দিহিং-পাটকাই বৰ্ষাৰণ্যত অবৈধ খনন কাৰ্য বন্ধ কৰক………

?প্ৰণামী দত্ত….
…..শিৱসাগৰ কলেজ,জয়সাগৰ…..

দিহিং পাটকাই আমাৰ গৌৰৱ, ইয়াক ধ্বংস কৰিবলৈ দিয়া নহব। দিহিং পাটকাই সংৰক্ষিত বৰ্ষাৰণ্য যি ধংশকার্য চলিছে তাক আমি কোনোকাৰণতেই সহ্য কৰিব নোৱাৰো।
দিহিং-পাটকাই বনাঞ্চল অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত অসমৰ একমাত্ৰ বৰ্ষাৰণ্য। 2004 খনৰ 13 জানুৱাৰী তাৰিখে দিহিং পাটকাই অভয়াৰণ্যক চৰকাৰে সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি দিয়ে।
এই বৰ্ষাৰণ্যখনত বিভিন্নধৰণৰ চিৰসেউজ গছ-গছনি, অৰ্কিড, বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু, চৰাই-চিৰিকটি আদি পোৱা যায়।
বৰ্তমান দেশৰ পৰিস্থিতি বৰ ভয়ংকৰ। চাৰিওফালে কৰণা মহামাৰীৰ আতংক আৰু মৃত্যুৰ বিভীষিকা। তাৰমাজতে চৰকাৰে দিহিং-পাটকাই বনাঞ্চলত কয়লা খননৰ অনুমতি দিছে যাৰ বাবে অনাগত দিনত পৰিবেশৰ ভাৰসাম্যতাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব। আৰু মই এই দেশৰ এগৰাকী সুনাগৰিক হিচাপে চৰকাৰৰ উক্ত সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰো।

চিৰচেনেহী মোৰ ভাষাজননী, সুজলা-শ্যামলা তথা কলাসোণৰ এই অসমভূমি আজি কিয় সংকটত ভুগিবলগীয়া হৈছে?

দিহিং-পাটকাই অভয়াৰণ্যত বছৰৰ বাৰমাহৰ ভিতৰত প্ৰায় নমাহেই বৰষুণ হয়, সেয়ে ইয়াক বৰ্ষাৰণ্য হিচাপে স্বীকৃতি দিয়া হৈছে। অসমৰ এই অভয়াৰণ্যত 42বিধ স্তন্যপায়ী প্ৰাণী, 40বিধ সৰীসৃপ আৰু প্ৰায় 140বিধৰ পখিলাৰ প্ৰজাতি পোৱা যায়। দিহিং-পাটকাই বৰ্ষাৰণ্য মূলত হাতী সংৰক্ষণৰ বাবেও বিখ্যাত।

এনে এখন সুন্দৰ আৰু বিখ্যাত বৰ্ষাৰণ্যত কয়লা খননৰ অনুমতি প্ৰদানে তাত বসবাস কৰা জীৱকুল, গছ-গছনিবোৰৰ লগতে সমগ্ৰ অসমৰে জৈৱ-বৈচিত্ৰততে প্ৰভূত ক্ষতিসাধন নকৰিবনে?

প্ৰকৃতিৰ ওপৰত অত্যাচাৰ চলাই কোনোৱেই সাৰি যোৱা নাই। প্ৰকৃতিয়ে সময়ে-সময়ে অত্যাচাৰৰ প্ৰত্যুত্তৰ দি আছে। বৰ্তমান সময়ত সমগ্ৰ মানৱ-জাতিয়ে লকডাউনত আবদ্ধ হৈ আছে। যদি মানুহে প্ৰকৃতিৰ ধ্বংসত হাত উজান নিদি প্ৰকৃতিৰ সংৰক্ষণ কৰিলেহেঁতেন তেতিয়াহলে মানৱজাতি আজি এনেদৰে নিজৰ ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলগীয়া নহলহেঁতেন।
যদি দিহিং-পাটকাই বনাঞ্চল ধ্বংস কৰি প্ৰকৃতিৰ ওপৰত পুনৰবাৰ অত্যাচাৰ কৰা হয় তেন্তে ভৱিষ্যতে সমগ্ৰ জীৱকুলৰ বাবে ই আৰু বেছি বিপদ কঢ়িয়াই আনিব। সেয়ে সময় থাকোতেই আপুনি, মই দিহিং-পাটকাইক সংৰক্ষণৰ তীব্ৰ দাবী নকৰো তেন্তে ভৱিষ্যতে আমাৰ সকলোৰে বাবে বিপদ আহিব। কাৰণ অক্সিজেন থাকিলেহে জীৱকুল জীয়াই থাকিব আৰু অক্সিজেন থাকিবলৈ হলে আমাক গছ-গছনিৰ অতি আৱশ্যক। গছে আমাক অক্সিজেন দিয়াৰ উপৰিও আমাৰ পৰিবেশো ঠাণ্ডা আৰু নিৰ্মল কৰি ৰাখে।

