…..অভিলাস দাস…..
…..গুৱাহাটী বিশ্ববিদ্যালয়……
কথাখিনি লিখাৰ বিশেষ কোনো উদ্দেশ্য নাই, অথবা বিশেষ কোনো উদ্দেশ্য় লৈয়েই কথাখিনি লিখিছো নাজানো সেয়া । হয়তো আমাৰ প্ৰজন্মটোৰ দৰেই এই কথাবোৰ , বাট বহুত , কিন্তু বাটহীন ক’ৰবাত । স্কুলৰ পৰা আহি ঘৰৰ ধমকিত দুপৰীয়া জোৰকৈ শুবলৈ চেষ্টা কৰাৰ অভিনয়ৰ পৰা আজিকালি ৰাতি ৪ বজালৈ মোবাইলৰ বুকু কুৰুকি কুৰুকি স্বাভাৱিক টোপনি নহালৈ এই বৰ্ণিল কিন্তু কিম্ভুত কিম্বাকাৰ পৰিক্ৰমাটোৱেই আমাৰ প্ৰজন্মটোক সুকীয়া সজাইছে । দুটকা দি বন্ধুক ৰিংটোন পঠাবৰ বাবে কুটুৰি কুটুৰি থকাৰ পৰা আৰম্ভ কৰি গুগল পে’ৰ প্ৰচলনলৈ আমাৰ প্ৰজন্মটোৱে দেখা কি নাই । মালগুড়ি ডেয়জৰ টিউনটো ইয়াৰ ৱ’ৰ্ম হৈ যোৱা বা দেওবাৰে দুপৰীয়া বাৰ বজাত এণ্টেনা লৰাই লৰাই দূৰদৰ্শনত “দো বিঘা জমীন” চোৱাৰ অপ্শ্যনহীন জীৱনৰ পৰা আঙুলিৰ মূৰত অ’টিটি প্লেটফ’ৰ্মবোৰ নচুৱালৈ এই যাত্ৰা সচাঁই ঘটনাবহুল , টায়াৰচাম ! সৰুতে ভৰিত ভৰি লাগিলেই সেৱা কৰিবলৈ শিকোৱা আমাৰ প্ৰজন্মটো আজি ইমান ভাগৰুৱা যে বুকুৰ গভীৰ কথাবোৰ খুলি ক’ব নজনা হৈ আমি ডিজিটেল হাইকু লিখো আজিকালি , ৰাইট এণ্ড লেফট ছোৱাইপ কৰো । সমগ্ৰ প্ৰক্ৰিয়াটোৱেই দ্ৰূতভাৱে খেলিমেলি হৈ পৰা নাইনে ? আমি ৰৈ গৈছো নে আমি সময়ক লগ ধৰিব পৰা নাই ? চি প্ৰগ্ৰেমিং শিকিবলৈ গৈ আমি পাহৰি গৈছো নেকি চিঠিত শ্ৰীহৰি লিখিবলৈ ? আমি নৈৰ পাৰৰ মথাউৰিত বহি তৰা গণা প্ৰেমো বিচাৰো আকৌ বাস্তৱিকত আমি কমিটমেণ্টক ভুত দেখাদি দেখো । হয়তো আমি প্ৰেমক অত্যন্ত চিৰিয়াচলী লৈছো নতুবা একেবাৰে কেজুৱেলি ।আমি “হাৰ্ট ৰিয়েক্ট “ ঠিকেই কৰো কিন্তু সহায় বিচাৰি কোনোবা ব্ল’ক কৰি থোৱা ব্যক্তিয়ে কৰা মেছেজক ঠিকেই ইগন’ৰ কৰো ! আমি গোটেই ৰাতিটো মেছেজ কৰিব ঠিকেই জানো কিন্তু মা দেউতাই প্ৰিয়তমক কেৱল সৰু (?) জাতিৰ হোৱা বাবে কৰা ককৰ্থনাৰ মুখ তুলি উত্তৰ দিব নোৱাৰো । ৰোহিতৰ লগত কোনে অপেনিং কৰিলে ভাল তাক লৈ আমি খুব অপিনিয়নেষ্টিক, কিন্তু তেনেবোৰ কথাত আমিবোৰে মাত মাতিব ভয় কৰো । জন্মদিনত কিতাপ উপহাৰ দিয়াৰ পৰা আৰম্ভ কৰি ফেচবুকত কাপল ফ’টো আপল’ড দি ল’য়েল্টি প্ৰমাণ কৰাৰ এই সুদীৰ্ঘ যাত্ৰাত হয়তো আমি কিছু বিচলিত হৈছো । সংস্থাপনহীনতা , নিঃসংগতা আদিয়ে জুৰুলা কৰা ভাগৰুৱা আমৰ এই প্ৰজন্মটোকেই কিন্তু সৰুতে মাহঁতে নিতৌ গধূলি “তুমি চিত্ত বৃত্তি মোৰ” গাব শিকাইছিল । ভূল ক’ত হৈ গ’ল তেনে ? গাৰুৰ তলত দূৰত চাকৰি কৰা স্বামীৰ কঁপা কঁপা আখৰৰ চিঠি ৰখাৰ পৰা গেলেৰীত স্ক্ৰীণশ্বট সাচাঁলৈ আমাৰ প্ৰজন্মটো তথাকথিত আপগ্ৰেডেড সমাজৰ বিশাল বিকল্পবোৰৰ চাকনৈয়াত পথভ্ৰষ্ট নেকি ? আমাৰ বুকুত এসাগৰ উন্মাদনা আছে ঠিকেই , কিন্তু প্ৰকাশৰ বাটত আৱশাব্দিক আলট্ৰা ভায়’লেট সংকোচ ! নৈতিকতা বা মূল্যবোধৰ সুদৃঢ় বুনিয়াদেৰে গঠিত আমাৰ প্ৰজন্মই হয়তো আত্মবিশ্বাসেৰে প্ৰায়’ৰিটি চিলেক্ট কৰাত বাট হেৰুৱাইছো , হয়তো ! তথাপিও জীৱন এবাৰেই । ঠিক, প্ৰথম শ্ৰেণীত থাকোতে পেণ্টৰ জেপত সযতনে লৈ যোৱা এটকাটোৰে চাৰিটাকৈ পোৱা টেঙা মিঠা সেই কমলা ৰঙৰ চকলেটকেইটাৰ দৰেই , টেঙাৰ মাজত লুকাই থকা মিঠা , যাক এবাৰ খালে খাওঁ খাওঁ লাগিয়েই থাকে । জীৱন এনেকুৱাই ।
ভাল লাগিল পঢ়ি ?