দেশমাতৃৰ পুত্র

…..ছায়াস্মীতা ডেকা…..দশম শ্রেণী……

হে দেশৰক্ষী জোৱান,

প্ৰণামো তোমাক,

হে দেশৰক্ষী জোৱান,

স্মৰণো তোমাক ।

আজি বিশ্বজোৰা

মহাসংকটৰ সময়ত

কান্দিছে হাজাৰজনে,

কান্দিছে তোমাৰ মাতৃয়ে,

কান্দিছে তোমাৰ পিতৃয়ে ।

হাঁহাকাৰ কৰিছে,

তেওঁলোকৰ বুকুৱে

তোমাক বিচাৰি ।

বুজিছো,

যুঁজি আছা তুমি

অদম্য সাহসেৰে ।

তথাপি কওঁ,

হে দেশৰক্ষী জোৱান,

দুৰ্বল নহ’বা তুমি ।

কাৰণ, তুমি কেৱল

তোমাৰ জন্মদাত্রীৰেই

পুত্র নোহোৱা,

তুমি দেশমাতৃৰ পুত্র ।

হে দেশৰক্ষী জোৱান,

প্ৰণামো তোমাক

হে দেশৰক্ষী জোৱান,

স্মৰণো তোমাক ।

 

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *