মই গুৱাহাটী ফুটপথৰ পৰা কৈছো, “বিচিত্ৰ কুমাৰ বৰুৱা”ই (3rd)

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা)

বন্ধু শৰ্মা, তোমাৰ প্ৰথম প্ৰশ্নৰ উত্তৰত কও যে- এই যে তুমি মোক সুধিচা , এই বিশাল চহৰ খনত বাস কৰিও সামান্য ফুটপথত থাকি মোৰ অনুভৱ কি, মোৰ বোধেৰে চহৰখন সামান্য হব পাৰে, কিন্তু তুমি কোৱাৰ দৰে এই ফুটপথ? ই কেতিয়াও সামান্য হ’ব নোৱাৰে। কাৰন= গোটেই চহৰখনক নিৰাপত্তা দিয়ে এই ফুটপথবোৰে।
তুমি মন কৰিচানে শৰ্মা? তোমালোকৰ ঘৰৰ যিবোৰ লেটেৰা বস্তু আছে সেইবোৰ এই ফুটপথলৈ দলিয়াই দি তোমালোকে নিজে পৰিস্কাৰ হৈ থকা বুলি ভৱা, আৰু সেই জাৱৰবোৰতে কোনোবা উগ্ৰপন্থীয়ে বোমা- বাৰুদ আদি লুকুৱাই থোৱা ঠাই হিচাপে ব্যৱহাৰ কৰে, তেতিয়া জানো আমাৰ দেহ চিন্ন ভিন্ন কৰি তোমালোকক ৰক্ষা নকৰে ? য’ত ফুটপথৰ লোকে তোমালোকৰ জীৱন ৰক্ষা কৰিৱ পাৰে , তেনে ফুটপথ চহৰখনতকৈ সামান্য হ’ব কেনেকৈ পাৰে? তুমি জানানে শৰ্মা ? এইফুটপথৰ ব্যস্ততাৰ সামান্যও আজৰি নাই।তোমালোকে যেতিয়া নিজৰ নিজৰ গৃহবোৰত প্ৰৱেশ কৰা, তেতিয়া আমি সেই গৃহবোৰ চাই চাই গৃহৰ গৰাকীৰ শান্তি কামনা কৰো, আৰু তোমালোকে খাই এৰা , অৰ্থাৎ তোমালোকৰ অখাদ্যত পৰিনত খাদ্যৰ বাবে আমাৰ চকু ভূমিৰ পৰা ভূমা মুখি হৈ পৰে। চহৰৰ ওখ ওখ অট্ৰালিকাৰ খিৰিকিৰে পেলাই দিয়া খাদ্যই আমাৰ জীৱনৰ লক্ষ্য হৈ পৰে।
তুমি কোৱাৰ দৰে এইবোৰ কথাত যে আমাৰ অনুভৱ নাই, অনুতাপ নাই, এইকথা তোমালোকে ভুলতেও নাভাবিবা।
কাৰন =কেতিয়াবা কেতিয়াবা ফুটপথৰ গৰাকীও প্ৰচুৰ ভাৱে প্ৰতিভা সম্পন্ন ব্যক্তিওঁ থাকিব পাৰে।

মোৰ কথাষাৰ শেষ হও-নহওতে সাংবাদিক বন্ধু শইকীয়াই অতি উৎকন্ঠাৰে মোক প্ৰশ্ন কৰিলে। মোৰ এনে ভাৱ হৈছিল যে তেওঁলোক দুয়োজনে মোৰ কথাবোৰ অতি মনোযোগেৰে শুনি আছিল, শইকীয়াই মোৰ মুখলৈ তেওঁৰ প্ৰশ্নবোধক চাৱনি নিক্ষেপ কৰি সুধিলে।
শইকিয়াঃ মানে বন্ধু? তুমি কাৰ কথা কৱ বিচাৰিছা? কোন আছে এনে এগৰাকী লোক ? য’ত ফুটপথৰ গৰাকী হৈও প্ৰচুৰ ভাৱে প্ৰতিভা সম্পন্ন ব্যক্তি হ’বও পাৰে? তেওঁৰ নাম কি? তেওঁৰ নাম প্ৰকাশ্য নে অপ্ৰকাশ্য মই জানিৱ পাৰোনে? তেওঁক এবাৰ লগ কৰাই দিবনে? তেওঁৰ কথা বাতৰিত বহুল ভাৱে প্ৰকাশ কৰিম। তেওঁ ইয়াত আছেনে? নে তেওঁ অৰ্দ্ধনুলুপ্ত?”

বিচিত্ৰঃ অৰ্দ্ধনুলুপ্ত নহয় শইকীয়া, তেওঁ প্ৰকাশ্যে আছে। কিন্তু তেওক লুপ্ত কৰি ৰখাৰ প্ৰয়াস কৰা হৈছে। সত্যক ঢাকি ৰাখিৱ অপচেষ্টা কৰা হৈছে। আধুনিক উচ্চ শিক্ষীত এজন লোকে কেৱল নিজৰ জখ তললৈ যোৱাৰ ভয়ঁতে এনে প্ৰতিভাক ৰাজহুৱা স্থানত বহিস্কাৰ কৰাৰ কথা উল্লেখ কৰিছে। নিজৰ ক্ষমতাৰ অপপ্ৰয়োগ কৰিছে। সূৰ্যক এখন ঢাকনিৰে ঢাকি ৰাখিব চেষ্টা কৰিছে কেইজন মান আধুনিক শিক্ষীত {?} লোকে। বাহ্যিক দিশত তেওঁলোক গুৰু বন্দনাৰে মুখৰিত হৈ থাকে। কিন্তু ভক্তিৰ হৃদয়খন তেওঁলোকৰ তিলমাত্ৰাওঁ নাই। পৰনিন্দ্ৰাই তেওঁলোকৰ হবি। অন্য ধৰ্মক অপমান কৰাটোই তেওঁলোকৰ ধৰ্ম প্ৰচাৰ বুলি ভাবে। আৰু সেইটোয়ে লক্ষ্য কৰি ধৰ্ম প্ৰচাৰ কৰে।

……কাইলৈ……

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *