……প্ৰিয়ম…..
নৱম শ্ৰেণীৰ ‘ক’ শাখাত তেতিয়া ৰূপালী বাইদেউৰ অংকৰ ক্লাছ ৷ কোঠাটোৰ এফালে ল’ৰাবোৰ, আনফালে ছোৱালীবোৰ ৷ বাইদেউৱে এটা এটাকৈ সকলোকে মাতি নিছিল ব’ৰ্ডত অংক কৰিবলৈ ৷ বিপ্লৱৰ পাছতে চুমিৰ পাল ৷ টেবুলত থকা চকডাল তুলি লাহে লাহে তাই ব’ৰ্ডখনৰফালে গ’ল ৷ বাইদেউ তেতিয়া অংকটোৰ সমাধান উলিওৱাত ব্যস্ত ৷ চুমি উঠি যোৱাৰ লগে লগে গুণগুণনি আৰম্ভ হ’ল ৷ ইচ্, আচ্, ছেঃ ইত্যাদি ধৰণৰ ৷ বেচেৰীজনীয়ে গমেই পোৱা নাছিল তাইৰ লগত কি হৈ গ’ল ? পিছৰ বেঞ্চৰ কেইটামানে মুখ টিপি হাঁহিছিল, কেইজনীমানে ফুচফুচাইছিল ৷ তেনেতে ৰূপালী বাইদেউৰ চকু চুমিৰ বগা কুৰ্তাটোত পৰিল ৷ সাংঘাটিক একো ঘটা নাছিল, মাথোঁ চুমিৰ শুধ বগা চোলাটোত আছিল তেজ ৰঙা এটি দাগ ৷ নিচেই অকণমানি এটি দাগ ৷ ক্ষন্তেকো পলম নকৰি চুমিক বাথৰুমলৈ যাবলৈ বাইদেউৱে নিৰ্দেশ দিলে ৷ অস্বস্তিত বাইদেউৰ মুখখনো ৰঙা ক’লা পৰিল ৷ পৰিস্থিতিটো নিয়ন্ত্ৰণলৈ আনিবলৈ প্ৰায় পোন্ধৰমিনিটমান লাগিল ৷ সেইদিনা চুমিয়ে কাৰো চকুলৈ চাব পৰা নাছিল, বিশেষকৈ বাওঁফালে বহি থকা ল’ৰাবোৰৰ ফালে ৷ চৰম লজ্জা আৰু হতাশাত তাইৰ দুচকু চলচলীয়া হৈ গ’ল ৷
ইয়াৰ পিছত তিনিদিন তাই স্কুললৈ নগ’ল ৷ এই অনাহক খটিৰ কাৰণটো কোনেও সোধা নাছিল ৷ আনকি বান্ধৱী শেৱালিয়েও ৷ চোলাত লাগি ধৰা সেই ক্ষুদ্ৰ দাগটোক সহজভাৱে লোৱাৰ মানসিকতা বিদ্যালয়খনৰ কাৰো নাছিল ৷ ৰূপালী বাইদেউৰো নাছিল, চুমিৰো নাছিল ৷ ইয়াৰ পৰিণতি ভুগিছিল স্বয়ং চুমিয়ে ৷ কিন্তু এনে পৰিস্থিতিৰ ভুক্তভোগী এদিন ৰূপালী বাইদেউও হ’ব, শেৱালিও হ’ব, যদিহে সেই ভ্ৰান্ত ধাৰণা সকলোৱে পোষণ কৰি থাকে ৷
চতুৰ্থদিনা যেতিয়া চুমি স্কুললৈ গৈছিল, তেতিয়া সকলোৰে দৃষ্টি মাথোঁ তাইৰ ওপৰত আছিল ৷ ষষ্ঠ শ্ৰেণীৰ দুজনীমানে তাইৰ পিনে চাই কিবা ফুচফুচাই আছিল ৷ সেইদিনা ৰূপালী বাইদেউৰ ক্লাছত সকলো নিমাত ৷ লাজতে গোটেই দিন তাই বেঞ্চখনতে বহি থাকিল ৷ ছুটীৰ সময়ত মূৰ তল কৰি তাই ওলাই আহিছিল, সেইদিনাও, তাৰ পিছৰ দিনাও ৷
এদিন টিভিত বিজ্ঞাপন এটা দেখাৰ পাছতে চুমিৰ মনত বিভিন্ন প্ৰশ্নই অগাদেৱা কৰিবলৈ ধৰিলে ৷ বিজ্ঞাপনটো আছিল চেনিটেৰি নেপকিনৰ ৷ বিজ্ঞাপনত দেখুওৱা হৈছিল যে জীৱনলৈ সুযোগ মাত্ৰ এবাৰ হে আহে আৰু সেই সুযোগ মাহেকীয়াৰ বাবে থমকি নৰয় ৷ বিজ্ঞাপনত ওলোৱা ছোৱালীকেইজনীৰ চকুত নাছিল কোনো সংশয়, নাছিল কোনো লাজ লাজ ভাব ৷ এই বিজ্ঞাপন কৰিবলৈ কোনো এজনীয়েও হয়তো ইতস্ততঃ বোধ কৰা নাছিল ৷ তাই নিজকে সুধিছিল, তাইৰ লগত কি এনে সাংঘাটিক ঘটনাটো ঘটিল যাৰ বাবে আজি তাই বিপ্লৱ, ৰিংকু, অংকুৰহঁতৰ চকুলৈ চাব পৰা নাই, ব’ৰ্ডলৈ যাওঁতে বাৰে বাৰে থমকি ৰ’ব লগা হৈছে ৷ তাইৰ বগা চোলাটোত মাথোঁ ৰঙা দাগ অকণমান আছিল ; কথা সিমানেই ৷
পিছৰ বাৰ মাহেকীয়া হওঁতে তাই স্কুলৰ ওচৰৰ দোকানখনতে ষ্টেফ্ৰী কিনিবলৈ গৈছিল ৷ দোকানীজনে পেকেটটো বাতৰি কাগজেৰে এনেকৈ নুৰিয়াইছিল যেন কিবা অবৈধ বস্তুহে বিক্ৰী কৰিবলৈ ওলাইছে ৷ (ষ্টেফ্ৰীৰ পেকেটটো ইমান ঢাকি-ঢুকি অনাৰ প্ৰয়োজন কি ? ইয়াৰ ব্যৱহাৰতো সকলোৱে জানে ! আৰু নজনা সকলেও জনাহে উচিত ৷) তাই দোকানীজনক বাধা দি কৈছিল, “নালাগে খুৰা, পেকেটটো আকৌ বান্ধিব নালাগে, তেনেকৈয়ে দিয়ক ৷” ষ্টেফ্ৰীটো বেগটোতে সোমোৱাই খৰখোজেৰে তাই স্কুললৈ গৈছিল আৰু প্ৰাৰ্থনা সভাত শাৰীটোৰ একেবাৰে প্ৰথম স্থানত থিয় দিছিলগৈ ৷ সেইদিনা স্কুল ছুটীৰ পিছত নৈপৰীয়া ৰাস্তাটোৰে তাই ঘৰমুৱা হৈছিল, লগত আছিল শেৱালি, অংকুৰ আৰু ৰিংকু ৷ সিহঁতৰ দৰেই একেলগে তাই দৌৰিছিল, জঁপিয়াইছিল। বগা চোলাৰ পিছফালে অসাৱধানতা বশতঃ (?) জিলিকি উঠিব পৰা ৰঙা দাগ এটাৰ চিন্তাই তাইক আৰু কাবু কৰিব পৰা নাছিল। এনেতে বেলিৰ সুমথিৰা পোহৰত সিহঁতৰ মুখবোৰ জিলিকি উঠিছিল ৷
Amazing priam ba…. Nicely composed ?