মই গুৱাহাটী ফুট পথৰ পৰা কৈছো ” বিচিত্ৰ কুমাৰ বৰুৱা”ই

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা)

 ১

অৱশেষত মোৰ অস্তিত্ব বিচাৰি পালে দুজন সদাশয় লোকে। সেই দিনা গুৱাহাটী মাছখোৱাৰ এটি ব্যস্ত ফুট পথত বহি মই খাদ্য সন্ধানত ৰৈ আছো। এনেতে দুজন ৩০/৩৫ বছৰীয়া যুৱকে মোৰ নাম কৈ আলোচনা কৰিচে ” ক’ত পাম এই বিচিত্ৰ নামৰ বিচিত্ৰ মানুহ জনক” ।
তেওঁলোকৰ কথা শুনি মই হাত বাওল দি মাতি মোৰ পৰিচয় দিলো। তেওঁলোকেও তেওঁলোকৰ উদ্দেশ্যৰ কথা মোক কলে, আৰু তেওঁলোকৰ পৰিচয়ও দিলে… এজন শৰ্মা উপাধিৰ ঔপন্যাসিক, আৰু এজন শইকীয়া উপাধিৰ সাংবাদিক।  তেওঁলোকে মোৰ ভেকুৰে ধৰা জীৱন তেওঁলোকৰ কলমেৰে সমাজত প্ৰচাৰ কৰিব বিচাৰিছে।  মোক যে কোনোবাই বিচাৰি পালে , তাতে মই ধন্য।
মোৰ যি বিচিত্ৰ শিক্ষাৰে এই বিশাল ধৰাখনত লেচেৰী বুটলি অন্য এটি দিশে জীৱনৰ গতি আগবঢ়াই নিব যত্ন কৰিছো এই দুজন ব্যক্তিয়ে ইতিমধ্যে উপলদ্ধি কৰিছে। সেয়ে মই মোৰ জীৱনৰ বাল্য আৰু যৌৱনৰ কিছু কথা লুক -ঢাক নকৰাকৈয়ে বৰ্ননা কৰি কৈ গলো এনেদৰে, ” আজি আহি আহি জীৱনৰ শেষত তোমাক এই কথা নকলে মোৰ জীৱনৰ অধ্যায় কোৱাই আধৰুৱা হব শৰ্মা। মই স্বীকাৰ কৰি যাৱই লাগিব মোৰ জীৱনৰ বিশেষত্ব। ভাগ্যই মোক অহ-ৰহ ঠেলি আছে সেই পৰ্বত সম গহ্বৰলৈ। মানুহৰ জীৱন পৰিত্ৰুমাত যে ইমান নিষ্ঠুৰতা থাকিৱ পাৰে, ইমান বৈষম্য হ’ব পাৰে আজি মই তোমাক বুজাই কম। আৰু মোৰ মাতৃ গৰাকী….. হায় হায় হায় , ক’ত যুগৰ হুমুনিয়াহ একে যুগতে পাৰ কৰিছে । ভাবি আচৰিত হও= মানুহৰ জীৱন ইমান দূৰূহ নে? ইমান প্ৰতিকুল নে?” 

আমাৰ জীৱন ইমান প্ৰতিকুল নে?
তুমি জানা শৰ্মা , এই পৃথিৱী নামৰ গ্ৰহটোতে আমাৰ জন্ম ।এই গ্ৰহটোতে আমি বাস কৰো ।পৃথিৱীৰ সমগ্ৰ মানৱেই এই গ্ৰহত বসতি কৰে , জীৱন নিৰ্বাহ কৰে। সেইটোয়ে সত্য , কিন্তু সেইটো শেষ সত্য নহয় যেন মোৰ ভাৱ হয়। কেতিয়াবা ভাবো, আৰু ভাবিলে গাৰ নোম শিহৰিত হৈ উঠে , মই যেন এই গ্ৰহটোৰ বাসিন্দা হৈও অন্য এটা গ্ৰহত বাস কৰাৰ অনুভৱ কৰিছোঁ ।এই গ্ৰহটো জুইৰ আঙঠাৰে ভৰা। মই সৃষ্টিকৰ্ত্তাক প্ৰশ্ন কৰিব খোজো…. কি অমোঘ বিধানত আমাৰ জন্ম? নীহাৰিকাৰ কি দূৰ্বলৰ বাবে আমাৰ জীৱন ইমান দূৰ্ভীক্ষ? সসাগৰা পৃথিৱীৰ সকলো লগ লাগিও কি আমাৰ দুখ -বেদনা মোচন কৰাৰ সাহস হোৱা নাই। ই কি প্ৰকৃতিৰ নিয়ম? জন্ম মুহুৰ্তৰ পৰাই কি আমাৰ বাবে এক পদ প্ৰযোজ্য? দাৰিদ্ৰতাই কি কোঙা কৰি ৰাখে গৰ্ভতে?
ঈশ্বৰ হেনো অদৃশ্য! কিন্তু ঈশ্বৰ কি জ্ঞান শূন্যওঁ ? মানৱৰ মাজত বৈষম্য আৰম্ভ হয় কি ঈশ্বৰৰ পৰাই ?
কিন্তু মই ভগৱানক প্ৰশ্ন কৰো= মই কি কৰ্মৰ বিনিময়ত জন্ম মুহুৰ্তৰ পৰাই কৰ্মৰ ফল ভোগ কৰিছো? মাতৃৰ গৰ্ভতে মই কি পাপ কৰিলো যে সেই পাপৰ বাবেই মই গাখীৰ বুলি পানীকে খাইছো? কি দোষত বন্দী আমি যে খাদ্যৰ নামত অখাদ্য ভোগ কৰিছো? যাৰ বাবে আমি ফুট পথৰ এক অলাগতীয়াল জীৱ বুলি তোমালোকৰ হাঁহিয়াতৰ পাত্ৰ?
কিন্তু শৰ্মা , মই এইটো কথা বুজিব টান পাইছো, এই যে তুমি তোমাৰ উপন্যাসৰ পটভূমি বিচাৰি মোৰ ওচৰ চাপিলা, তোমালোকৰ সমাজ খনত ইমানবোৰ প্ৰতিভাশীল লোক থকাৰ পিছতো মোৰ দৰে এজন কঙাল ফুটপথৰ ব্যক্তিৰ ওচৰ কিয় চাপিলা? মোৰ দৰে এজন লোকৰ জীৱনী তোমাৰ কিতাপত কোনে পঢ়িব ? তুমি কি মোৰ দুদৰ্শা আৰু ফুটপথৰ অস্বাস্থ্যবোৰ সমাজত দাঙি ধৰি বুজাব বিচাৰিছা নেকি যে মানুহৰ দৰে আৰু কিছু মানুহ ফুটপথত বাস কৰে? নহলে তুমি মোৰ গাত কি এনে ঐশ্বৰিক গুণ দেখিলা , যাৰ বাবে তোমাৰ কিতাপৰ কাহিনীত মোকেই প্ৰথমে নিবাৰ্চিত কৰিলা?

 

 ….কাইলৈ…..

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *