অন্য প্ৰেম…… (চতুৰ্দ্দশ খণ্ড)

……পুনম নাথ…..

বন্যা এবছৰত অইন কাৰোবাৰ হৈ নোযোৱাতো?
কিয় সুধিলা? ভ্ৰু কোচ খাইছে তাইৰ। সি যেন নুসুধিবলগীয়াহে সুধিছে।
মই যে একদম সময় দিব নোৱাৰিম। তুমি যদি অইনৰ হৈ যোৱা?
ইমান বছৰ কাৰ হৈ আছিলোঁনো?তুমি মোৰ কাষত থাকা বা নাথাকা মই আছোঁ সদায়।
বাহ্ ছমাহত ইমান ডাঙৰ হ’লা।
নাজানোঁ তোমাৰ সংস্পৰ্শই মোক বুজা কৰিলে। লাহেকৈ তাৰ ফালে চাই ক’লে তাই।
হা হা হা হা হা এক মিনিট ৰ’বা। হঠাৎ বহাৰ পৰা সি উঠি গ’ল । দুয়ো বহি আছে বৰ্ষা হঁতৰ ঘৰৰ চোতালত । বৰ্ষা এতিয়াও আহি পোৱা নাই। আন্ধাৰে হ’ল। হাতত এটা টোপোলা লৈ আহিছে প্লাৱন।
কি এইবোৰ?
এইয়া কিতাপ। কৈছিলো নহয় তোমালৈ লৈ আহিম বুলি। মোৰ ক্ষুদ্ৰ উপহাৰ তোমালৈ।
ওখ ল’ৰাজনৰ কিতাপৰ ওখ টোপোলা এটা। টোপোলাটো খুলি আচৰিত হৈ উঠিল বন্যা।
বাপৰে্ ইমান ডাঙৰ কিতাপ।
ক’ত কিমান
চাৰিটা ভলিউমহে আছে। কাৰ্লমাৰ্ক্সৰ ডাছ কেপিটেল।
ইমান কেনেকৈ পঢ়িম? তুমি পঢ়িছা?
Yes already done.. কাৰ্লমাৰ্ক্সৰ বিষয়ে জানা ন তুমি?
জানোঁ মাত্ৰ জাৰ্মান philosopher. কিন্তু মই বাওঁপন্থী নহয় দেই প্লাৱন।
তুমি হয় ন? সেয়ে মোক এইবোৰ পঢ়িব দিছা।
ধেৎ কোনে কৈছে কাৰ্লমাৰ্ক্সৰ পঢ়িলে তুমি বাওঁপন্থী হ’ব লাগিব। হয়তো তুমি পুঁজিবাদ সমৰ্থক হ’ব পাৰা নাইবা হ’ব পাৰা সোঁপন্থী কিন্তু তুমি das kapital পঢ়িলে, লেনিনৰ The state and revolution পঢ়িলে নাইবা মাও চে তুংৰ On Guerrilla Warfare পঢ়িলে বাওঁপন্থী হৈ নোযোৱা বন্যা।
জ্ঞানৰ বাবে কিতাপ পঢ়া। ইতিহাসে গৰকা বিভিন্ন দেশৰ হেজাৰ বিজাৰ কথা, তুমি মই নেদেখা বহু দেশলৈ কিতাপে লৈ যাব তোমাক। ভোক ভৱিষ্যতৰ ইতিকথাই জীৱনত যুজিবলৈ শিকাই। যোদ্ধা হোৱা জীৱন যুঁজত ।
চকু কেইটা ডাঙৰকৈ মেলি চালে তাই কিতাপবোৰ। বগা বেটুপাতৰ কিতাপবোৰ।
কি লিখা আছেনো ইয়াত?
শোষক আৰু শোষিতৰ শ্ৰেণী সংগ্ৰামৰ কথা। পঢ়িলে গম পাবা।
তুমি কিয় এনেকুৱা প্লাৱন?
মানে কেনেকুৱা?
অইনৰ দৰে নহয়। বহুত বেলেগ।
কিয় তুমি বেয়া পোৱা?
নাপাওঁ। I feel lucky that you are mine. আৰু যদি বেলেগৰ হৈ যাওঁ। হাহিঁ মাৰি দিলে সি। কাষৰ চকীখনত বহি থকা প্লাৱনক সাৱতি কুচিমুচি সোমাই গ’ল তাই তাৰ বুকুত।
আৰে কোনোবাই দেখিব বন্যা।
আগতে কোৱা বেলেগৰ নহওঁ।
হা হা হা হা হা কেতিয়াওঁ নহওঁ। এৰা এতিয়া।
তাৰ হাহিঁত তাইও লৰিছে সৰ্বশৰীৰে।
এইবাৰ নিজৰ চকীত ভৰিদুটা উঠাই বহি ল’লে তাই। প্লাৱনৰ ফালে চাই। কিবা এটা ভাল লাগিছে তাক।
আৰু কেতিয়া আহিবা?
কৈছোঁৱেই চোন এবছৰ পিছত।
মই কেনেকৈ থাকিম? নালাগে দিয়া যাবলৈ।
কাম নকৰিলে খাম কেনেকৈ।
মই ৰাখিম নহয় মৰমত।
বন্যা যদি ধন নাথাকে দুদিনৰ পিছত প্ৰেম খিৰিকীৰে পলাই পত্ৰং দিব। এতিয়া আমাৰ পঢ়াৰ বয়স। তুমিও ভালদৰে পঢ়া তেতিয়াহে দুয়ো ভালদৰে একেলগে থাকিব পাৰিম। আৰু পিছত মই দুৰত থাকিলে মন গলেই গুচি যাব পাৰিবা। বুজিলা সোনজনী। ন’হলে টকা নাথাকিলে কেনেকৈ লগ কৰিম।

“এটা অজুহাত পালে মই গুচি যাব পাৰোঁ
যেনি মন যায়,
তোমাৰ সান্নিধ্যৰ যাদুকৰী ৰাতি মই গুচি যাম
যি কোনো অজুহাত পালে।”

………

বাপৰে ভালকৈ পঢ়িলা মানে হীৰুদাৰ কবিতা ….
হমমম ক’ব খোজা নোখোজা কথাবোৰ ক’বলৈ শিকিছোঁ শব্দৰ মাজেৰে।
হাহিঁ এটা মাৰি চকুকেইটা আকাশৰ ক’লাৰ ফালে লৈ গ’ল। যেন সি অন্ধকাৰৰ মাজতো পোহৰ বিচাৰি ফুৰিছে।
জানা বন্যা পুৰুষ এজনৰ সফলতাৰ আঁৰত সদায় এগৰাকী মহিলা থাকে। মই কথাটো শুনিছো। বিশ্বাস কৰা নে তুমি?
নাজানোঁ কিন্তু এগৰাকী মহিলাৰ সফলতাৰ আঁৰতো এজন পুৰুষ থাকে। সেই কথাটো কোনেও কিয় নহয়।
ৰুছ বিপ্লৱৰ বিষয়ে পঢ়িছানে?
নাই কিন্তু জানোঁ লেনিনৰ নেতৃত্বত হৈছিল।
লেনিনৰ পত্নীৰ নাম জানা?
নাজানোঁ।
ভল্গা নদীৰ বতাহ লৈ ডাঙৰ হোৱা লেনিনক পিছলৈ ছাইবেৰিয়ালৈ যেতিয়া নিৰ্বাসন দিছিল তেতিয়া চিনাকি হৈছিল তেওঁৰ পত্নী “নাদিজ্হাদা ক্ৰুপস্কায়া”ৰ সৈতে আৰু আৰম্ভ হৈছিল বলছেভিক বিপ্লৱৰ অন্য বুৰঞ্জী।
তেওঁৰ পত্নী নাদিজ্হাদা ক্ৰুপস্কায়াৰ বহুত গুৰুত্বপূৰ্ণ ভুমিকা আছিল বলছেভিক ক্ৰান্তিত । কিন্তু তেওঁক মানুহে লেনিনৰ সতীৰ্থ হিচাপে হে মনত ৰাখে । বহুতে নাজানে লেনিনৰ পত্নীৰ কথা।
তুমি যে ক’ৰ পৰা কথাবোৰ ক’লৈ লৈ যোৱা নহয়। মোৰ যে একদম মুৰত নোসোমাই তোমাৰ এইবোৰ কথা ইমান ডাঙৰ ডাঙৰ।
আৰে শুনা না। তাৰ পিছত ফৰাচী বিপ্লৱৰ কথা কম
ষোড়শ লুই আৰু তেওঁৰ ঘৈণীয়েক মাৰিয়াৰ বিষয়ে। কেনেকৈ ফ্ৰান্সৰ জনসাধাৰণে মাৰিছিল গোটেই ৰাজপৰিয়ালক।
নুশুনো মই। যাহ।
হাৰে কি হ’ল আকৌ।
এইবোৰ যে শুনিব মন নাই আৰু মোৰ। হাহিঁ হাহিঁ চালে প্লাৱনে বন্যাৰ ফালে। কোঁচাই লোৱা আঠু দুটাত মুৰতো পেলাই চাই আছে তালৈ। দীঘল পনিটেইল কৰা চুলিকোচা মুৰৰ পৰা ককাললৈ বৈ গৈছে। জলপ্ৰপাতৰ দৰে।
কি চাইছা? মৌনতাৰ অন্তত ওঁঠ দুটি ভেদি ওলাই আহিল দুটি শব্দ।
তোমাক।
ঐ কেতিয়া আহি পালি দুয়োটা?
বৰ্ষাৰ মাতত খকমককৈ টোপনিৰ পৰা সাৰ পোৱা মানুহৰ দৰেই উঠিল দুয়ো।
তই ইমান দেৰি ক’ত আছিলি?
এনেই ঘুৰি আছিলোঁ।
মই হাত ভৰি ধুই আহোঁ ৰ। চাকি জ্বলাব লাগে।
দুয়ো পুনৰ মগন হ’ল নিজৰ মাজত। বুৰ গ’ল
ভালপোৱা ভালপোৱা সময়ত। আধাভঙা টোপনিৰ সতে ভাগি যোৱা সপোনটোক পুনৰ দেখাৰ প্ৰচেষ্টা দুয়োৰে। ভিতৰৰ পৰা ভাঁহি অহা ধুনাৰ গোন্ধই কিবা বেলেগ ধৰনৰ মাদকতা দি গৈছে। প্লাৱন বুৰ গৈছে বন্যাৰ দুচকুত। বিচৰাবোৰ পোৱাৰ অন্য মাদকতা। তাইৰ চকুত প্ৰেম আৰু উদাসীনতাৰ সংমিশ্ৰণ। চাগে তাক প্ৰতিদিনে এনেকৈ নোপোৱাৰ দুখ. কিন্তু কি কৰিব উপায়হীন সি। কাৰ মন নাযায় প্ৰেয়সীক লগত ৰাখিব। একেলগে ৰাতিপুৱা দেখিব। কিন্তু প্ৰথম প্ৰেয়সী যেন এতিয়া তাৰ দেশখনহে হ’বলৈ গৈ আছে।

প্লাৱন…
তাৰ ভাৱৰ বুৰবুৰণিত যতি পেলাই দিলে তাই।
কোৱা বন্যা..
দুলাইন মান বাক্য শুনাওঁ নে? মই নিজে লিখা..
শুনোৱা আকৌ..

“হেৰুৱা আখৰবোৰ
তোমাৰ উশাহত পাওঁ
হেৰুৱা কবিতাৰ ঠিকনা
তোমাৰ উমত পাওঁ…

জোনাকৰ জোনাকীৰ
জোনাক ভৰা নিশাত
মোৰ হাহিঁ যদি তোমাৰ সুৰ হয়…
তোমাৰ এটি এটি স্পৰ্শ
মোৰ কবিতা হ’ব।”

প্লাৱন বিলীন হৈ গ’ল বন্যাৰ শব্দবোৰত।
এৰা বহুত ডাঙৰ হৈ গ’ল যেন বন্যা জনী যোৱা ছমাহত…
হীৰুদাৰ সান্নিধ্য হেজাৰ বিজাৰ লেখকৰ সান্নিধ্যই যেন তাইৰ সুপ্ত হৈ থকা প্ৰতিভাক জাগ্ৰত কৰিলে।
শব্দৰে খেলিব পৰা হ’ল তাইৰ বন্যা জনী।

” মুক্ত কৰি প্ৰতিভাৰ পথ,
নিৰ্জনতা নিৰ্ভৰ ছায়াৰ
সুখ্যাতিত এই যে তোমাৰ এই উপস্থিতি..
অসম্ভৱ অনুবাদ তাৰ…
জালিকটা জোনাকৰ মাজেৰে
মই গুচি যাম,
হাতত সাৰে ভৰিত সাৰে।”

বন্যাই অলপ আগত কোৱা হীৰুদাৰ কবিতাৰ আধাখিনি আওঁৰাই সমাপ্ত কৰিলে প্লাৱনে নিজেই….
যেন তাইৰ দৰেই চেষ্টা কৰিছে সি ক’ব লগীয়া কথাবোৰ শিকিছে।

আৰু মৌন হৈ তাৰ ফালে চকুৰ পলক নেপেলোৱাকৈ চাই আছে বন্যাই আঠুদুটাত মুৰতো আউজি….

__________

হাই বন্যা… ভালে আছানে?
পিছফালৰ পৰা বাস্তৱৰ মাতত চক্ খাই উঠিল বন্যা।
বহুদিনৰ মুৰত বাস্তৱৰ সৈতে দেখা দেখি হ’ল। প্ৰায় দুমাহৰ আগত বিৰিণাৰ স’তে লগ পোৱাই। সমান্তৰাল ভাৱে দেৱৰাজৰো খবৰ নাজানে তাই। না সি ফোন কৰিছে।
পঢ়াৰ জোৰ বাঢ়িছে সেয়ে যেন ক’তো মনেই দিব পৰা নাই তাই।
পিঠিত বেগ এটা লৈ আহি টেবুল খনত বহিল সি।
দুয়ো বহি আছে মেঘালীত।
খালী চকীবোৰ। ভিৰ কম হয় দুপৰীয়া সময়খিনিত।
দুই এজন বহি আছে।
কি খাবা কোৱা বন্যা?
নাই দিয়া মই মাত্ৰ কফি খালোঁ। তুমি খোৱা কিবা।
মিঠাই খোৱা।
ৰবীন দা মিঠাই দুটা দিয়ক। তাই কোৱাৰ আগতেই সি অৰ্ডাৰ দিলেই খোৱাৰ বাবে।
দেৱৰাজৰ খবৰটো গম পাইছা?
বুকুখন চিৰিংকৈ মাৰিলে তাইৰ। দুমাহ হ’ল তাই আঁতৰি থকা দেৱৰাজ নামটোৰ পৰা। সলাই দিছিল ফোন নম্বৰ এক কথাত পলাইছিল তাই তাৰ পৰা। হোষ্টেল গেটত দেৱৰ উপস্থিতি অসহনীয় বাবেই এমাহৰ বাবে ঘৰলৈ গুচি গৈছিল তাই। সকলোৰে পৰা আতঁৰত।……..

নাই চোন কি হ’ল তাৰ । স্বাভাৱিক ভাৱেই সুধিলে তাই।
সি দিল্লীত আছিল মাকৰ লগত হস্পিটেলত । এমাহ আগতেই মাক ঢুকাল তাৰ।
হতভম্ব হৈ পৰিল বন্যা। বহুত ভাল পাইছিল সি মাকক।
প্ৰায়ে কৈছিল সি মাকৰ কথা। মাক অবিহনে চাগে আধৰুৱা হৈ পৰিছে দেৱ।
ক’ত আছে সি।
সি ৰুম লৈছে AEC ৰ ফালে । মাজে মাজে হোষ্টেললৈ আহে। মইও যাওঁ তালৈ।তাৰ লগতে থাকো। তোমাক বহুত ফোন কৰিছিলোঁ বন্যা । কিন্তু Switch off আছিল । নম্বৰ সলনি কৰিলা চাগে। বিৰিণাও দিয়া নাই তোমাৰ নম্বৰ।
মই ঘৰত গৈছিলোঁ। নিজক সময় দিছিলো। I am really sorry. মই একদম গম পোৱা নাছিলোঁ।
বন্যা স্বাৰ্থপৰ হৈ বন্ধুতৰ বাবেই কৈছোঁ। দেৱক তোমাৰ খুবেই প্ৰয়োজন। সি বৰ বেছিকৈ মদ খোৱা হৈছে।জানাই চোন কাৰো কথা নুশুনে। তুমি ক’লে চাগে মানিব বন্যা।
কিন্তু মই কি কৰিম বাস্তৱ?
তাক সময় দিয়া দুদিনমান। মাকেই তাৰ বন্ধুৰ দৰে আছিল। বৰ অকলশৰীয়া হৈ পৰিছে সি। দেউতাক খুব ব্যস্ত মানুহ তাক সময় দিব নোৱাৰে। ক্লাছত খুব কম আহে। বহু জোৰ কৰি মই থাকো তাৰ লগত।এনেকৈ হ’লে সি ধংস হৈ যাব বন্যা।
ক’ৰবাত বহুত দুখ লাগি গ’ল বন্যাৰ।
এতিয়া ক’ত আছে সি?
এতিয়া তাৰ নিজৰ ৰুমতে আছে। তুমি যাবা নেকি?
মই মানে… এই মুহূৰ্তত দেৱৰ ওচৰত বহি কথা পাতিব তাইৰ মন নোযোৱা নহয়। কিন্তু…….
ব’লা না বন্যা….
মোৰ ভয় লাগে বাস্তৱ দেৱলৈ।
হা হা হা হা হা তুমি তাক বুজাত ভুল কৰিছা বন্যা। তাৰ দৰে মৰম আকলুৱা ল’ৰা বহুত কম।তুমি যিমান ভয় কৰা তাতকৈ বেছি ভয় সি তোমাক কৰে। তোমাক হেৰুৱাৰ ভয়।
বন্যাই ভাবি পোৱা নাই এই মুহূৰ্তত তাৰ ৰুমলৈ যোৱাতো উচিত হ’ব জানোঁ? আঁতৰিব খুজিলেও কিয় আঁতৰিব নিদিয়ে তাইক। ভগৱানে বাৰু কি লীলা দেখুৱাব লৈছে।
ব’লা না ইমান নাভাবিবা। সুস্থ শৰীৰে হোষ্টেল পাবাহি তুমি।মই কথা দিলোঁ তোমাক । পাৰিলে বিৰিণাক কৈ দিয়া মোৰ লগত যোৱা বুলি।
ঠিক আছে ব’লা…..
_________

ইঞ্জিনিয়াৰিং কলেজৰ হোষ্টেলবোৰ পাৰ হৈ গৈ বাইকখনত বহি গৈ আছে দুয়ো। তাই কিয় আহিছে বাৰু দেৱৰাজৰ ওচৰলৈ। যাৰ পৰা ইমানদিন পলাই আছিল। এই মুহূৰ্তত দেৱৰাজক প্ৰয়োজন বন্যাৰ। আৰু বন্যাৰ…. নহয়….. তথাপি শোকে খুন্দা মাৰি ধৰিছে তাইৰ। হাহিঁ থকা ল’ৰা জনৰ অৱস্থাতো শুনি।
বাস্তৱ আৰু কিমান দুৰ ? ৮ নম্বৰ গাৰ্লছ হোষ্টেলৰ বাছ আস্থানতো পাই সুধিলে তাই।
অলপ আগত ইঞ্জিনিয়াৰিং মাৰ্কেটৰ ওচৰতেই।
এটা ডাঙৰ অট্টালিকাৰ সমুখত ৰখাই দিলে সি বাইকখন।
গেট খন খুলি সোমাই গ’ল দুয়ো।
তৃতীয় মহলাত থাকে দেৱৰাজ, কলিং বেলটো বজাই ৰৈ আছে সিহঁত।
এবাৰ দুবাৰ তিনিবাৰ মান বজোৱাৰ পিছত খোল খালে দৰ্জাখন…..
হাতত এটা পেগ লৈ ওলাই আহিল দেৱ…..
চকুকেইটা ডাঙৰ কৰি চাই ৰ’ল বন্যাৰ ফালে।

……পৰৱৰ্তী পঞ্চদশ খণ্ডত…..

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *