দিহিং পাটকাই

…..প্ৰাণজিৎ কলিতা…..
…..গুৱাহাটী বিশ্ববিদ্যালয়…..

বৰ্তমান সময়ত সংবাদ মাধ্যমত বহুল ভাৱে প্ৰচাৰিত এটি বিষয় দিহিং পাটকাইৰ মুক্ত কয়লা খননৰ অনুমতি ।  পূৱৰ আমাজন স্বৰূপে খ্যাত দিহিং পাটকাই ভাৰতৰ ভিতৰতে এখন সৰ্ববৃহৎ বৰ্ষাৰণ্য । ডিব্ৰুগড় , শিৱসাগৰ , তিনিচুকীয়া , অৰুণাচল প্ৰদেশকে ধৰি ৫৭৫ বৰ্গ কিঃ মিটাৰেৰে আবৃত বৰ্ষাৰণ্যখনলৈ নামি আহিছে এতিয়া চৰম ভাবুকি । যোৱা ৭ এপ্ৰিল তাৰিখে নেচনেল বৰ্ড ফ’ৰ বাইল্ড লাইফে ৰাজ্যৰ বনাঞ্চলখনত মুক্ত কয়লা খননৰ বাবে অনুমতি প্ৰদান কৰে ।যাৰ ফলস্বৰূপে ৰাজ্যখনৰ বিভিন্ন দল সংগঠন আৰু ছাত্র সমাজ সৰৱ হৈ উঠিছে । কিন্তু প্ৰশ্ন হয় বিষয়টো ৰাজ্য চৰকাৰে কিমান গুৰুত্বসহকাৰে লৈছে ? বৰ্তমান সময়ত কৰোণা ভাইৰাছে সমগ্ৰ বিশ্বত ভয়াবহতাৰ সৃষ্টি কৰিছে , পৰ্যায়ক্ৰমে সকলো দেশ লক’ডাউনৰ কবলত । দ্ৰুতগতিত বৃদ্ধি পাইছে অসমতো কৰোণা ৰোগত আক্ৰান্ত লোকৰ সংখ্যা , প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ জীৱন ৰক্ষাৰ স্বাৰ্থত যুঁজ দিছে কৰোণা বিৰুদ্ধে । এনে কঠিন সময়ছোৱাত বনাঞ্চলখনৰ ৯৮.৫৯ হেক্টৰ ভূমিত মুক্ত কয়লা খননৰ সুবিধা লৈছে নেকি ৰাজ্য চৰকাৰখনে ??
আমি সেইখন অসমত বাস কৰো যিখন অসমৰ চাহপাত আৰু খাৰুৱা তেল কেন্দ্ৰীয় চৰকাৰ অধীনত , কিন্তু অসমৰ সমস্যা কেন্দ্ৰীয় সমস্যা নহয় । যাৰ বাবে অসমৰ বানপানীৰ সমস্যা এতিয়াও ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি নাপালে । আমি সেইখন অসমত বাস কৰো য’ত অৰণ্য মানৱ যাদৱ পায়েঙে এজোপাকৈ গছপুলি ৰোপণ কৰি এখন অৰণ্যৰ সৃষ্টি কৰে , যিজন ব্যক্তিক সমগ্ৰ বিশ্বই ৰাষ্ট্ৰীয় পুৰস্কাৰে পুৰস্কৃত কৰে , সেই খন অসমৰে বনাঞ্চল ধ্বংস কৰি মুক্ত কয়লা খননৰ অনুমতি প্ৰদান কৰে স্বয়ং দেশৰ প্ৰধানমন্ত্রীৰ নেতৃত্বত থকা নেচনেল বৰ্ড ফ’ৰ বাইল্ড লাইফে ।
যিজন প্ৰধানমন্ত্রীয়ে নিজকে নিৰামিষ ভোজী বুলি চিনাকী দি প্ৰকৃতিৰ প্ৰতি থকা দায়বদ্ধতা প্ৰকাশ কৰি প্ৰদূষণ মুক্ত শ্লোগান দিছিলে , সেই জন জননেতাই মুক্ত কয়লা খননৰ ধৰ্ম যোগ্য পাতি জৈৱ বৈচিত্ৰ্যতাৰে শোভাবৰ্ধন কৰি জিলিকি থকা চিৰসেউজীয়া দিহিং পাটকাইক মৰুভূমিলৈ পৰিণত কৰিব বিচাৰিছে । যাৰ ফলত জীৱকূলৰ লগতে মানৱকূললৈ নামি আহিছে চৰম ভাবুকি । এই মুক্ত কয়লা খননৰ ফলত আমাৰ মাজৰ পৰা নোহোৱা হৈ যাব
২৯৩ টা প্ৰজাতিৰ চৰাই
৪৭ টা প্ৰজাতিৰ সৰিসৃপ
৩০ টা প্ৰজাতিৰ পখিলা
৫৭ টা প্ৰজাতিৰ উভচৰ প্ৰাণী
৪৭ টা প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী ।
নোহোৱা হৈ যাব হলৌ বান্দৰ আৰু বনমানুহৰ বাসস্হান ।
নোহোৱা হৈ যাব ১০১ বিধ অৰ্কিড । ইয়াতকৈ ডাঙৰ কথা বনাঞ্চল খনতে আছে আটাইতকৈ দুষ্প্ৰাপ্য সম্পদ দেওহাঁহ (যিটো এতিয়া ক’ত দেখা পোৱা নাযায় )। দুটাকৈ আছে বন্য হস্তীৰ প্ৰকল্প । সমান্তৰালভাৱে বনাঞ্চলখনতে লাগি আছে দেওমালি হস্তী ৰিৰ্জাভ । এতিয়া এই হস্তী ৰিৰ্জাভলৈ নামি আহিছে এক অন্ধকাৰ । মুক্ত কয়লা খননৰ ফলত ধ্বংস হৈ যাব এলিফেন্ট কৰিড’ৰ । ক’লৈ যাব হাতীবোৰ ?? পুনৰ সৃষ্টি হব নেকি বন্য হস্তী আৰু মানুহৰ মাজত সংঘাত ?? ইয়াৰ উপৰি এই বনাঞ্চল খনতে থাকে কেইবাটাও জনগোষ্ঠীয় লোক , এই মুক্ত কয়লা খননৰ ফলত সিহঁতৰ জীৱনকলৈ হেতালি খেলা নহ’ব নে ?
যোৱা কেইমাহমান আগত যেতিয়া ব্ৰাজিলৰ বৃহৎ আমাজন ধ্বংসস্তুপলৈ ৰূপান্তৰিত হৈছিল , বিশ্বৰ প্ৰত্যেকখন দেশেই জীৱকূলৰ যন্ত্রনা দেখি চকুলো টুকি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল । সেয়া কোনোৱা ৰাজনৈতিক স্বাৰ্থৰ পৰিণতি বুলি আমি শুনিবলৈ পাইছিলো , কিন্তু এতিয়া আমি সেই একেটা ভুলকে দিহিং পাটকাইৰ ক্ষেত্রত কৰিব গৈ আছো । এই জীৱ জন্তু বোৰক হত্যা কৰাৰ অধিকাৰ আমাৰ আছে জানো ?
আমি উন্নয়ণ বিচাৰো , দেশৰ অৰ্থনৈতিক আয় বৃদ্ধিও বিচাৰো ; কিন্তু সেই উন্নয়ণ প্ৰাকৃতিক সম্পদ বা জীৱ-জন্তুক ধ্বংস কৰি নহয় । আমাক জীয়াই থাকিবলৈ অক্সিজেন লাগে , কয়লা নহয় । বৰ্তমান দিহিং পাটকাইত হৈ থকা অবৈধ কয়লা খনন ৰোধ কৰা পৰিৰ্বতে মুক্ত কয়লা খননৰ অনুমতি প্ৰদান কৰাটো সঁচাকৈ নিন্দনীয় ।
জৈৱ বৈচিত্ৰ্যতাৰে ভৰপূৰ উজনি অসমৰ দিহিং পাটকাই অসমৰ গৌৰৱ , অসমীয়া স্বাভিমান , তাত থকা জীৱ-জন্তুবোৰ আমাৰ সন্তানতুল্য । কেৱল অৰ্থনৈতিক মুনাফা লাভৰ স্বাৰ্থত সিহঁতক অঘৰী কৰি হত্যা কৰাটো আমাৰ জীৱ শ্ৰেষ্ঠ মানুহৰ মূৰ্খামিৰ বাহিৰে আন একোৱেই নহ’ব ।
প্ৰকৃতি ধ্বংস কৰাৰ অধিকাৰ আমাৰ নাই , প্ৰকৃতিয়েই আমাৰ জীৱন , প্ৰকৃতিয়েই আমাৰ অস্বিত্ব , প্ৰকৃতি অবিহনে মানৱজাতি জীয়াই থাকিব নোৱাৰে । চৰকাৰলৈ অনুৰোধ কৰিছো মুক্ত কয়লা খনন কৰি দিহিং পাটকাইক ধ্বংস নকৰিব , দিহিং পাটকাইক পূবৰ আমাজন স্বৰূপে জীয়াই থাকিব দিয়ক । অসমৰ প্ৰত্যেকজন লোকক অনুৰোধ কৰিছো দিহিং পাটকাইক ৰক্ষা কৰক , প্ৰকৃতিকো জীয়াই থাকিব দিয়ক ।

প্ৰাণজিৎ কলিতা
গুৱাহাটী বিশ্ববিদ্যালয়

Share কৰক:

1 Comment

  1. সময়োপযোগী লিখনি?

Leave a Reply

Your email address will not be published. Required fields are marked *