সময় থাকোতেই যদি আমি এই সংকটৰ পৰা পৰিত্ৰাণৰ ব্যৱস্থা কৰিব নোৱাৰো তেন্তে পৃথিৱীখন আমাৰবাবে বাসোপযোগী হৈ নাথাকিব।

সেয়েহে আমি এতিয়া সজাগ হবৰ হল। দিহিং-পাটকাই বৰ্ষাৰণ্যৰ সংৰক্ষণৰবাবে অসমৰ সকলো মানুহেই জাতি বা বৰ্ণ নিৰ্বিচাৰে একগোট হবৰ হল। এখন সুন্দৰ আৰু নিৰ্মল সেউজীয়া পৃথিৱী পাবৰ বাবে আমি সকলোৱে কান্ধত কান্ধ মিলাই একেলগে গছ-গছনি তথা বনাঞ্চল সমূহৰ সংৰক্ষণৰ বাবে যুজঁ দিবৰ হল।
অসমৰ বনাঞ্চল সমূহৰ উপযুক্ত সংৰক্ষণ অবিহনে অসমখন সেউজীয়া হিচাপে অসমৰ বাহিৰত যি সুনাম আছে সেয়া চিৰদিনলৈ নাইকিয়া হৈ যাব তাৰলগতে অসমৰ প্ৰাকৃতিক ভাৰসাম্যতা বিনষ্ট হৈ ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ আমাৰ সকলোৰে ওপৰত পৰিব।
বৰ্তমান দিহিং-পাটকাই বৰ্ষাৰণ্যত চৰকাৰে দিয়া কয়লাখননৰ অনুমতিৰ বিৰুদ্ধে অসমৰ বন্যপ্ৰাণী সংৰক্ষণৰ পক্ষে কাম কৰা সংগঠনসমূহৰ লগতে ছাত্ৰসমাজো ওলাই আহিছে। অসমৰ জনসাধাৰণৰ সহযোগ অবিহনে এই আন্দোলন সফলতা নাপাব, সেয়েহে আহক আমি সকলোৱে বাতৰি-কাকত, আলোচনী বা অন্যান্য যোগাযোগৰ মাধ্যম যেনে-ফেচবুক, ই-মেইল, টুইটাৰ আদিৰ মাধ্যমৰ উপযুক্ত ব্যৱহাৰৰ জড়িয়তে অসমৰ লগতে সমগ্ৰ ভাৰতৰ মানুহৰ মাজতে অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখনৰ অস্তিত্বৰ প্ৰতি আহি পৰা ভাবুকিৰ বিষয়ে প্ৰচাৰ কৰো আৰু প্ৰবল জনমত গঢ়ি তোলো। ইয়াৰ ফলত চৰকাৰে কয়লা খননৰ সন্দৰ্ভত নিশ্চয়কৈ নতুন সিদ্ধান্ত লবলৈ বাধ্য হব।

“ৰাইজে নখ জোকাৰিলে নৈ বয়”-
আহক আমি সকলো একত্ৰিত হৈ দিহিং-পাটকাই বৰ্ষাৰণ্যক ৰক্ষা কৰো।
Save Dihing-Patkai Rain forest.
Save Amazon Of the East.

?প্ৰণামী দত্ত।
শিৱসাগৰ কলেজ,জয়সাগৰ।

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *