………দশম শ্ৰেনী…..

“এয়া অসম্ভৱ ৰাজ । মই নোৱাৰো তোমাৰ গাৱলৈ যাব । বিয়াৰ পিছতে এবাৰ গৈছিলো তোমাৰ লগত, বাপৰে ! পুৱা নহওঁতেই উঠিব লাগে , তাতে আকৌ মাটিৰ ঘৰ! Please ৰাজ মোৰ দ্বাৰা এয়া নহব ।”

“হাৰে স্বাতী, অলপটো বুজিবলৈ চেষ্টা কৰা । এনেইটো যাবলৈ নকও, বিহু বাবেহে কৈছো । উৰুকাৰ দিনা গৈ পিছদিনা গুছি আহিম দিয়া । মাত্ৰ এটা ৰাতি দুটা দিন । মায়ে বৰ মন কৰি থাকে অ’ ।”

“কৈছোয়েচোন মই, মা দেউতাক ইয়ালে লৈ আনা , কাম শেষ । চোৱা ৰাজ, তোমাৰ মা দেউতাৰ লগত মোৰ একো আপত্তি নাই.. । কিন্তু গাঁও খনৰ লগত আছে..। চাৰিওফালৰ পৰা গোবৰ গোবৰ গোন্ধ আহি থাকে, পাৰ বোৰেও চাৰিওফালে লেতেৰা কৰি ফুৰে । নহব ৰাজ মই নাযাওঁ… তুমিয়ে যোৱা । “

“ঠিক আছে বাৰু । তুমি যাব নালাগে, মইয়ে যাম । এটা কথা কিন্তু মনত ৰাখিবা, তেওলোকে তোমাক মৰম কৰে বাবেহে মাতি থাকে । “

তাৰপিছত ৰাজ তাৰ পৰা অলপ খঙত গুছি গ’ল । আচলতে খং উঠিব লগিয়া কথাও… বিয়াৰ পিছৰ বছৰ বিহুত তাই গাৱলৈ গৈছিল । সেই দিন ধৰি আৰু তাই সেইমুৱা হোৱাই নাই । সৰুৰে পৰা নগৰীয়া আভিজাত্যৰ মাজত ডাঙৰ হোৱা ছোৱালী তাই । গাৱৰ মানুহৰ সৰল মনৰ অকৃত্ৰিম মৰমক বুজি নাপায় । গধুলী সি চেম্বাৰৰ পৰা ঘুৰি আহিল । পেছাত ৰাজ এজন ডক্তৰ । স্বাতীয়ে বেংকত চাকৰি কৰে। সি ভাবিলে আৰু এবাৰ তাইক কৈ চাব । কিজানি শিল ক্ষয় যায়েই ! কিন্তু নাই, তাইক গলাব নোৱাৰিলে । সৰুৰে পৰা কৃত্ৰিমতাৰ অন্ধকাৰত থকা ছোৱালী জনীয়ে নো গাৱৰ অকৃত্ৰিম পোহৰক কেনেকৈ ভাল পাব ।

উৰুকাৰ আগদিনা সি ঘৰলৈ গ’ল । তাৰ সৰল মনৰ মাক জনীৰ হৃদয়ৰ আহ্বানক আঁও-কাণ কৰাৰ সামৰ্থ তাৰ নাই। সেই বাবে সি ঘৰলৈ গল । গাৱত সোমায়ে তাৰ ভাল লাগি গৈছিল । পথাৰ, গছ-গছনী, গৰু-ছাগলী কিমান দিনৰ মুৰত যে সি এনেকৈ দেখা পালে । ঘৰ পোৱাৰ লগে লগে ঘৰত উথপ-থপ লাগিছিল । কিমান দিনৰ মুৰত ঘৰৰ ডাঙৰ লৰাটো ঘৰলৈ আহিছে, স্বাভাবিকতেই মাকৰ মৰম বোৰ উথলি উঠিছে। দুপৰীয়া ভাত খাই এপাক ওলাই যাও বুলিয়ে সি সিহঁতৰ পথাৰৰ ফালে গ’লগৈ । পথাৰৰ কাষত অলপ উখ ঠাইত এদাল গছ আছে । সি তাৰ তলত বহিল আৰু গাৱৰ মিঠা বতাহ জাক  উপভোগ কৰিলে; উপভোগ কৰিলে দুৰৰ পাহাৰখন । তাৰ মনলৈ বিভিন্ন চিন্তা আহিল । সি যেন নষ্টালজিক হৈ পৰিল । নাষ্টালজিয়া নামৰ ট্ৰেইন খনত উঠি সি মনত কৰিলে অতীতৰ প্ৰতিটো স্টপেজ । সি ভাবিলে কিমান বেছি সলনি হল সকলো । আগতে প্ৰায় বোৰ মানুহ গাৱতে থাকিছিল । আৰু এতিয়া মানুহে গাৱৰ নাম শুনিলেই আতৰি যায় । কিন্তু সঁচাকৈয়ে আজিৰ গাওঁ বোৰ গাওঁ হৈ আছেনে? আগতেচোন গাৱত আবেলি হ’ল মানেই সিহতে হিলদল ভাঙি খেলিবলে ওলাই গৈছিল । কিন্তু আজিকালিচোন সেইবোৰৰ বাবে কাৰো হাথ সময়ে নাই । আগতে গাৱত বিহু বুলি কলেই সকলোৱে লগ হৈ পিঠা বনাইছিল, চাউল খুন্দিছিল…কিন্তু আজিকালিচোন সকলো গাই-গুটিয়া হ’ল । পঠাৰবোৰ ভাঙি মানুহে ঘৰ সাজিছে । চাৰিওফালে ঘৰেই ঘৰ । আমি বাৰু পাহৰি যাব ধৰিছো নেকি নিজস্বতা খিনিক । নিজৰ পৰা আতৰি আহিছো নেকি আমি ? “

হঠাতে ভায়েকে মাত দিয়াত সি তাৰ লগত ঘৰলৈ উভতিল । ৰাতি উৰুকা খালে । পিছদিনা পুৱা মেজি জলাব গৈ সি সুধিলে,

“গাৱৰ বাকি মানুহ বোৰ ক’ত ?”

“দাদা আজিকালি সলনি হ’ল । সকলোৱে লগ হৈ মেজি নবনাই । আমি কেইঘৰ মানে লগ হৈ কৰো আৰু সেইফালে কেইঘৰ মানে কৰে ।”

সি আচৰিত হৈ পৰিল । বিহুৰ দিনা কেইঘৰ মানত বিহু খাই সি পিছদিনা চহৰৰ ঘৰলৈ আহিল। এইবাৰ গাৱৰ পৰা অহাৰ পিছত তাক কিবা এটা চিন্তাত থকা যেন দেখি স্বাতীয়ে সুধিলে ,

“ৰাজ, কি হ’ল? গাৱৰ পৰা আহিচোন স্ফুৰ্তি নাই , কেলে ?”

“নাই এনেই, যোৱা ভাত বাঢ়াগৈ ।”

ভাত খাই  উঠি স্বাতীয়ে তাক সুধিলে,

“ৰাজ সচাকৈ কোৱাচোন, তোমাৰ কি হৈছে? কিয় এনেদৰে মন মাৰি আছা? মই নোযোৱা বাবে তোমাক কোনোবাই কিবা কৈছে নেকি?”

“নাই অ'”

“তেন্তে কি হৈছে কোৱা?”

“এটা কথা জানানে ? কিছুমান পৰিবৰ্তন আমাৰ ভাল লাগে আৰু কিছুমান বেয়া লাগে । কলিৰ পৰা যেতিয়া ফুলটো ফুলে তেতিয়া আমাৰ ভাল লাগে, আকৌ সেই ফুলটোৱে যেতিয়া এদিন মৰহী যায় তেতিয়া বেয়া লাগে । মই একপ্ৰকাৰ দোমোজাত পৰিছো অ’ ; পৰিবৰ্তন বোৰ ভাল লগাৰ বাবে নে বেয়া লগাৰ বাবে ?”

“ৰাজ, সকলো বস্তুৰে ভাল বেয়া দুয়োটা থাকে । পৰিবৰ্তন বোৰো তেনেকুৱাই”

“সমন্নয় মানে কি জানানে?”

“জানো !”

“জানানে যেতিয়া এঘৰ দুঘৰ কৰি এখন গাওঁ গঠন হয় তেতিয়া ভাল লাগে । যেতিয়া এটা চুবুৰী গাওঁ হৈ পৰে, সেই পৰিবৰ্তন ভাল লাগে। কিন্তু যেতিয়া সেই গাওঁ আকৌ ভাঙি যাব ধৰে সেই পৰিবৰ্তন বেয়া লাগে ।”

“কি কৈ আছা ভালকৈ বুজা নাই..কি হৈ আছে গাওঁত ?”

“কি হৈছে জানা, আমাৰ গাওঁৰ সমন্নয়ৰ শিকলিডালত মামৰে ধৰিছে..। পৰিবৰ্তন হৈছে । নাজানো ভালৰ বাবে নে বেয়াৰ বাবে । গাওঁৰ সমন্নয়ৰ শিকলিডাল আৰু দৃঢ় হৈ থকা নাই । হয়টো ভেদাভেদৰ  উত্তাপত এদিন সেই শিকলি সম্পুৰ্ণ ৰূপে গলি নিঃশেষ হৈ যাব । হয়টো এখন গাওঁ আকৌ চুবুৰী হৈ পৰিব । আৰু জানানে তেতিয়াও এটা প্ৰশ্ন ৰৈ যাব পৰিবৰ্তন বোৰ ভালৰ বাবে নে বেয়াৰ বাবে ?”

 

ধৃতাক্ষী শৰ্মা

দশম শ্ৰেনী

অসম একাডেমী, নলবাৰী

Share কৰক:

1 Comment

  1. ভাল লাগিল।

Leave a Reply

Your email address will not be published. Required fields are marked *