প্ৰতিচ্ছবি

…..তৃষ্ণালী খনিকৰ…..

আন্ধাৰ ৰাতি চকুত ভাহি আহে এখনি প্ৰতিচ্ছবি । যেন তাই আহিছে, আকৌ ঘূৰি আহিছে । তাই সুধিছে কিয় ? কিয় মোক নবচালা ।

অনামিকা……। শুই উঠি পুনৰ নৱজ্যোতিয়ে গম পালে সেই প্ৰতিচ্ছবিবোৰ কেৱল সপোন । নাই তাই ঘূৰি নাহে । ঘটনাটো হৈ যোৱা প্ৰায় দুবছৰমানেই হ’ল । তেওঁৰ মনলৈ আহে সেই প্ৰতিচ্ছবিবোৰ । অনামিকাৰ লগত কটোৱা সেই সুন্দৰ নিশাবোৰ, কষ্টকৰ দিনবোৰটো তাইৰ সুমধুৰ মাত । কিন্তু ভগৱানে সময়ৰ আগতেই তাইক নৱজ্যোতিৰ পৰা কাঢ়ি লৈ গ’ল । পাছফালে এৰি থৈ গ’ল মাথো এক মৰণকাতৰ প্ৰতিচ্ছবি ।

শুই উঠিয়েই নৱজ্যোতিয়ে প্ৰথমে হাত-মুখ ধুই আগফালে বাৰাণ্ডাত বহি চাহ খাবলৈ ল’লে । সেই সময়তো তাক অনামিকাৰ স্মৃতিবোৰে আমনি কৰি আছিল । কিয় ? কিয় এনে কৰিলে ভাগ্যই তেওঁৰ লগত । তেওঁ ভাবি ভাবি পগলা হৈ যাব ধৰিছে । চাহ খায়েই তেওঁ কাৰ্যালয়লৈ যাবলৈ ওলাল । ৰাস্তাৰে গৈ থাকোতে তেওঁৰ মনলৈ বাৰে বাৰে আহি থাকিল অনামিকাৰ সেই মৰণকাতৰ প্ৰতিচ্ছবি ।

অনামিকা.. হয়, তাই হ’ল নৱজ্যোতিৰ জীৱনসংগী । বিয়াৰ আগতে হওঁক বা পাছতেই তাই নৱজ্যোতিক সদায় সহায় কৰি আহিছে আৰু মনোবল যোগাইছে । তাইয়ো নৱজ্যোতিৰ লগত একেটা কাৰ্যালয়তে কাম কৰিছিল । লাহে লাহে লাহে প্ৰেম আৰু তাৰ পিছত বিবাহ । এতিয়া তাইৰ স্মৃতিবোৰে নৱজ্যোতিক পগলা কৰিব ধৰিছে । ডাক্টৰে কৈছে যে নৱজ্যোতিয়ে তাৰ মানসিক ভাৰসাম্য হেৰুৱাইছে । নৱজ্যোতিৰ এতিয়াও মনত আছে তেওঁৰ জন্মদিনৰ কেক আনিবলৈ যাওঁতে কেনেকৈ এখন বাহনে তাইক মহতিয়াই লৈ গৈছিল । তেতিয়েৰে পৰা ৰৈ গৈছিল মাথো অনামিকাৰ সেই প্ৰতিচ্ছবি ।

নৱজ্যোতি কাৰ্যালয়লৈ খোজকাঢ়ি অহা-যোৱা কৰে সদায় পাৰ হয় এখন Bakery shop, যিখনৰ পৰা অনামিকাই কেক আনিবলৈ গৈছিল । কিন্তু আজি তেওঁ Bakery shop খনলৈ চাই ৰৈছে । লাহে লাহে তেওঁ সেই দিশে আগবাঢ়িব ধৰিছে আৰু….নাই…. এখন ট্ৰাকে নৱজ্যোতিক খুন্দিয়াই লৈ গ’ল । ৰৈ গ’ল মাথো নৱজ্যোতিৰ তেজেৰে লুতুৰি-পুতুৰি হৈ থকা মৃতদেহ আৰু তাৰ লগতে ধূসৰ হৈ পৰিল অনামিকাৰ সেই প্ৰতিচ্ছবিবোৰ ।

 

…..তৃষ্ণালী খনিকৰ…..

Class: vii
School: জাতীয় বিদ্যালয়, বৰহাট

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *