মই গুৱাহাটী ফুটপথৰ পৰা কৈছো, “বিচিত্ৰ কুমাৰ বৰুৱা”ই (5th)

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা)

বিচিত্ৰঃ- এইযে আমাক দেখিছা ফুটপথৰ মাজত কেনেদৰে লেপেট খাই পৰি আছোঁ। আমাৰ অন্নৰ বিচাৰ নাই , বস্ত্ৰৰ বিচাৰ নাই। বস্ত্ৰৰ ভিতৰত যি এডোখৰ পিন্ধিছোঁ, তুমি দেখিছাই সেয়াওঁ তোমালোকৰ পেলনীয়া, তোমালোকৰ ব্যৱহাৰৰ অনুপযুক্ত ।
তুমি মোৰ সোঁ ফালে চোৱাচোন- সৌ জন কি দৈত্যকায় অদ্ভূত মানুহ ! তাৰ দৈত্যকায় শৰীতটো কেনেকৈ পৃথিৱীৰ দুৱাৰ মুখত পেলাই থৈছে। তোমালোকে যদি ভাবিছা যে- তোমালোকৰ এৰা বস্ত খাই খায়ে তাৰ শৰীৰটো ইমান দৈত্যকায় হৈছে , তেনে হ’লে সেইটো ভুল ভাবিছা । আছলতে তাৰ শৰীৰত বিভিন্ন বিজানুয়ে প্ৰবেশ কৰিছে। মই যেতিয়া এইখন ফুটপথলৈ প্ৰথমে আহো , তেতিয়া তাৰ গাৰ ৰং আছিল ‘মাগুৰ’ বৰনীয়া, এতিয়া তাৰ গাৰ ৰং হৈছেগৈ ‘জুই’ নুমুৱাই থোৱা এঙাৰ ডোখৰৰ দৰে। কিন্তু পূৰ্বতে তাৰ গাৰ ৰং কি আছিল তুমি জানানে? আছেনে সেই খৱৰ তোমালোকৰ হাতত? তোমালোকে আকৌ বাটে – ঘাটে চিঞৰি ফুৰা =আজিৰ যুগ হেনো তথ্যৰ যুগ! কেনেকৈ নাঙঠ হৈ পৰি আছে পৃথিৱীৰ দুৱাৰ মুখত। পৃথিৱীত ক’ত হাজাৰ বিজাৰ বস্ত্ৰ উদ্যোগ আছে , ক’ত মানুহে শ শ যোৰ কাপোৰ পিন্ধিছে, ক’তই ভৱিশ্যতলৈ চন্ডূকত ভৰাই ৰাখিছে! কিন্তু তাৰ ভাগ্যত এডোখৰ ফটা কাপোৰৰ অভাৱ? এয়ে আমাৰ ফুটফথৰ জীৱন ! জীৱকুলৰ উচ্চতাৰ শীৰ্ষত থকা মানৱ জীৱন। মানৱৰ ভিতৰতে শ্ৰেণী বিভাজন মানৱ ।

১০

মোৰ কথাষাৰৰ অন্ত পৰাৰ লগে লগে সাংবদিক বন্ধু , শইকীয়াই এক বিৰক্তিদায়ক ভাবেৰে মোক কলে= “বন্ধু বিচিত্ৰ, তুমি প্ৰতিটো কথাতে ইমান আৱেগ কিয়? তোমাৰ কথাৰ পৰা বুজিৱ পাৰি যে – এই মানৱ জীৱনটোৰ প্ৰতিয়ে তোমাৰ বৃতিষ্ণা আহিছে, ইয়াৰ কাৰণ কি? তোমাৰ ব্যক্তিগত জীৱনৰ ওপৰত নিৰ্ভৰ কৰে? নে সমাজখনক নিকা কৰাৰ অংগীকাৰ? নে অন্য কিবা অভিপ্ৰায়?”
বিচিত্ৰঃ হাঃ হাঃ হাঃ শইকীয়া , তুমি মোক হাঁহিবলৈ বাধ্য কৰালা।
তোমালোকৰ দৰে লোকে যেতিয়া সমাজখনক নিকা কৰিব পৰা নাই, দায়মুক্ত কৰিৱ বিচৰা নাই, মোৰদৰে এজন অষ্টম দাৰিদ্ৰই সমাজখনক কেনেকৈ দায়মুক্ত কৰিব পাৰিম? ই নিশ্চয় ব্যক্তগত জীৱনৰ তিক্ততাই স্থান পাৱ, বা এনেদৰেও কব পাৰো==
আঁতৰত আছিল সৌজাক
অপাৰ পথিক,
নোৱাৰি বুলিব সিহঁতক
বচন
ই– সিহঁতৰ জাকবোৰেই
নিঠৰুৱা,
কিন্তু সিহঁতে যায় আকৌ
সাগৰ মঠিৱ,
প্ৰজাৰ দেশত সিহঁত
ৰজা,
ৰজাৰ দেশত সিহঁত
, নিমাত
দিবৰুৰ গুটিৰ মালা সিহঁতৰ
গলত,
আইনৰ মেৰপাকত সিহঁত
এলাগি
কিন্তু সিহঁতৰ জীৱনে কৰিৱ
খোজে জীৱন ৰচনা।
কামৰ বাবে পাই সিহঁতে তবোধ
মূল্য,
পোহৰক কৰে সিহঁতে
আন্ধাৰ।।
কিন্তু মই এই কথাওঁ মনৰ পৰা উলিয়াই দিব নোৱাৰিম যে- আমাৰ জীৱনৰ লগত যে সমাজখন জড়িত নহয়। সেই কথা মই স্বীকাৰ কৰি লৱই লাগিৱ , কাৰণ= মানৱ সমাজে ন্যায় বিচাৰে, ন্যায় অন্যায়ৰ কথা কয়, কিন্তু নিজে কি অন্যায় কৰিলে, সেই কথা নিজে কেতিয়াও ফিৰি নাচাই। জ্ঞান থাকিলেও প্ৰয়োগ নকৰে নিজৰ লোকচান হোৱাৰ ভয়ঁত। সদায় নিজৰ কথাহে সঁচা আৰু শুদ্ধ দেখে।
বন্ধু তুমি এইটো ভুল নকৰিবা যে আমাৰ জন্ম এই ফুটপথতে হৈছিল? এই ফুটপথৰ গৰাকীসকলক আমাৰ সমাজৰেই কোনোবাই ঠেলি আনি থৈছে। আমাৰ সমাজৰ কিছু অহংকাৰী লোকে , তেওঁলোকৰ প্ৰতিবেশী……

������������������

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *